তুমি যাবাগৈ বুলি… (মনচুমি হাজৰিকা)


তুমি যাবাগৈ বুলি জানি
ওৰে ৰাতি দুৱাৰডলিত বহি
পৰ দি আছিলোঁ
তোমাৰ আইয়ে
উকা চাদৰৰ আঁচলেৰে চকুটো
বাৰে বাৰে মচিছিল;
যেন অতীতৰ কুটা এডালে
তেওঁৰ চকুত বৰকৈ আমনি কৰিছিল
মোৰ কপালৰ পুৱাৰ হেঙুল বেলিটি
পশ্চিমৰ আকাশত ডুব যোৱা দেখি
তেওঁ বাৰে বাৰে কঁপিছে….

মই ৰৈ আছোঁ
তোমাৰ শেঁতা পৰা মুখলৈ চাই
ফাগুণে নাঙঠ কৰা
উদং বুকুখন লৈ….
 

3 thoughts on “তুমি যাবাগৈ বুলি… (মনচুমি হাজৰিকা)

  • May 5, 2013 at 4:19 pm
    Permalink

    ভাল লাগিল………সুন্দৰ

    Reply
  • May 18, 2013 at 4:41 pm
    Permalink

    tumar buku udong kori/
    keneke jao?/
    kopalor beli2 dub jowa/
    keneke sao…
    (monsumi hazarika r kobita2 vallagil)

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!