থুলুক, টেট বাইদেউ আৰু এশ গৰু: অচিন্ত্য বৰঠাকুৰ

থুলুক, টেট বাইদেউ আৰু এশ গৰু

অচিন্ত্য বৰঠাকুৰ

ইছ্কুল্ (স্কুল) বোলা বস্তুটো থুলুকে ইমান ভাল নাপায় । বিশেষকৈ পানীখোৱা ছুটিৰ পিছৰ ক্লাছ্ কেইটাত তাৰ একেবাৰেই মন নবহে । টেটৰ শিক্ষয়িত্রী গৰাকী অহাৰ পৰা অবশ্যে ক’ব নোৱাৰাকৈয়ে থুলুকৰ মনটো স্কুলৰ প্রতি অলপ নৰম হোৱা যেন লাগিছে, তাৰ নিজৰে । ধুনীয়া বাইদেউজনীয়ে সাধাৰণতে আগবেলা আহি ক্লাছত কিবাকিবি যন্ত্র-পাতি দেখুৱাই বিজ্ঞান পঢ়ুৱায় , মাজে মাজে গণিতো পঢ়ুৱায় । “লাক” ভাল থাকিলে তেওঁ পিছবেলা আকৌ আহি হিন্দী, ছবি বা ব্যাকৰণ – কিবা এটা পঢ়ায়হিয়েই । দেখিলেই চাই থাকিবলৈ মন যোৱা বাইদেউজনীয়ে যিটোকেই পঢ়াওক লাগিলে, বুজি পোৱা-নোপোৱা লৈ থুলুকৰ আপত্তি একো নাই । চিনেমা চাওঁতে যেনেকৈ জোনবাই, টেৰৰিষ্ট এণ্টাৰ মাই হ’ম, জিচম-২ বা ৰ’দ্ ত থকা যি কোনো নায়িকাকেই চকুৰ পলক নেপেলোৱাকৈ সি চাই থাকিব পাৰে, নতুন বাইদেউজনীয়ে পঢ়ালেও মুঠতে সি মনে মনে বহি আগলৈ চাই থাকিয়েই পৰম সুখ অনুভৱ কৰে । বাইদেউজনীক কেতিয়াবা তাৰ ইমান অকণমানি অকণমানি যেন লাগে যে আৰু ২-৩ বছৰ ৰ’লেই যেন সি তেওঁৰ সমান হৈয়ে যাবগৈ । তাৰ পিছত আৰু কোনো চিন্তা নাই । তেতিয়া কি হ’ব, কি কৰিব সেইবোৰ কথা পেটে পেটে সি বহুত দিনৰ পৰাই ভাবি আছে যদিও তাৰ কাষতে বহা নবীন আৰু পুতুকণকো কোৱা নাই । বাইদেউজনী আহিলে সি সেই ৰঙীণ কল্পনা বিলাকেই কৰি থাকোঁতেই কেতিয়ানো ক্লাছ শেষ হোৱাৰ ঘণ্টা বাজে ধৰিবই নোৱাৰে । বাইদেউজনীৰো অবশ্যে তালৈ গুৰুত্বটো অলপ বেছি যেনেই লাগে তাৰ । ক্লাছত অনবৰতে খুট-খুটাই ফুছফুছাই থকা বাকী ল’ৰা বোৰতকৈ তালৈহে তেওঁ বেছিকৈ চায় । এনেয়ো সি কথা কমেই কয়, এতিয়াতো আৰু চুপ-চাপ থকা হ’ল; ইমে’জ এটা গঢ় লৈছেই যেতিয়া, তাক নষ্ট কৰিব লাগে নো কিয়,,,, সি ভাবে । লগৰ ল’ৰা-ছোৱালীৰ লগত কথা পাতি থাকিবলৈ আজিকালি তাৰ সময় আৰু মন এটাও নোহোৱা হ’ল । পিছে বাইদেউজনীক কেতিয়াবা কেতিয়াবা কোনোবা বাইকৱালা এটাৰ পিছত উঠি ইস্কুললৈ অহা দেখিলেহে তাৰ টেমাটো বেয়া হৈ যায় । কোনোবাই অবশ্যে ল’ৰাটোৰ লগত তেওঁৰ তেনেকুৱা কিবা কিবি নাই বুলিয়েই কোৱা শুনিছে , তথাপিতো আৰু ..!!

ক্লাছৰ বাকীবোৰ ল’ৰা-ছোৱালীৰ দৰে সিয়ো তাৰ মূখৰ আগত ব্যাকৰণ কিতাপখন উলিয়াই থৈ লৈছে । টেটৰ বাইদেউৱে কিবা কিবি পঢ়ুৱাই আছে । কি পঢ়াইছে সি ইমান গম নাপায় । উলিয়াই ল’বলৈ কোৱা পৃষ্ঠাটোত জতুৱা ঠাঁছ নে কিবা এটা লিখা আছিল আৰু মুঠতে । সপোনৰ দুনীয়াখনত সি আজি বাইদেউৰ লগত এক’লেণ্ডত । নত্ব বিধি/ষত্ববিধি, হ্রস্ব ই-কাৰ দীর্ঘ ঈ-কাৰ, জতুৱা থাঁছ, প্রত্যয় এইবোৰ একোৱেই ঢুকি নাপায় সিহঁত দুয়োকে তাত । থুলুক, বাইদেউ আৰু চাৰিওফালে একাঁঠু মিঠা মিঠা লগা নীলা নীলা পানী । লাজ লাজকৈ তালৈ চাই গীত গাই আছে বাইদেউ জনীয়ে, সি আনন্দমনে শুনি আছে । তাৰ মাজতে ক’ৰ পৰা জানো পুতুকণটো ওলালেহি, দিলেহি নহয় তাক বাহুতে খুণ্ডা মাৰি। “চব পণ্ড কৰিলে এইটোৱে !”-খঙেই উঠিছিল থুলুকৰ । পিছে দেখিলে সি এতিয়া ক্লাছতহে আছে আৰু বাইদেউৱে তালৈকে চাই কিবা এটা সুধি আছে । পুতুকণে হেঁছি নিদিয়া হ’লে সঁচা-সঁছি বাইদেউজনীৰ আগত সি লাজেই পাব লগীয়া হ’ল হেতেন ! থৰমৰ খাই ঠীয় হ’ল সি । এই মূহুর্তত পুতুকণকেই তাৰ প্রকৃত বন্ধু যেন লাগিল । পিছে কি বা সুধিছে বাইদেউজনীয়ে….!! থুলুক বিমোৰত পৰি সেপ ঢুকিবলৈ লাগিল ।

– এশ গৰু খালে বাঘৰ কি হয় , বাইদেউৱে সুধি আছে, ক ।
পুতুকণে তাৰ কাষতে বহা থুলুকক সৰুকৈ আৰু থূল-মূলকৈ বাইদেউৱে সোধা প্রশ্নটো জনাই দিলে যেনিবা ।

থুলুক এক ছেকেণ্ড ৰ’ল, দুই ছেকেণ্ড…. ফটাফৎ কিবা এটা চিন্তা কৰি তিনি নম্বৰ ছেকেণ্ডত সি কৈ দিলে উত্তৰটো:
– লাহে লাহে গৈ সি নিজৰ চোঙত শুই পৰিব, কিন্তু কেইদিনমান পিছত চোঙৰ পৰা সি শকত-আৱত নিপোটলটো হৈ ওলাই আহিব ।

কাজিৰঙাৰ মোমায়েকৰ ঘৰলৈ সঘণাই অহা-যোৱা কৰি থকা বাবে বাঘৰ গতি-গোত্রৰ লগত যে থুলুকৰ বেছ কিছু অভিজ্ঞতা আছে, কথাটো তাৰ কথা লগৰ ল’ৰা-ছোৱালী বিলাকে গম পায় । থুলুকৰ উত্তৰটো শুনি সিঁহতি একপ্রকাৰ নতুন জ্ঞান এটা পালো বুলিয়েই ভাবিছিল । পিছে বাইদেউজনীৰ হে জানো কি হ’ল, খঙত একদম ফাটি পৰিল ।

-তোমাক মই আৰম্ভনিৰ পৰা মন কৰি আছো, পঢ়াৰ সময়ত ভেবা লাগি কি চাই থাকা তুমি? পঢ়া-শুনাত মন নাই যদি নাহিবা স্কুললৈ । কি পঢ়াই আছো তোমাৰ কাণত সোমাইগৈ নে নাই? নে মই কোৱা কথাবোৰ শুনিবলগীয়া কথা নহয় বুলি এখন কাণেৰে সুমুৱাই আনখন কাণেদি উলিয়াই দিয়া? হেড ছাৰক কম্প্লেইন্ কৰিম মই, তোমাৰ গার্জেনক ৰিপর্ট দিবলৈ ক’ম । নিজৰ ক্লাছ কৰিয়েই আজৰি নাপাওঁ, সদায় সদায় আকৌ লোকৰ ক্লাছ কৰিবলৈ পঠিয়াই দিয়ে আৰু ইয়াত আহি এনেই চিঞৰি থকা হয় । তোমালোকৰ পঢ়িবলৈ মনেই নাই , পিছত বদনাম হ’ব মোৰ ……

থুলুকৰ মাথাটো গৰম হৈ আহিছিল । সিদিনাও বিজ্ঞানৰ ক্লাছত চৰাইৰ ঠেং চাই চৰাইটোৰ নাম ক’বলৈ কওঁতে সি নোৱাৰিলে । পিছত বাইদেউৱে তাৰ নাম সোঁধোতে তাৰ নিজৰ ভৰিকেইটা দেখুৱাই দিবলৈ মন গৈছিল । “ঠেং/ভৰি চাই নাম কোৱাটো ইমান সহজ যদি এই কেইটা চাই মোৰ নাম নিজে উলিয়াই লওক”- টাইপত । পিছে বাইদেউজনীৰ ধুনীয়া মূখখন দেখি বহুত ধৈর্য ধৰি কোনোমতে সেইদিনা একো নোকোৱাকৈ থাকিল সি । আজি আকৌ এইখন?? হাৰে’,,, আপোনাৰ মোৰ মাজত বাঘ ওলাইছে, গৰু খাইছে, সেখিনিলৈকে ঠিকেই আছে বাৰু,, হেড ছাৰ, কম্প্লেইন, গার্জেন, বদনাম…এইবোৰ ক’ৰ পৰা আহিল?!” কিনো মিছা কথাটো ক’লে সি, এশ গৰু বাদেই, সৌ সিদিনা মোমায়েকৰ ঘৰৰ এটা মাত্ৰ বলড গৰু খায়েই কাজিৰঙাৰ হাবিৰ পৰা অহা বাঘ এটা পিছদিনাখন বাহনিৰ কিনাৰত গোটেই দিনটো পৰি থকা নিজেই দেখি আহিছে সি । পৰি থকা বাঘটো মাৰিবলৈ গাঁৱৰ মানুহে খেদা লওঁতেও সি পলাব নোৱাৰিলে । বন বিভাগৰ মানুহ নথকা হ’লে ডাঙৰ মোমায়েকে বাঘটো একে ঘাপে মাৰিব পাৰিলে হেতেন । নাই, এনেকৈ সদায় সদায় মনে মনে থাকিলে নহ’ব, চল পাই গৈছে বেটীয়ে । লগৰ ল’ৰা-ছোৱালীৰ আগত সন্মান বুলিওটো কথা এটা আছে তাৰ ।

-*#%^&লা, বাঘ কেইদিন দেখিছে আপুনি, হাঁ ? *#%^& এশটা বাদেই দিয়ক, দছ টা (১০টা) গৰুকে খুৱাই চাওকচোন, য’ৰ বাঘ (অশ্লীল) ত’তে পৰি থাকিব দহদিনলৈকে । এশটা গৰুৰ কথা ক’বলৈ আহিছে । হুঃ । (অশ্লীল) ^~^~^ ডালিও উঠিব পাৰিব লাগিছে নহয় সেইটো !! য’ৰ বাঘ ত’তেই ছেটেপ্ হ’ব *#%^& ।

ইতিমধ্যে স্কুল ছুটিৰ ঘণ্টা বাজিল । লগে লগে থুলুকে তাৰ উত্তৰ সিমানতে সামৰিলে । সেইজনীৰ লগত একো সপোন নেদেখে আৰু সি । তিনি বছৰৰ পিছত ক’ম বুলি ভবা কথাবোৰো নকয় ,,, ইঃ বৰ একেবাৰে …!! প্রশ্নৰ উত্তৰবোৰ ক্লাছত আৰু কেতিয়াও নকয় সি । কাণত ধৰিলে । এনেয়ো সঁছা কথা ক’লে থুলুক বেয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!