তোমাৰ গেঞ্জিৰ ৰং — অতনু ভট্টাচাৰ্য

নৈখনক তুমি ভাল পোৱা৷
চিত্ৰকৰ তুমি। তোমাৰ এখন কেনভাছ লাগে — বিশাল কেনভাছ।

ৰংবোৰে তোমাক মাতে। আকাশৰ ৰং, নদীৰ ৰং, দূৰ দিগন্তৰ ৰং। বৈ যোৱা পানীখিনি তোমাৰ আৰু পানী যেন নালাগে — পানীবোৰ যেন ৰং। বতাহৰ সোঁসোৱনিটো যেন বতাহ নহয়, ৰংহে। নৈপৰীয়া মানুহবোৰে তেওঁলোকৰ মাছ মৰা জালবোৰ ৰ’দত শুকুৱাবলৈ য’ত মেলি দিয়ে, তাৰপৰা অলপ দূৰৰ শিল এচটাত বহি তুমি কেতিয়াবা তোমাৰ সন্মুখৰ বিশাল কেনভাছত আঁকবাক কৰা। তুমি তেতিয়া অকলে।

দূৰৈৰ চাপৰি এটাত এডৰা কঁহুৱা ফুলে। সিটো পাৰৰ টিনপাত লগোৱা জুপুৰিঘৰৰ চালিবোৰৰ দৰে কঁহুৱাডৰা ৰ’দত তিৰবিৰাই জিলিকি উঠে। বতাহত হালিজালি সেই কঁহুৱাবোৰে কিছুমান ৰূপালী ঢৌ পঠিয়াই দিয়ে তোমালৈ — তোমাৰ চকুলৈ। ছাট মাৰি ধৰে — একোবাৰ চকু ছাট মাৰি ধৰে তোমাৰ।

নৈখনে অলপ আগলৈ গৈ এটা ভাঁজ লৈছে। সেইখিনিতে পাৰত এজোপা গছ। কি গছ? গুলঞ্চ? গুলঞ্চজোপাৰ পৰাই চাগৈ ৰৈ ৰৈ চৰাই এজনীয়ে বিনাইছে। সেই মাতটোৱে তোমাৰ শৰীৰত অলপ শিহৰণ সানি দিয়ে। শিহৰণ নহয়, যেনিবা ৰং।

তুমি তাৰ পৰা উঠি আহা। আহি আহি তুমি মূল বাটটোত ভৰি থোৱা। তুমি খোজ কাঢ়িবলগীয়া আছে। ক’ৰবালৈ যাবলগীয়া আছে তোমাৰ। অন্ততঃ তুমি তেনেকৈ ভাবি আহিছিলা৷ এটা পৰিকল্পনা আছিল। তোমাৰ মনত এটা কল্পনা আছিল। তুমি আপোনপহৰা হৈ এবাৰ গুণগুণাই উঠা। এটা মিচিকিয়া হাঁহি খেলি যায় তোমাৰ ওঁঠত।

হঠাৎ ক’ৰবাৰ পৰা ঠিক তেতিয়াই কেইটামান মানুহ আহি থিয় হয় তোমাৰ সন্মুখত। সিহঁত এনেকৈ থিয় যে তুমি আৰু আগবাঢ়িব নোৱাৰা। অসহায় বোধ কৰা তুমি। ইফালে-সিফালে চোৱা। তেতিয়াই এজনে কৈ উঠে — ‘এইফালে চা।’

তুমি সেইফাললৈকে চোৱা। তোমাৰ চকুত পৰে তীক্ষ্ণ এযুৰি চকু, এটা মস্ত ভোটোহা নাক আৰু — আৰু কপালত বন্ধা এডুখৰি পিংগলবৰ্ণ বস্ত্ৰ। কি আচৰিত — আটাইকেইজনৰ কপালত সেই একেই ৰং। তুমি কথাটোৰ তত্ ধৰিব পাৰোঁতে নৌপাৰোঁতে তেওঁলোকে তেওঁলোকৰ এজন ইষ্ট দেৱতাৰ নাম উচ্চাৰণ কৰে। ঠিক উচ্চাৰণ নহয় — চিঞৰ। সেইজনা তোমাৰ চিনাকি দেৱতা। কিন্তু সেইটো যে এটা শ্ল’গান — তুমি নাজানা।

তুমি মনে মনে থাকিলা। এজনে তোমাকো সিহঁতে চিঞৰাৰ দৰে চিঞৰিবলৈ কয়। তুমি নিচিঞৰা। তুমি বোধকৰোঁ লক্ষ্য নকৰিলা যে পিছফালৰ শাৰীত থকা সিহঁতৰ এজনে তাৰ হালধীয়া, দীঘল পাঞ্জাবী চোলাটোৰ জেপৰ পৰা এপাত অস্ত্ৰ উলিয়াই লয়। অৱশ্যে আগফালৰ শাৰীত থকা মানুহ এটাই তাক মৃদু ভৰ্ৎসনা কৰে আৰু বৰ কোমল স্বৰেৰে তোমাক সোধে — ‘গেঞ্জিৰ ৰংটো কি তোমাৰ?’
তুমি নিৰুত্তৰ হৈ ৰোৱা।
‘তুমি এটা নীলা চোলা পিন্ধিছা’ —এজনে কয় —‘নীলা কিয় পিন্ধিছা? তোমাৰ হালধীয়া চোলা নাই?’
‘নাই’ — তুমি অসহায়ভাবে ক’লা
‘কিয় নাই?’ — মানুহজনে সুধিলে — ‘অন্ততঃ মূৰত মাৰি ল’বলৈ হালধীয়া কাপোৰ এডোখৰ?’
তুমি মনে মনে থাকা।
‘নাম কি?’ — এজনে সোধে।
তুমি তোমাৰ নামটো কোৱা — ‘হাৰু।’
‘হাৰু? হাৰু কি?’
তুমি এইবাৰো মনে মনে থাকা।

এনেকুৱাতে হঠাৎ ‘হেই হেই কি কৰা’ বুলি ক’ৰবাৰ পৰা এজাক মানুহ উধাতু খাই আহি উপস্থিত হয় ঘটনাস্থলীত। সিহঁতক দেখি হালধীয়াকেইটাই ফৰিংছিটিকা দিয়ে। তুমি যেন সকাহ পোৱা। এজনে কয় — ‘একো ভয় নাই। আমি আছোঁ।’
আন এজনে কয় —‘তুমি গৈ থাকা। একো কৰিব নোৱাৰে। সিহঁতে তোমাক আৰু একো কৰিব নোৱাৰে।’
আৰু তুমি গৈ থাকিলা। কিছুদূৰ তুমি গৈ থাকিলা তেনেকৈয়ে। তুমি হঠাতে উভতি চাই দেখিলা তোমাৰ পিছে পিছে মানুহ — এইমাত্ৰ লগ পোৱা সেইকেইটা মানুহ।

‘কি লাগে?’ — তুমি সুধিলা। কিন্তু তোমাৰ মাতটো বোধকৰোঁ কোনেও নুশুনিলে। নতুবা নুশুনাৰ ভাও জুৰিলে সিহঁতে। এজনে সুধিলে — ‘তোমাৰ চোলাটোৰ ৰং নীলা কিয়?’
এতিয়াহে তোমাৰ মনত পৰিল যে তোমাৰ এটাই চোলা।
দলটোৰ আন এজনে ক’লে —‘আমাক চোৱা। আমি কি পিন্ধিছোঁ চোৱা।’
তুমি চালা। কি আচৰিত — সিহঁতৰ দলটোৰ আটাইকেইজনৰ চোলাৰ ৰং সেউজীয়া।
এজনে আকৌ ক’লে — ‘তুমি কিয় আমাৰ দৰে সেউজীয়া পিন্ধা নাই? সেউজীয়া হ’ল প্ৰকৃতি। সেউজীয়া হ’ল হাৰমনী, গ্ৰ’থ, ছে’ফটী, ফাৰ্টিলিটী। সেউজীয়া হ’ল অৰণ্য। তুমি অৰণ্য ভাল নোপোৱা? দেশ ভাল নোপোৱা তুমি?’

তুমি বিনয়েৰে ক’লা যে তুমি অৰণ্য ভাল পোৱা। উৰ্বৰতা, বিকাশ, নিৰাপত্তাৰ প্ৰয়োজনৰ কথাও তুমি উপলব্ধি কৰা। কথাটোত সিহঁত পতিয়ন নগ’ল। এজনে ক’লে — ‘তুমি অৰণ্য যদি ভাল পোৱাই তেন্তে সেউজীয়া চোলা কিয় নিপিন্ধা?’
আন এজনে প্ৰশ্নটো অন্য ধৰণে সুধিলে — ‘তুমি আমাৰ দৰে সেউজীয়া চোলা পিন্ধি অৰণ্য ভাল নোপোৱা নেকি?’
তুমি কৈ উঠিলা যে তুমি অৰণ্যও ভাল পোৱা, তুমি নদী আৰু আকাশো ভাল পোৱা।
দলটোৰ কোনোৱে কথাষাৰ মানি ল’ব নোৱাৰিলে। এজনে ক’লে — ‘নহয়, তুমি অৰণ্য বেছি ভাল পাব লাগিব।’
আন এজন ক’লে —‘নদী আৰু আকাশ ভাল পোৱাটো সিমান সুবিধাজনক কথা নহয়।’
এজনে টিটকাৰি মাৰি ক’লে — ‘আব্বে, ই নীলা শিয়াল বে।’
লগে লগে আটাইকেইজনে গিৰ্জনি মাৰি হাঁহি উঠিল। তাৰ মাজতেই তোমাৰ স্বাভিমানটোৱে তোমাৰ কণ্ঠত অলপ শকতি দিলে আৰু তুমি আচম্বিতে কৈ উঠিলা যে তুমি নীলা ভাল পায়েই থাকিবা। সিহঁতৰ আপত্তি থাকিলেও নীলা ৰং ভাল লগাৰ পৰা তোমাক কোনেও বাৰণ কৰিব নোৱাৰে।

আৰু সেই মুহূৰ্ততে ঘটিল ঘটনাটো। মুষ্টিবদ্ধ এখন হাত তোমাৰ মুখৰ ফালে আগবাঢ়ি আহিল। তুমি তৰ্কিব পৰাৰ আগেয়েই এটা প্ৰচণ্ড ঘোচা তোমাৰ নাক আৰু চকুৰ মাজত পৰিল। এসোঁতা তেজ ওলাল নাকেৰে। তোমাৰ জিভাত লুণীয়া লুণীয়া স্বাদ এটা লাগিল। কিন্তু তুমি পৰি নগ’লা। সেই কাৰণে এইবাৰ আন এখন শক্তিশালী হাতৰ মুঠি তোমাৰ কান্ধৰ ফালে আগবাঢ়ি আহিল।

ধামকৈ এটা শব্দ হ’ল। জীপগাড়ী এখনৰ দৰ্জা বন্ধ কৰাৰ শব্দ। এটা হুইছেল বাজি উঠিল। বুটজোতা পিন্ধা কেইটামান খাকী পোছাকৰ মানুহ গাড়ীখনৰ পৰা গিৰিপ্ গিৰিপকৈ নামি আহিল। তাৰে এজনে তোমাক দেখুৱাই আন এজনক ক’লে — ‘ই।’
আন এজন ক’লে — ‘উঠা তাক।’

ইতিমধ্যে সেউজীয়া দলটো তাৰ পৰা আঁতৰি গ’ল। খাকী দলটোক তুমি ক’লা যে তুমি বাটেৰে মাথোন খোজকাঢ়ি গৈ আছিলা।
‘কিয়?’ — এটা খাকী আত্মাই সুধিলে৷
তোমাৰ একো উত্তৰ মনত নপৰিল। আন এজনে সুধিলে — ‘ক’ৰ পৰা আহি আছিলি?’
‘নদীৰ পাৰৰ পৰা’ — তুমি ক’লা।
‘নদীৰ পাৰৰ পৰা?’ — সিহঁত যেন খুব আচৰিত হ’ল। প্ৰশ্নটো সিহঁতে এৰি নিদিলে। সুধিলে — ‘নদীৰ পাৰত কি আছিল? কাৰ লগত আছিলি নদীৰ পাৰত?’
‘অকলে’ — তুমি এটা উত্তৰ দিবলৈ চেষ্টা কৰিলা। সিহঁতে তোমাৰ উত্তৰটো আওকাণ কৰিলে। এজন কঠিন স্বৰেৰে সুধিলে — ‘ড্ৰাগছৰ ধান্দা? মাইকীৰ লেনদেন? হুঁ?’
তুমি নিৰুত্তৰ হৈ ৰ’লা। প্ৰচণ্ড অভিমানত তোমাৰ দুচকুৰে বৈ আহিল দুধাৰি লোতক। তোমাৰ মনত পৰিল যে তুমি তোমাৰ বাটেৰে মাথোন খোজকাঢ়ি গৈ আছিলা।
‘লাফ্ৰা কি?’ — পেটুৱা আৰক্ষী বিষয়া এজনে সুধিলে — ‘সেই সেউজীয়া চোলা পিন্ধা মানুহবোৰৰ লগত তোৰ কি সম্পৰ্ক?’
তুমি মনে মনে থাকিলা। তোমাক লৈ জীপগাড়ীখন সোমাই পৰিল নগৰৰ অন্য এটা বাটত।
বিষয়াজনে আকৌ সুধিলে — ওপৰততো তই এটা নীলা চোলা পিন্ধিছ, ভিতৰত মানুহটো তই সেউজীয়া নেকি? চাওঁ, তোৰ গেঞ্জিৰ ৰংটো?’
শকত চিপাহী এটাই যোগ দিলে — ‘আৰু ছাৰ আণ্ডাৰৱেৰ?’
আটাইকেউজনে খিকখিকাই হাঁহিলে। সেই হাঁহি-খিকিন্দালিৰ মাজত তোমাৰ নিজকে মৰি যোৱা যেন লাগিল। অৱশ্যে ভগৱানৰ অপাৰ দয়া — আক্ষৰিক অৰ্থত কোনেও তোমাৰ কাপোৰ নুখুলিলে। আৰু তুমি স্বস্তিৰ নিশ্বাস পেলালা। তুমি যেন বাচি গ’লা। যেন এবাৰলৈ বাচি যোৱা তুমি।

তোমাক কঢ়িয়াই নিয়া গাড়ীখন থানাৰ চৌহদত যেতিয়া সোমায় তেতিয়া তাত এক অন্য পৰিৱেশ। থানাৰ বাৰাণ্ডাত ভব‍্য-গব‍্য চেহেৰাৰ কেইটামান মানুহ। আৰক্ষী দলটোৰ মনোযোগ নিমিষতে তোমাৰ পৰা তেওঁলোকৰ ফাললৈ স্থানান্তৰিত হয়।

পখৰা স্প’ৰ্টিং পিন্ধা, মেৰুণ ৰঙৰ চোলা পিন্ধা, ছাইৰঙী পেণ্ট পিন্ধা মানুহকেইটাই বিষয়াজনৰ ওচৰত দাখিল কৰে কিছু মৌখিক অভিযোগ। তোমাৰ কাণত উফৰি আহি পৰে কিছু শব্দ — ৰঙা দল, হালধীয়া দল, প্ৰেছাৰ, জবৰদস্তি, বাজাৰ খাৰাপ —
ডেকা আৰক্ষী বিষয়াজনে বিৰক্তি প্ৰকাশ কৰি কয় — ‘ৰিটেন্ দিয়ক।’
নিদিয়ে — কোনেও লিখিত অভিযোগ নিদিয়ে।
তেনেকুৱাতে মেৰুণ ৰঙৰ এজন ভদ্ৰলোকৰ চকুত পৰি যোৱা তুমি। আৰু তেওঁ পৰম বিস্ময়েৰে সোধে — ‘এওঁক আকৌ কিয় এৰেষ্ট কৰিলে ছাৰ? এওঁটো হাৰু। হাৰু আৰ্টিষ্ট।’
‘এৰেষ্ট কৰা নাই’ — বিষয়াজনে যেন সসংকোচে কয় — ‘এনেয়ে আনিছোঁ অলপ কথা-বতৰা পাতিবলৈ। আপুনি চিনি পায়?’

মেৰুণ ৰঙে তাৰ পৰা তোমাক যেন মোকলাই আনে। তুমি কৃতাৰ্থ হোৱা। তুমি যেন বাচি গ’লা — খাকী ৰঙৰ পৰা তুমি যেন এবাৰলৈ বাচি গ’লা। বাটত তেওঁ সোধে — ‘মেটাৰটো কি?’
তুমি তোমাৰ বাটৰ হালধীয়া, সেউজীয়া আৰু খাকীৰ কথা কোৱা। তেওঁ কয় তেওঁৰ বাটৰ বেঙুনীয়া, হালধীয়া, সেউজীয়াৰ কথা।
অস্বস্তি হয়। আশংকা হয়। উদ্বিগ্নতা বাঢ়ি আহে তোমাৰ।
এটা কেঁকুৰিত থিয় হৈ তেওঁ কয় — ‘আজিলৈ এৰিলোঁ ব্ৰাদাৰ।’
আন এটা কেঁকুৰিত থিয় হৈ তুমি ভাবা — এতিয়া ক’লৈ যোৱা যায়? নদী? নে অৰণ্য?

ক্লান্ত হৈ পৰা তুমি। সেয়ে তুমি ঘৰমুৱা হোৱা। নগৰৰ গাতে লাগি থকা বস্তিত তোমাৰ ঘৰ — তোমাৰ জুপুৰিটো।

দিনবোৰ তোমাৰ আশংকা আৰু উদ্বিগ্নতাত কাটে। বাটলৈ ওলাবলৈ তোমাৰ অস্বস্তি হয়।

কিন্তু নৈখনক তুমি ভাল পোৱা। অৰণ্যও ভাল পোৱা তুমি। ৰংবোৰে তোমাক মাতে। আকাশৰ ৰং, নদীৰ ৰং, দূৰ দিগন্তৰ ৰং। তুমি জানা যে তুমি ভাল পোৱা দেশ — তোমাৰ দেশ। কিন্তু তুমি তোমাৰ ধৰণে যে দেশ-নদী-অৰণ্য ভাল পাব নোৱাৰা সেই কথা নাজানা।

দৰিদ্ৰ চিত্ৰকৰ তুমি। তুমি বুজি উঠা যে নদী আৰু অৰণ্য ভাল পাই থাকিলেই তোমাৰ পেটটো নভৰে। তুমি এদিন আকৌ বাটলৈ ওলাই আহা। আৰু আচম্বিতে লগ পাই যোৱা এটা হালধীয়া দলক। দলটোৰ এজনে সোধে — ‘নাম?’
‘হাৰু।’
‘হাৰু কি?’ হাৰু শ্বেখ? হাৰাধন মণ্ডল?’
‘হাৰু আৰ্টিষ্ট’ — সসংকোচে তুমি সিহঁতক কোৱা। তুমি ইয়াকো কোৱা যে এখন বিশাল কেনভাছত ছবি আঁকিবৰ খুব মন তোমাৰ। কিন্তু সদ‍্যহতে তুমি বেনাৰ, ছাইনব’ৰ্ড আঁকা। বাটৰ কাষৰ ওখ হৰ্ডিংবোৰত ওলমি ওলমি ৰং কৰা তুমি। তাতো এতিয়া তোমাৰ মন্দা বজাৰ। সৰ্বত্ৰ এতিয়া ডিজিটেল দুনীয়া — কোৰেল্ ড্ৰ’–ফটোশ্বপ্–ফ্লেক্স্।

এজনে সুধিলে — ‘ক’লৈ যাবি?’
আন এজনে সুধিলে — ‘কোনটো বাটেৰে আহিলি?’
তুমি মনে মনে থাকিলা। তুমি মনে মনে থাকা।
এজনে যথেষ্ট আত্মবিশ্বাস আৰু বলিষ্ঠ কণ্ঠস্বৰেৰে ক’লে — ‘হালধীয়া বাটটোৰে যোৱা। হালধীয়া বাটত থাকে সুখ আৰু ঐশ্বৰ্য‍-বিভূতি। হালধীয়া হ’ল ইনটেলেক্ট্, অ’নাৰ, লয়ল্টী, অপটিমিজিম্। বিচক্ষণ মানুহে সেইটো বাটেৰে যায়।’
কণ্ঠটোৱে তোমাৰ দৃষ্টি টানি নিয়ে। পৰম আশ্চৰ্যৰে তুমি মানুহটোলৈ চোৱা। চিনি পোৱা — তুমি চিনি পোৱা তেওঁক। অস্, এইটো মানুহেইতো সিদিনা আছিল সেউজীয়া দলটোৰ একেবাৰে সন্মুখত। তেঁৱেইতো কৈছিল —‘তুমি আমাৰ দৰে সেউজীয়া চোলা নিপিন্ধা কিয়?’

বিভ্ৰান্ত হোৱা তুমি। বিভ্ৰান্ত হয় তোমাৰ বস্তিৰ মানুহ। তোমালোকৰ কমিউনিটী চেণ্টাৰৰ টিভিত ৰাতি ৰাতি টক্-শ্ব’ চোৱা। ৰঙা, সেউজীয়া, হালধীয়া, মটীয়া। একোবাৰ সেউজীয়া ৰংটোৱে টিভিৰ পৰ্দাখন ছানি ধৰে। একোবাৰ হালধীয়া ৰংটো উদ্ভাসিত হয়। ৰঙাই সমগ্ৰ শক্তিৰে হালধীয়াক ধৰাশয়ী কৰিব খোজে। তাকে কৰিবলৈ ৰঙাই সহায় লয় সেউজীয়াৰ, যি আছিল এদিন ৰঙাৰ দুৰ্ঘোৰ শত্ৰু।
হালধীয়াই চিঞৰি কয় — ‘আপোনালোকক ঠিক চিনি পাওঁ আমি। ইয়াত ৰঙা নচলিব। ৰঙা আমি চলিব নিদিওঁ।’
ৰঙাই চিঞৰি উঠে — ‘আপুনিতো এদিন বেঙুনীয়া আছিল।’
মটীয়াই কয় — ‘ৰঙা সুবিধাবাদী।’
হালধীয়াই কয় — ‘ইহঁত চোৰ। সিহঁত দালাল।’
ৰঙাই আপত্তি কৰি উঠে। ডাঙৰ ডাঙৰ কিতাপ আৰু চন-তাৰিখৰ উদ্ধৃতিৰে ৰঙাই কয় যে ৰঙা সঁচা, ৰঙা নিৰ্ভুল, ৰঙাই প্ৰমাণিত পথ।

ৰংবোৰে তোমাক আমনি কৰে।
নহয়, ৰংবোৰে তোমাক আতংকিত কৰে। তোমালোকৰ বস্তিৰ প্ৰতিজন মানুহ আতংকিত হোৱা বজাৰত, বাছষ্টেণ্ডত, মন্দিৰ-মছজিদ-গুৰুদ্বাৰৰ প্ৰাংগণত, টিভিৰ পৰ্দাত, খবৰ-কাগজৰ পৃষ্ঠাত, ফে’চবুকত — তোমালোকৰ চৌপাশে ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া, মটীয়া ৰঙৰ চোলা পিন্ধা অজশ্ৰ মানুহ ঘূৰি থাকে। তোমাৰ বাটৰ প্ৰত‍্যেকটো কেঁকুৰিত একো একোজন ভয়ংকৰ ৰঙীন চোলা পিন্ধা মানুহ।

সেউজীয়া চোলা পিন্ধা মানুহটোৱে তোমাক কৰ্কশ স্বৰেৰে সোধে — ‘নাম?’
উগ্ৰ হালধীয়া চোলা পিন্ধা মানুহটোৱে তোমাক কোমল কণ্ঠেৰে সোধে — ‘নাম?’
টিকটিকীয়া ৰঙা চোলা পিন্ধা মানুহটোৱে তোমাৰ মূৰত হাত ফুৰাই সোধে — ‘নাম?’

তোমাৰ নাম হাৰু শ্বেখ বা হাৰুন ৰশ্বিদ হ’লে তোমাৰ গল্পটো এক ধৰণৰ হ’ব। তোমাৰ নাম হাৰাধন মণ্ডল হ’লে তোমাৰ গল্পটো হ’ব অলপ বেলেগ ধৰণৰ। হৰিশ কলিতা নতুবা হৰেণ শৰ্মা হ’লে তোমাৰ গল্পটো হৈ পৰিব একেবাৰেই অন্য ধৰণৰ।

তোমাৰ নামটো তুমি স্পষ্টকৈ ক’ব নোৱাৰা। কাৰণ তুমি নাজানা তেওঁলোকে জেপত কি সুমুৱাই থৈছে। তুমি নাজানা — চোলাবোৰৰ তলত তেওঁলোকৰ গেঞ্জিৰ ৰং কি?

হাৰু, হাৰু আৰ্টিষ্ট, অকণমান জিৰাই লোৱা। কাইলৈ আকৌ খোজকাঢ়িব লাগিব — খাওঁ খাওঁ মূৰ্তি ধৰি অহা ৰ’দজাক মূৰত লৈ এটা দীঘল, কঠিন বাট।■ ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!