তেলবিহীন খাদ্যসম্ভাৰ (নৱজিৎ কোঁৱৰ)

মণিপুৰৰ বন্ধু এজনে এবাৰ কোনো তেল মচলা নোহোৱাকৈ মাংস ৰান্ধি খুৱাইছিল। প্ৰথম প্ৰণালীটো জুইত ৰান্ধিলে বেছি ভাল হয়। নববৰ্ষ আৰু মাঘ বিহুৰ লগত সংগতি ৰাখি ৰন্ধন প্ৰণালীটো আগবঢ়ালোঁ:

 

গাহৰিৰ মাংস/কুকুৰা আৰু শুকান জলকীয়াৰ ভাজি:-

 

প্ৰয়োজনীয় সামগ্ৰী:-

 

গাহৰি মাংস (কুকুৰা হ’লেও চলিব), ধনিয়া ২ মুঠি, অলপ পিঁয়াজ, অলপ নহৰু, এটা কাজি নেমু আৰু ১০ টকা মানৰ শুকান জলকীয়া। ১০ টকাৰ শুকান জলকীয়া দেখি ভয় নেখাব কিন্তু!

 

১/ কেৰাহীখন গৰম হ’বলৈ দি গেচটো একেবাৰে ছিমত জ্বলাওক। তাৰপাছত ভালকৈ মাংসখিনি ধুই পানীখিনি বৈ যাবলৈ দি কেৰাহীখনত মাংসখিনি দি দিব আৰু লগে লগে লৰাবলৈ আৰম্ভ কৰি দিব নহ’লে মাংস কেৰাহীত লাগি ধৰি সমস্যাত পেলাব পাৰে। মনত ৰাখিব কেৰাহীত কোনোধৰণৰ তেল থাকিব নেলাগে আৰু পৰাপক্ষত মাংস কম হ’লে ভাল।

 

২/ প্ৰয়োজন অনুযায়ী নিমখ দিয়াৰ পাছত শুকান জলকীয়াখিনি ঠাৰিৰ অলপ আগত চিঙি, ভিতৰত থকা গুটিবোৰ ভালকৈ আতৰাই পেলাওক। ইয়াত অলপ পৰিশ্ৰম হ’ব।

 

৩/ গুটি গুচাই পেলোৱা শুকান জলকীয়াবোৰ ১৫ মিনিটমান পানীত উতলাওক। ইতিমধ্যে আপুনি কিন্তু মাজে মাজে গাহৰি বা কুকুৰা মাংসখিনি লৰাইও থাকিব। আৰু তেতিয়ালৈ কেৰাহীৰ তাপ পাই মাংসৰ পৰাই তেল ওলাই এটা লোভনীয় মনোমোহা ৰূপ লৈছেই।

 

৪/ এইবাৰ উতলোৱা জলকীয়াখিনিৰ পৰা ভালকৈ পানীখিনি চেকি গ্ৰাইণ্ডাৰ বা পটাত পিচি লৈ ভাল এটা পেষ্ট প্ৰস্তুত কৰি ল’ব। ভয় খোৱাৰ ইমান কাৰণ নাই। এই পেষ্টটো দেখাতহে ৰঙা হয় বৰ বিশেষ জ্বলা নহয়।

 

৫/ মাংসখিনি সিজা যেন পালে এই জলকীয়াৰ পেষ্টটো মিলাই প্ৰয়োজন অনুসৰি লৰাই থাকিব। আৰু হৈ গ’ল আপোনাৰ বিনা তেল মচলাৰ মাংস।

 

(বিউটিফিকেশ্যনৰ কাৰণে ওপৰত গোলকৈ কতা পিয়াজ আৰু ধনিয়া দি দিব পাৰে, খৰিচা বা আন কিবা মচলা দি অলপ ব্লেণ্ড কৰিও ল’ব পাৰে। কিন্তু তেতিয়া ইয়াৰ বিশেষত্বটোৱেই নোহোৱা হ’ব)

 

মাংসৰ পিটিকা:-

 

এইবিধ একেবাৰে সহজ। ত্ৰিপুৰাৰ ফালে উভৈনদী বুলিও শুনিছোঁ। প্ৰয়োজনীয় সামগ্ৰী: গাহৰিৰ মাংস, নিমখ, জলকীয়া, পিঁয়াজ, আদা আৰু নহৰু। এটা কাজিনেমু হ’লে ভাল।

 

১/ মাংসখিনি ভালকৈ বইল কৰক। প্ৰেছাৰত বইল কৰিলে ৫-৬ টা হুইছেল মাৰিবলৈ দিব।

২/ হুইচেল যোৱালৈ ২-৪ টা জলকীয়া, ৪-৫ ফোটা নহৰু জুইত পুৰি (অলপ ক’লা পৰাকৈ)ল’ব। তাৰ পাছত

ধনিয়া, জলকীয়া আৰু নহৰুখিনি অলপ খুন্দিব। লক্ষ্য কৰিব যাতে একেবাৰে পিচি নেপেলাব। অলপ গোটা গোটা হৈ থাকিলে ভাল।

৩/ বইল মাংস খিনিৰ পৰা ভালকৈ চেপি চেপি পানীখিনি আঁতৰাই ল’ব। এচকল আদা এচকল ঠাৰি ঠাৰিকৈ মিহিকৈ কাতিব আৰু লগতে এটা পিঁয়াজো মিহি মিহিকৈ কাটি ল’ব।

৪/ এতিয়া আদা নহৰু পিঁয়াজ জলকীয়া আটাইখিনি আলু পিটিকাৰ দৰে পিটিকিব। যেতিয়াকৈ আলু পিতিকাৰ দৰে নহয় পিতিকি থাকিব।

৫/ শেষত অলপ ধনীয়া পাত মিহিকৈ কাটি দিব আৰু অলপ নেমু চেপি দিব।

দেখিবলৈ মনোমোহা নহ’লেও এবাৰ খালে খাই থাকিবলৈ মন যোৱা বিধৰ খাদ্য প্ৰণালী।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!