তুমি… সপোন ইত্যাদি…(পৰাগ পিংকু)

তুমি বুলিয়েই জুমি চালোঁ
বুকুত মেঠনী মাৰি
জোন এজনীয়ে
নদীত বুৰ মৰা দেখা পালোঁ।
আকৌ এদিন দেখিলোঁ
মই বগাব নোৱাৰা
সোপান এটাৰে
তুমি জোন হৈয়েই গৈ আছা
উভতি চাওঁতেই দেখিলোঁ
তোমাৰ আঁচল খহা
নাঙঠ
গুলছৰ গোন্ধ বিয়পি পৰিল।
মহুৰা মুখৰ পোন আলিৰে
বৰষুণ এজাকৰ সতে গৈ আছিলা
তুমি তিতা নাছিলা
জহিছিল বৰষুণ
তোমাৰ গাত কিহৰ জুই।
মাজনিশা লুটিয়াই লুটিয়াই
তুমি নাম এটা কোৱা
গাভৰু গা-ভাৰী সপোনত
তুমি বিধ্বস্ত
বাহুৰ মেৰপেচত
এটা গাৰুৰ খচমনি।
ঘৰত কোনো নথকাৰ সুবিধাত
তুমি যে কি নকৰা
দাপোনৰ সমুখত ৰৈ
নিজক চোৱা ওৰণি টানি
বোৱাৰী সপোন
কোন বা আপোন।
চৈ দিয়া গাড়ী এখনত
গৈ আছা তুমি
পাছে পাছে এজাক গান
জোন যেন দিনত
আলিবাটত …
লাই হালে জালে
ফুল চন্দন তুলসী
পদুলীত এশপাহ পদুম ফুলে
জল কুঁৱৰীৰ সপোন এটাই
এনেকৈয়ে পোখা মেলে।
এৰা
তুমি খিৰিকিৰে চালেও
ইমান সপোন উৰে।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!