থলুৱা আহাৰৰ জুতি – ৰূপলেখা দেৱী

গৰমৰ দিনকেইটাত বেছি মচলাযুক্ত আহাৰ শৰীৰৰ কাৰণে অপকাৰী৷ উৎসৱ পাৰ্বণ আদিত দুই এদিন মচলাযুক্ত আহাৰ গ্ৰহণ কৰিলেও আমাৰ দৈনন্দিন খাদ্য তালিকাত সাধাৰণতে স্বাস্থ্যকৰ আৰু সহজতে হজম হোৱা আহাৰ অন্তৰ্ভুক্ত কৰা উচিত৷ জহ কালিত এনেধৰণৰ সাধাৰণ ভাৱে আৰু অতি কম সময়তে হোৱা স্বাস্থ্যকৰ দুবিধ মান ৰন্ধন প্ৰকৰণ তলত আগবঢ়োৱা হ’ল৷

খৰিচাৰে তৈয়াৰী কেইবিধ মান ব্যঞ্জনঃ–

খৰিচা হৈছে পাহাৰ ভৈয়ামৰ জাতি জনজাতিৰ উপাদেয় খাদ্য৷ সাধাৰণতে আহাৰ শাওণ মাহত ওলোৱা বাঁহৰ গজালিৰ পৰা খৰিচা প্ৰস্তুত কৰা হয়৷ খৰিচাৰে দাইল, মাছ, মাংস, কণী, শাক পাচলি আদি নানান জুতিদায়ক ব্যঞ্জন ৰন্ধা হয়৷ ইয়াৰ পৰা আচাৰো কৰা হয়৷ খৰিচা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াত চুগাৰ, কাৰ্ব’হাইড্ৰেট আৰু কেল’ৰি কম থকাৰ কাৰণে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ ইয়াত কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতাও আছে৷ ই খাদ্য হজম কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে৷ অপকাৰী কলেষ্ট’ৰেল কম কৰে, বাট বিষ দূৰ কৰে৷ হাঁপানী আৰু আন স্বাস্থ্যজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহগাজৰ ব্যৱহাৰ কৰা হয়৷ মুঠতে সঠিক পৰিমাণত মাজে সময়ে খাদ্যৰ তালিকাত আমি খৰিচা অন্তৰ্ভুক্ত কৰা উচিত৷

#খৰিচাৰে মাছৰ টেঙা
উপকৰণঃ-
মাছ চাৰি পাচ টুকুৰ (সৰু ডাঙৰ যিকোনো মাছ লব পাৰে)
খৰিচা এবাটি
নিমখ হালধি জোখমতে
পাচফুৰণ আৰু সৰিয়হ এচামুচ৷
মিঠাতেল আন্দাজ মতে৷
শুকান জলকীয়া দুটা(ঐচ্ছিক)

প্ৰকৰণঃ—
খৰিচা বাটি মিক্সিত পিহি লব৷ মাছ কেইটুকুৰ মিঠা তেলত ভাজি উঠাই থব৷ তাৰ পিচত সেই তেলতে আৰু অলপ তেল দি শুকান জলকীয়া দুটা তেলত ভাজি ৰঙচোৱা হ’লে পাচফুৰণ আৰু সৰিয়হ ফুটাই খৰিচা বাটি ঢালি দি জোখমতে পানী, নিমখ আৰু হালধি দি উতলিব দিব৷ জোলখন উতল অহাৰ পিচত মাছ কেইটুকুৰ দি জোলখন ঘন হৈ আহিলে নমাই থব৷ জোলখন নমোৱাৰ আগতে মান ধনীয়া থাকিলে মিহিকৈ কাটি দিব পাৰে৷ এই জোলখন বনাবলৈও সহজ আৰু খাবলৈও অতি সোৱাদযুক্ত হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!