তোমালোকৰ অবিহনে মাতৃভূমিৰ নক্সা (মনোহৰ দত্ত)
যাৰ অবিহনে মাতৃভূমিৰ নক্সা
আঁকিব নোৱাৰা তুমি,
তেওঁকেই বিচাৰি
আঁতৰি গ’লা নেকি
জগতৰ মায়া এৰি|
এক আন্তৰিক বান্ধোনে
বান্ধি ৰাখিছিল দুয়োকে|
একেটি মাহতে
দুটি কৰুণ দিনত
দুখৰ বাঁহীত উঠিল উচুপি
এটি গীত আনটি কবিতা|
বিদায় বেলাৰ সেই গীত
আজিনো লিখিব কোনে,
কোনে দিব তাত
সুগভীৰ সুৰ|
অনুভৱৰ সেউজীয়া শব্দ বুটলি
ৰচিব কোনে সেই কবিতা|
এতিয়া মাথো আমাৰ সাৰথি
বহ্নিমান লুইত
আৰু তাৰ দুয়োপাৰৰ
পাহাৰ ভৈয়ামৰ সেউজীয়া|
য’ত আছে দুয়োৰে
সৃষ্টিৰ মন্দিৰ
আৰু তাত আছে জ্বলি
জীৱন জগোৱা বন্তি|
সেই বন্তিৰ পোহৰত
এজনে গীতেৰে দেখুৱাই দিলা
আনজনে কলমেৰে বিচাৰি ফুৰিলা
চিৰ-চেনেহৰ চিৰ-বিনন্দীয়া
চিৰ-প্ৰশান্ত মাতৃভূমিৰ নক্সা|
আঁকিব পাৰিম জানো আমি
তোমালোকৰ অবিহনে মাতৃভূমিৰ নক্সা….
______২৯/১১/২০১১______