তেল বিহীন মাছৰ জোল – গীতাশ্ৰী গগৈ

উপকৰণঃ-
১)মাছ ২৫০গ্ৰাম
২)আলু মজলীয়া আকাৰৰ দুটা
৩)বিলাহী দুটা
৪)কেঁচা জলকীয়া
৫)নিমখ
৬)মান ধনিয়া পাত
৭)আদা
৮)নহৰু
৯)পিয়াজ

প্ৰণালী ঃ-
মাছ কেইটা বাচি ভালকে ধুই লব৷ আদা, নহৰু, কেঁচা জলকীয়া, ধনিয়া পাত পিচি লব৷ পিয়াজ মিহিকে কাটি লব৷ আলু আৰু বিলাহী সিজাই লব৷ এটা কেৰাহিত ডেৰ গিলাছ পানী দি গৰম হব দিব৷ পানী গৰম হলে মাছ, সুৱাদ অনুযায়ী নিমখ আৰু পিয়াজখিনি দি উতল আহিব দিব৷ উতল অহাৰ পাছত পিচি লোৱা অন্য সামগ্ৰীখিনি দি আৰু অলপ সময় উতলিব দি নমাই থব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!