ত্ৰিকুব পদ্ধতি: ইউনিক’ডত লিখা অসমীয়া শব্দ বা বাক্যৰ শৃংখলীকৰণৰ এটা সহজ পদ্ধতি : ত্ৰিদীপ কুমাৰ বৰুৱা

 

(খণ্ড ১)

ভাষা সংযোগৰ বাহক। বৰ্তমান পৃথিৱীৰ সংযোগ-ক্ষেত্ৰখনত ইণ্টাৰনেট দ্ৰুত উন্নতি লাভ কৰা এক প্ৰামাণ্য সংযোগ মাধ্যম। অসমীয়া ভাষায়ো আধুনিক এই সংযোগ মাধ্যমক আঁকোৱালি লৈ আগবাঢ়িব লাগিব। ইউনিক’ড ব্যৱস্থাৰে প্ৰায়বোৰ ভাষাতে কম্পিউটাৰ বা যিকোনো ইলেকট্ৰনিক মাধ্যমত লিখা-মেলা আৰু তথ্য-পাতি সংৰক্ষণ কৰা সম্ভৱ হৈ পৰিছে। ইউনিক’ড প্ৰায় সকলোবিলাক আধুনিক ‘অপাৰেটিং ছিষ্টেম’ত (OS) অন্তৰ্ভুক্ত হৈছে আৰু ভবিষ্যতে ভাষা-প্ৰযুক্তিৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। ইউনিক’ড পদ্ধতিয়ে ভাৰতৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাত ইলেকট্ৰ’নিক মাধ্যমত লিখা-পঢ়া কৰা তথা তথ্য আদি সংৰক্ষণ কৰা সম্ভৱ কৰি তুলিছে। সম্প্ৰতি ইউনিক’ড মাধ্যমেৰে অসমীয়া লিখা মেলাই কিছু পৰিমাণে প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে, আৰু ইণ্টাৰনেটত ধীৰে ধীৰে অসমীয়া সমলৰ পৰিমাণো বাঢ়ি অহা পৰিলক্ষিত হৈছে। ইউনিক’ডৰ সহায়ত লিখা মেলা কেনেকৈ কৰিব লাগে সেই বিষয়ে আজিকালি তথ্য-প্ৰযুক্তিৰ লগত জড়িত ব্যৱহাৰকাৰীয়ে কিছু নহয় কিছু পৰিমাণে জানে। ভবিষ্যতে ইউনিক’ড পদ্ধতিৰ ব্যৱহাৰ কেৱল লিখা-মেলা কৰাতে (অনলাইন) সীমাবদ্ধ নাথাকি ইয়াৰ পৰিসৰ বহু বৃদ্ধি পাব। অনাগত ভৱিষ্যতত ইণ্টাৰনেটৰ বহুল প্ৰয়োগৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুপাতে ইউনিক’ড ব্যৱস্থাও যে অপৰিহাৰ্য হৈ পৰিব সেইটো ধাৰণা কৰিব পাৰি। ইউনিক’ডৰ ব্যৱহাৰ কেৱল লিখা-মেলাতে সীমাবদ্ধ নাথাকে, ভাষা-প্ৰযুক্তিৰ বিভিন্ন দিশ যেনে তথ্য-সংৰক্ষণ আৰু পুনঃ-সন্ধান, আদিৰ বাবেও ই অপৰিহাৰ্য।

ইউনিক’ড পদ্ধতিৰ মূল শক্তিয়েই হৈছে একেখন সাৰ্বজনীন তালিকাৰে বিভিন্ন লিপিৰ ব্যৱহাৰ সম্ভৱ কৰি তোলা। এক সাৰ্বজনীন তালিকা ব্যৱহৃত হয় বাবে একে সময়তে বিভিন্ন ভাষাৰ কাম ইউনিকোডৰ জৰিয়তে সম্ভৱ, যেনে বিশ্বৰ বিভিন্ন ভাষাৰ বিভিন্ন তথ্য একেটা তথ্যভাণ্ডাৰ-ব্যৱস্থাত (Database System) একেলগে সংৰক্ষণ আৰু পুনঃ-সন্ধান কৰা সম্ভৱ হৈ উঠিছে। তথ্য-প্ৰযুক্তিৰ যোগেদি কেৱল তথ্য বিলাক সংৰক্ষণ কৰি ৰাখিলেই সমাজৰ বাবে বিশেষ লাভৱান নহয়, যেতিয়ালৈকে এই তথ্য বিলাক প্ৰণালীৱদ্ধ আৰু শৃংখলিত ভাৱে ব্যৱহাৰযোগ্য অৱস্থাত সন্ধান কৰিব পৰা নাযায়। যদিও বৰ্তমান বহুলভাৱে প্ৰচলিত তথ্যভাণ্ডাৰ-ব্যৱস্থাসমূহত (Database System) আৰু প্ৰগ্ৰামিং লেংগুৱেজত (Computer Programming Language) বিশ্বৰ বহুতো ভাষাত সংৰক্ষিত তথ্য আদিক সঠিক ভাবে শৃংখলীকৰণৰ ব্যৱস্থা আছে, কিন্তু ভাৰতৰ আঞ্চলিক ভাষা সমূহত লিখা শব্দ বা বাক্য বিলাকক এই ব্যৱস্থা বিলাকত সঠিকভাৱে শৃংখল কৰিব পৰাৰ সুবিধা উপলব্ধ নহয়। সেইবাবে ভাৰতীয় আঞ্চলিক ভাষা সমূহত লিখা শব্দ বা বাক্য বিলাক শৃংখলিত অৱস্থাত পুনঃসন্ধান কৰা অতি কঠিন কাম হৈ আছে। বিশ্বৰ যিকোনো আগশাৰীৰ তথ্যভাণ্ডাৰ-ব্যৱস্থাত আৰু Programming Languageত শব্দ শৃংখল কৰিব পৰা অতি ক্ষমতাশালী আৰু কাৰ্যদক্ষ প্ৰণালী (algorithm) সন্নিবিষ্ট কৰা থাকে, কিন্তু এই প্ৰণালী বিলাকে কেৱল ৰোমান লিপিত লিখা শব্দ বা বাক্যহে সঠিক ভাবে শৃংখল কৰিব পাৰে।

ভাৰতীয় আঞ্চলিক ভাষা সমূহত লিখা শব্দ বা বাক্য বিলাক শৃংখলিত কৰাত ওপৰত উল্লেখ কৰা সমস্যাতো সমাধা কৰিবৰ বাবে এটা অতি সহজ পদ্ধতি বিকাশৰ আৱশ্যকতা অনুভৱ কৰি এটা পদ্ধতি বিকাশ কৰাৰ প্ৰয়াস কৰিছোঁ। যিহেতু বিশ্বৰ বেছিভাগ আগশাৰীৰ তথ্যভাণ্ডাৰ–ব্যৱস্থা আৰু Computer Programming Languageযে ‘ৰোমান’ লিপিত লিখা শব্দ বা বাক্য সঠিক ভাবে শৃংখল কৰিব পাৰে সেয়েহে ৰোমান লিপি ব্যৱহাৰ কৰি ভাৰতীয় আঞ্চলিক ভাষা সমূহত লিখা শব্দ বা বাক্য বিলাক শৃংখল কৰিব পৰা এটা পদ্ধতিৰ বিতং বিৱৰণ ইয়াত আগবঢ়োৱা হৈছে।

 

ভাৰতীয় আঞ্চলিক ভাষাৰ শব্দ শৃংখল পদ্ধতি (ত্ৰিকুব পদ্ধতি)

ভাৰতীয় আঞ্চলিক ভাষাৰ শব্দ শৃংখল কৰিবলৈ প্ৰথমে ভাষাটোৰ শব্দসমূহক ৰোমান লিপিৰ এক সংকেতলৈ (code) পৰিৱৰ্তন কৰি লোৱা হৈছে। এই পদ্ধতিৰ সুবিধা হৈছেঃ যিহেতু, ৰোমান লিপিৰ বাবে সুদ্ক্ষ শৃংখল ব্যৱস্থা ইতিমধ্যেই তথ্যভাণ্ডাৰ ব্যৱস্থাত সন্নিৱিষ্ট কৰা আছে, সেয়ে তথ্য-ভাণ্ডাৰ ব্যৱস্থাৰ কোনো সাল-সলনি নকৰাকৈ ভাৰতীয় ভাষাৰ বাবেও শৃংখল ব্যৱস্থাটো ব্যৱহাৰ কৰিব পৰা হ’ব।

বিতং আলোচনাৰ বাবে ভাৰতীয় আঞ্চলিক ভাষাৰ বাবে অসমীয়া ভাষাটোক উদাহৰণ হিচাপে লোৱা হৈছে। উদাহৰণ স্বৰূপে, আমি উদ্ভাৱন কৰা ‘ত্ৰিকুব ব্যৱস্থা’ত ব্যৱস্থাত অসমীয়া ‘কাম’ শব্দটোৰ ‘ৰোমান’ লিপিৰে গঠিত সাংকেতিক শব্দ হ’ব ‘qksgrj’, ‘কল’ শব্দটোৰ কাৰণে হ’ব ‘qkrn’ ইত্যাদি। ‘ত্ৰিকুব পদ্ধতি’ত অসমীয়া ভাষাৰ শব্দ বা বাক্য বিলাকৰ ‘ৰোমান’ লিপিৰে গঠিত সাংকেতিক শব্দ কেনেদৰে নিৰ্ণীত হয়, সেই বিষয়ে তলত আলোচনা কৰা হৈছে।

অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাত লিখা শব্দ বা বাক্যৰ ‘সাংকেতিক শব্দ’ নিৰূপন কৰিবলৈ সেই ভাষাৰ বৰ্ণমালাৰ প্ৰতিতো বৰ্ণৰ কাৰণে একো একোটা ‘ৰোমান’ লিপিৰ সমষ্টি ধাৰ্য্য কৰি লোৱা হৈছে। যেনে ‘অ’ৰ কাৰণে ‘pt’, ‘আ’ৰ কাৰণে ‘pu’, ‘া’ৰ কৰণে ‘sg’ ইত্যাদি। এইদৰে অসমীয়া বৰ্ণমালাৰ প্ৰতিটো বৰ্ণৰ কাৰণে একোটা ‘ৰোমান’ লিপিৰ সমষ্টি ধাৰ্য্য কৰি অসমীয়া লিপিৰ শব্দ বা বাক্য বিলাকৰ ‘সাংকেতিক শব্দ’ গঠন কৰা হৈছে। এই ‘সাংকেতিক শব্দ’ বিলাক তথ্যভাণ্ডাৰ–ব্যৱস্থা বা Computer Programming Languageৰ ব্যৱহাৰ কৰি অতি সহজে শৃংখল কৰিব পৰা যায় আৰু এই ‘সাংকেতিক শব্দ’ৰ লগতে অসমীয়া শব্দ বা বাক্য বিলাকো শৃংখলিত হৈ পৰিব। তলত কেইটামান শব্দৰ ‘সাংকেতিক শব্দ’ উলিয়াই শৃংখল কৰিলে তাৰ ফলাফল কি হ’ব, দেখুওৱা হৈছেঃ

কাম, থাল, কল, আম

অসমীয়া কেইটামান বৰ্ণৰ ৰোমান সংকেত হৈছেঃ আ = pu, ক = qk, ম = rj, ল = rn, া = sg আৰু থ = rb

এতিয়া, ওপৰত দিয়া শব্দকেইটাৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ কেইটা তলত দিয়া ধৰণৰ হ’বঃ

কাম = qksgrj

থাল = rbsgrn

কল = qkrn

আম = purj

এতিয়া ওপৰৰ অসমীয়া লিপিৰ শব্দকেইটাৰ পৰা পোৱা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ কেইটা যদি যিকোনো শব্দ-শংখল কৰিব পৰা প্ৰ’গ্ৰামলৈ (উদাহৰণঃ Ms-Excel) নি শৃংখল (sorting) কৰা হয়, তেন্তে ফলাফলত ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ কেইটাৰ ক্ৰম puri, qkrm, qksgri, rasgrm এনেধৰণৰ হ’ব৷ এতিয়া এই ক্ৰমত অসমীয়া শব্দকেইটা সজালে তলত দিয়া ধৰণৰ ফলাফল পোৱা যাবঃ

purj = আম

qkrn = কল

qksgrj = কাম

rbsgrn = থাল

ৰোমান সংকেতৰ সহায়েৰে ইয়াত অসমীয়া শব্দকেইটা সম্পূৰ্ণ শৃংখলিত হৈ পৰিছে। ওপৰৰ উদাহৰণটোৰ পৰা দেখা যায় যে অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাত লিখা শব্দ বা বাক্যবিলাকৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰি যিকোনো প্ৰ’গ্ৰেমত (program) কামৰ বাবে সহজে শৃংখল কৰিব পৰা যাব, আৰু ইয়াৰ বাবে মূল  প্ৰ’গ্ৰেমটোতো কোনো সালসলনিৰ প্ৰয়োজন নাথাকে।

 

‘ত্ৰিকুব পদ্ধতি’ত বৰ্ণমালাৰ প্ৰতিটো বৰ্ণৰ কাৰণে দুটা ৰোমান লিপিৰ সমষ্টি ধাৰ্য কৰা হৈছে। অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাৰ বৰ্ণমালাৰ বৰ্ণ এটা সাধাৰণ স্থানত ব্যৱহাৰ হোৱাৰ হ’লে তাৰ সংকেত আৰু সেই একেটা বৰ্ণই যুক্তাক্ষৰত ব্যৱহাৰ হ’লে তাৰ সংকেত বেলেগ হ’ব। উদাহৰণ স্বৰূপে ‘ক’ টো যদি এটা শব্দ বা বাক্যত সাধাৰণভাৱে ব্যৱহাৰ হয় তেতিয়া ‘ক’ৰ সংকেত হ’ব ‘qk’, আনহাতে যুক্তাক্ষৰৰ অংশ হিচাপে ব্যৱহৃত ‘ক’ৰ বাবে সংকেত ‘qK’ হ’ব। তলত ‘ত্ৰিকুব পদ্ধতি’ত অসমীয়া লিপিৰ প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ সম্পূৰ্ণ তালিকাখন দিয়া হ’ল।

 

বৰ্ণমালা সাধাৰণ যুক্তাক্ষৰ বৰ্ণমালা সাধাৰণ যুক্তাক্ষৰ বৰ্ণমালা সাধাৰণ যুক্তাক্ষৰ
po po pO pO Po Po
PO PO pp Pp pP pP
Pp Pp PP PP pq Pq
pQ pQ pr pr
pt pT pu pU pv pV
pw pW px pX py pY
pz pZ qa qA qb qB
qc qC qd qD qe qe
qf qf qg qg
qk qK ql qL qm qM
qn qN qo qO qp qP
qq qQ qr qR qs qS
qt qT qu qU qv qV
qw qW qx qX qy qY
qz qZ ra rA rb rB
rc rC rd rD re rE
rf rF rg rG rh rH
ri rI rj rJ rk rK
rl rL rm rL rn rN
ro rO rp rP rq rQ
rr rR rs rS ক্ষ rt rT
ড় ru rU ড় ru rU ঢ় rv rV
ঢ় rv rV য় rw rW য় rw rW
sg sg ি sh Sh si Si
sj sj sk Sk sl Sl
sm sm sn Sn so So
ে+া so so sp Sp sq Sq
ে+ৗ sq sq

 

ওপৰৰ তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া শব্দকেইটাৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ দেখুওৱা হৈছে৷ এই তালিকাখনৰ বৰ্ণ ক্ৰম হেমকোষ অভিধানে অনুকৰণ কৰা বৰ্ণ ক্ৰমৰ সৈতে একে৷

 

উদাহৰণ স্বৰূপে ওপৰৰ তালিকাখন ব্যৱহাৰ কৰি কেইটামান শব্দৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ দিয়া হলঃ

মহাবিদ্যালয়ৰ = adrjrssgrhshrcrKsgrnrwrl

ডিব্ৰুগড় = adqwshrhrLsjqmru

পালেঙ = adrfsgrnsmqo

অভিযান্ত্ৰিক = adptrishrksgrerArLshqk

সাহাৰ্য্য = adrrsgrssgrlrKrK

গৱেষণা = adqmrosmrqqysg

মাজত  = adrjsgqrra

 

MS-Excel-লত ওপৰৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ বিলাক শৃংখল কৰিলে তলত দিয়া ক্ৰমত পোৱা যাবঃ

adptrishrksgrerArLshqk  = অভিযান্ত্ৰিক

adqmrosmrqqysg = গৱেষণা

adqwshrhrLsjqmru = ডিব্ৰুগড়

adrfsgrnsmqo = পালেঙ

adrjrssgrhshrcrKsgrnrwrl = মহাবিদ্যালয়ৰ

adrjsgqrra = মাজত

adrrsgrssgrlrKrK = সাহাৰ্য্য

 

লিপিৰ আখৰৰ মান নিৰ্ণয় পদ্ধতি

ওপৰৰ তালিকাখনত এটা কথা মন কৰিবলগীয়া যে ‘অ’ৰ মান ‘aa’ পৰা নিৰ্ধাৰণ নকৰি ‘অ’ৰ মান ‘pt’ পৰা ধাৰ্য কৰা হৈছে। অসমীয়া বৰ্ণমালাৰ বৰ্ণ বিলাকৰ মান নিৰ্ণয় কৰাত অনুকৰণ কৰা পদ্ধতিৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

ইউনিক’ড ব্যৱস্থাত ‘বঙালী আৰু অসমীয়া লিপি’ৰ পৰিসৰ হ’ল 0980h পৰা 09FFh লৈ। 0980h, 0981h …. 09FEh, 09FFh আদি হ’ল ১৬ (ষোল্ল) ভূমিৰ সংখ্যা পদ্ধতি (base 16) বা Hexadecimal সংখ্যা। ১০ ভূমিৰ সংখ্যা পদ্ধতি (base 10 বা decimal) মতে এই অসমীয়া লিপিৰ পৰিসৰ হ’ব 2432 পৰা 2559 লৈ। ‘ত্ৰিকুব পদ্ধতি’ত অসমীয়া লিপিৰ মান নিৰূপণ কৰোতে ইউনিক’ড ব্যৱস্থাত অসমীয়া লিপিৰ পৰিসৰটো ব্যৱহাৰ কৰা হৈছে যদিও এটা বেলেগ ভূমিৰ (base) সংখ্যা পদ্ধতি ব্যৱহাৰ কৰা হৈছে৷ এই নতুন সংখ্যা পদ্ধতিটো হ’ল ২৬ ভূমিৰ সংখ্যা পদ্ধতি (base 26)। এই পদ্ধতিটোত ব্যৱহাৰ কৰা হৈছে ৰোমান লিপিৰ ‘a’ পৰা ‘z’ লৈ আখৰকেইটা। এই সংখ্যা পদ্ধতিটোৰ আৰু এটা বৈশিষ্ট হ’ল যে এই পদ্ধতিত প্ৰতিটো সংখ্যা চাৰিটা (৪) আখৰৰে গঠিত হয়। উদাহৰণ স্বৰূপে 0 = aaaa, 1 = aaab, 2 = aaac, 3 = aaad ইত্যদি। এই পদ্ধতি অনুসৰণ কৰি যদি ২৪৩২ (2432 বা 0980h) মান উলিওৱা হয় তেতিয়া ইয়াৰ মান ‘adpo’ হ’ব আৰু ২৫৫৯ (2559 বা 09FFh)ৰ মান ‘adul’ হ’ব। ২৬ ভূমিৰ সংখ্যা পদ্ধতি ব্যৱহাৰ কৰি ইউনিক’ড ব্যৱস্থাত অসমীয়া লিপিৰ পৰিসৰৰ বাবে পোৱা  ‘adpo’  পৰা ‘adul’-লৈ মানবিলাকৰ প্ৰথম আখৰ দুটা (‘ad’) একে (common) হোৱা বাবে সেই দুটা বাদ দি অকল ‘po’ পৰা ‘ul’ -লৈ মানখিনি ব্যৱহাৰ কৰা হৈছে আৰু একে আখৰ দুটা(‘ad’) (common) প্ৰতিটো অসমীয়া শব্দ বা বাক্যৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ বিলাকৰ আগত সংযোগ কৰি দিয়া হয়। উদাহৰণ স্বৰূপে ওপৰত দিয়া তালিকাখন ব্যৱহাৰ কৰি ‘মহাবিদ্যালয়’ক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ উলিয়ালে ‘rjrssgrhshrcrKsgrnrw’ পোৱা যাব৷ এতিয়া ‘rjrssgrhshrcrKsgrnrw’ আগত ‘ad’ লগাই দিলে ‘মহাবিদ্যালয়’ক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’টো ‘adrjrssgrhshrcrKsgrnrw’ হৈ পৰিব। এই পদ্ধতি ব্যৱহাৰ কৰাৰ মূল কাৰণ হৈছে ভবিষ্যতে এই শব্দ শৃংখল পদ্ধতিত নতুন ভাষা অন্তৰ্ভুক্ত কৰোঁতে বৰ্ণমালাৰ মান (ৰোমান লিপিৰ সমষ্টি) চয়ন কৰোতে অসুবিধা নহ’ব আৰু লগতে বিভিন্ন ভাষাৰ বৰ্ণমালাৰ মানবোৰৰ মাজত সংঘৰ্ষ (conflict) হোৱাৰ পৰা বাচি থাকিব পৰা যাব।

বৰ্ণমালাৰ আখৰৰ ওজনঃ

‘ত্ৰিকুব শব্দ শৃংখল পদ্ধতি’ত বৰ্ণমালাৰ প্ৰতিটো বৰ্ণৰ ব্যৱহাৰৰ স্থান বা ধ্বনি অনুযায়ী তাৰ ওজন সলনি কৰিব পাৰি। যেনে, এটা বৰ্ণ সাধাৰণভাৱে ব্যৱহাৰ হোৱা আৰু যুক্তাক্ষৰত ব্যৱহাৰ হোৱাৰ মাজত বৰ্ণটোৰ ওজন পৰিবৰ্তন হয়। যুক্তাক্ষৰত ব্যৱহাৰ হ’লে বৰ্ণএটাৰ তাৰ ওজন বেছি হ’ব। এই পদ্ধতি অনুসৰি যিকোনো এটা বৰ্ণৰ সাধাৰণতে চাৰিটা (4) ওজন ধাৰ্য কৰিব পৰা যায়। উদাহৰণ স্বৰূপে, ‘ক’ৰ মান যদি ‘qk’ হয় ‘ক’ক দিব পৰা চাৰিটা (4) ওজন হ’ব ‘qk’, ‘qK’, ‘Qk’, ‘QK’; ইয়াত qk < qK < Qk < QK হ’ব। অৰ্থাৎ ‘qk’ৰ ওজন আটাইতকৈ কম আৰু ‘QK’ৰ ওজন সৰ্ব্বোচ্চ হ’ব। এতিয়া ‘খ’ৰ মান যদি ‘ql’ হয় তেতিয়া ‘খ’ৰ চাৰিটা (4) ওজন ‘ql’, ‘qL’, ‘Ql’, ‘QL’ হ’ব কিন্তু ‘ক’ৰ ওজন সদায় ‘খ’তকৈ কম থাকিব (qk < qK < Qk < QK < ql < qL < Ql < QL)। ত্ৰিকুব শব্দ শৃংখল পদ্ধতিত বৰ্ণমালাৰ বৰ্ণৰ ব্যৱহাৰৰ স্থান বা ধ্বনি অনুযায়ী তাৰ ওজন সলনি কৰি শব্দৰ স্থান সলনি কৰিব পৰা যাব।

সেইবাবে ত্ৰিকুব শব্দ শৃংখল পদ্ধতিত এটা বৰ্ণৰ সাধাৰণ ভাবে ব্যৱহাৰ হোৱা আৰু যুক্তাক্ষৰত ব্যৱহাৰ হোৱাৰ মাজত বৰ্ণটোৰ ওজন পৰিৱৰ্তন কৰা হৈছে। এনে কৰাৰ ফলত, উদাহৰণ স্বৰূপে, ‘কক’(qkqk) কৈ ‘ক্ক’(qKqK) ৰ ওজন বেচি হ’ব আৰু ‘ক্ক’ টো সদাই ‘কক’ৰ তলত স্থান পাব।

 

ত্ৰিকুব শব্দ শৃংখল পদ্ধতিৰ দুটা বিশেষ শৈলীঃ

ত্ৰিকুব শব্দ শৃংখল পদ্ধতিত দুটা বেলেগ বেলেগ শৈলীৰে অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাত লিখা শব্দ বা বাক্যবিলাকক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰি দুটা ভিন্ন শব্দ শৃংখল ক্ৰম পাব পৰা যায়।

শৈলী ১:

ত্ৰিকুব শব্দ শৃংখল পদ্ধতিৰ প্ৰথম শৈলী অনুযায়ী অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাত লিখা শব্দ বা বাক্যবিলাকক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰোঁতে শব্দ বা বাক্যটোত থকা স্বৰবৰ্ণৰ যৌগিক চিহ্নবিলাক নিজৰ নিজৰ স্থানত থাকে। যেনে া, ি, ী, ে, ো, ু, ূ, ৈ, ৌ আদি স্বৰবৰ্ণৰ যৌগিক চিহ্ন বিলাকক  নিজৰ নিজৰ স্থানতে ৰখা হয়। উদাহৰণ স্বৰূপে ‘কিমান’ শব্দটো লোৱা যাওক; প্ৰথম শৈলী অনুযায়ী ‘কিমান’ শব্দটোক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰিলে তলত উল্লেখ কৰা দৰে হ’বঃ

যিহেতু ক=qk + ি=sh + ম=rj + া=sg + ন=re গতিকে ‘কিমান’ শব্দটোক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ টো ‘adqkshrjsgre’ হ’ব। ইয়াত ‘কিমান’ শব্দটোৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰোতে শব্দটোত থকা ‘ি’ আৰু ‘া’ স্বৰবৰ্ণৰ যৌগিক চিহ্ন কেইটাৰ স্থান সলনি হোৱা নাই। এই উদাহৰণটোত গঠন কৰা ‘সাংকেতিক শব্দ’ ‘adqkshrisgrd’টোৰ প্ৰথম আখৰ দুটা হ’ল অসমীয়া লিপিৰ বাবে ধাৰ্য উমৈহতীয়া (Common) সংকেত ‘ad’.

কথা, কল, কাম, কলম, কলহ এই শব্দকেইটা ত্ৰিকুব পদ্ধতিৰ প্ৰথম শৈলী অনুযায়ী শৃংখল কৰিলে শব্দকেইটাৰ শৃংখলিত ক্ৰম হ’বঃ কথা, কল, কলম, কলহ, কাম।

এই ‘ত্ৰিকুব’ শব্দ শৃংখল পদ্ধতিৰ প্ৰথম শৈলী অনুযায়ী শব্দ বা বাক্যৰ ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰি শৃংখল কৰিলে স্বৰবৰ্ণৰ যৌগিক চিহ্ন ব্যৱহাৰ নথকা শব্দ বা বাক্য বিলাক প্ৰথমে আহিব আৰু যিবিলাক শব্দ বা বাক্যত স্বৰবৰ্ণৰ যৌগিক চিহ্ন ব্যৱহাৰ হৈছে সেইবিলাক শব্দ বা বাক্য পিছলৈ যাব।

শৈলী ২:

ত্ৰিকুব শব্দ শৃংখল পদ্ধতিৰ দ্বিতীয় শৈলী অনুযায়ী ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰোতে শব্দ বা বাক্যটোত থকা স্বৰবৰ্ণৰ যৌগিক চিহ্ন া, ি, ী, ে, ো, ু, ূ, ৈ, ৌ আদিক নিজৰ স্থানৰপৰা পৰা আঁতৰাই শব্দ বা বাক্যটোৰ শেষত একে ক্ৰমত যোগ দিয়া হয়। উদাহৰণ স্বৰূপে, আকৌ ‘কিমান’ শব্দটোক দ্বিতীয় শৈলী অনুযায়ী ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰিলে তলত উল্লেখ কৰা দৰে হ’বঃ

যিহেতু ক=qk + ম=ri + ন=re + ি=sh + া=sg গতিকে ‘কিমান’ শব্দটোক প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ টো হ’ব: adqkrjreshsg. ইয়াত ‘কিমান’ শব্দটোত থকা স্বৰবৰ্ণৰ যৌগিক চিহ্ন ‘ি’ আৰু ‘া’ কেইটা শব্দটোৰ একেবাৰে শেহত যোগ হৈছে। এই উদাহৰণটোত গঠন কৰা ‘সাংকেতিক শব্দ’ ‘adqkrjreshsg’টোৰ প্ৰথম আখৰ দুটা হ’ল অসমীয়া লিপিৰ বাবে ধাৰ্য উমৈহতীয়া (Common) সংকেত ‘ad’।

পুনৰাই আগৰ শব্দকেইটা– কথা, কল, কাম, কলম, কলহ এই শব্দকেইটা ত্ৰিকুব পদ্ধতিৰ দ্বিতীয় শৈলী অনুযায়ী শৃংখল কৰিলে শব্দকেইটাৰ শৃংখলিত ক্ৰম হ’বঃ কথা, কাম, কল, কলম, কলহ হ’ব।

ওপৰত উল্লেখ কৰা দুয়োটা শৈলীৰ ভিতৰত প্ৰথম বিধ শৈলী ‘হেমকোষ’ অভিধানৰ শব্দ শৃংখল পদ্ধতিৰ লগত সম্পূৰ্ণ ৰূপে খাপ খায়।

এই ‘ত্ৰিকুব পদ্ধতি’ ব্যৱহাৰ কৰি ভাৰতৰ সকলো ভাষাৰ বৰ্ণমালাৰ প্ৰতিটো বৰ্ণৰ বাবে সুকীয়া ৰোমান লিপিৰ সমষ্টিৰ তালিকা প্ৰস্তুত কৰি একেটা প্ৰক্ৰিয়াকৰণেৰে (processing) সকলো ভাষাৰ শব্দ বা বাক্য শৃংখল কৰিব পৰা যাব।

ক’ত ব্যৱহাৰ কৰিব পাৰিঃ

‘ত্ৰিকুব পদ্ধতি’ (algorithm) ব্যৱহাৰ কৰি যিকোনো programming language-ত (যেনে, C, C++, Delphi, VB, VBScript, PHP, Java, ASP)  অসমীয়া বা ভাৰতীয় আঞ্চলিক ভাষাত লিখা শব্দ বা বাক্য শৃংখল কৰিব পৰা program অতি সহজে সাজি ল’ব পাৰি। তাৰ উপৰিও যিকোনো Database (RDMS) ব্যৱস্থাত এই পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া বা ভাৰতীয় যিকোনো আঞ্চলিক ভাষাৰ তথ্য অতি সহজে শৃংখল কৰিব পৰা যাব।

ধৰি লোৱা হ’ল যে এখন বিশেষ Databaseত ব্যক্তিৰ নাম, ঠিকনা, বয়স, বছৰেকীয়া উপাৰ্জন আদি তথ্য ৰখা আছে। এই তথ্যবিলাক কেতিয়াবা ব্যক্তিৰ নাম বা কেতিয়াবা ঠিকনাৰ বৰ্ণানুক্ৰমত শৃংখল কৰিব লগীয়া হ’ব পাৰে। তেনেক্ষেত্ৰত ব্যক্তিৰ নাম আৰু ঠিকনাৰ বাবে দুটা অতিৰিক্ত Field খুলি ‘ত্ৰিকুব পদ্ধতি’ (algorithm) ব্যৱহাৰ কৰি নাম আৰু ঠিকনাৰ প্ৰতিনিধিত্ব কৰা ৰোমান লিপিৰ ‘সাংকেতিক শব্দ’ গঠন কৰি ৰাখি গ’লে প্ৰয়োজনত এই নাম বা ঠিকনাৰ অতিৰিক্ত Field কেইটাৰ সহায়ত ‘SELECT…. ORDER’ SQL command ব্যৱহাৰ কৰি Table (Database) খুলিলে তথ্যবিলাক সম্পূৰ্ণ শৃংখলিত অৱস্থাত পোৱা যাব। Database-সমূহত শৃংখলিত কৰাৰ বাবে অতি কাৰ্যদক্ষ algorithm সংলগ্ন কৰি থোৱা থাকে, কিন্তু বেছিভাগেই অকল ৰোমান লিপিৰ বাবেহে প্ৰযোজ্য। ইয়াত আলোচিত পদ্ধতিৰে ৰোমান সংকেতক শৃংখলিত কৰিবলৈ ৰোমান লিপিৰ বাবে ব্যৱহৃত কাৰ্যদক্ষ প্ৰণালী ব্যৱহাৰ কৰি অসমীয়া ভাষাৰ শব্দসমূহক শৃংখলিত কৰিব পাৰি। তাৰোপৰি এটা মধ্যৱৰ্তী সংকেতৰ প্ৰয়োগ হোৱাৰ ফলত বেলেগ বেলেগ ভাষাৰ বাবে বেলেগ বেলেগ শৃংখল এলগ’ৰিথম সজাৰ প্ৰয়োজন নাথাকে। যিকোনো ভাৰতীয় ভাষাৰ বৰ্ণসমূহৰ সংকেত সঠিক ভাৱে নিৰ্ণয় কৰি ল’লেই ৰোমান লিপিৰ শৃংখল এলগ’ৰিথমেৰেই সকলো ভাষা শৃংখলিত কৰাটো সম্ভৱ।

‘ত্ৰিকুব পদ্ধতি’ প্ৰয়োগেৰে ভাৰতীয় আঞ্চলিক ভাষা সমূহৰ শব্দ শৃংখল কৰাৰ ক্ষেত্ৰত থকা অসুবিধা বহু পৰিমাণে সমাধা কৰিব পাৰিব বুলি আশা কৰোঁ।

এই ‘ত্ৰিকুব পদ্ধতি’ ব্যৱহাৰ কৰি অসমীয়া শব্দ বা বাক্য শৃংখল কৰিব পৰা ‘শব্দ শৃংখল’ নামৰ চফ্টৱেৰ (software) এটা “ভাষা সাহিত্য সন্মিলনী, অসম”ৰ দাৰা বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে৷ তলৰ লিংকৰ  পৰা ডাউনল’ড কৰিব পাৰিব৷

http://rapidshare.com/files/3516397059/setup.exe

কৃতজ্ঞতা:

অতি কৰ্ম ব্যস্ততাৰ মাজতো এই প্ৰবন্ধটো প্ৰস্তুত কৰোতে বিশেষভাৱে সহায় আগবঢ়োৱাৰ বাবে শ্ৰী উদ্দিপ তালুকদাৰ ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

 

শ্ৰী ত্ৰিদীপ কুমাৰ বৰুৱা, গুৱাহাটী, অসম

Mobile : 9859984227

e-mail : [email protected]

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!