থুলুক, টেট বাইদেউ আৰু ভোগালী বিহু (অচিন্ত্য বৰঠাকুৰ)

(বদমাছকেইটাৰ চুৰিৰ লিষ্টত টেট বাইদেউহঁতৰ ঘৰৰ নামো আছে। কথাটো গম পাই সি বৰ ভাল পো‌ৱা নাই আৰু তেনেকু‌ৱা বেয়াকামত লিপ্ত হ’বলৈ নাযাওঁ নাযাওঁ কৰিয়েই আছে।)

 

টেট বাইদেউৰ প্রতি থুলুকৰ দুর্বলতা এতিয়া প্রায় সর্বজনবিদিত। অকণমানিকৈ ধুনীয়া বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা থুলুক শ্রেণীত একেবাৰে ৰেগুলাৰ। মাকৰ কেটকেটনি নুশুনালৈকে পঢ়া টেবুললৈ যাবলৈ মন নকৰা থুলুকে আজিকালি ঘৰতো নিজে নিজে কিতাপ মেলি পঢ়ে। অৱশ্যে শ্রেণীকোঠাত ৰেগুলাৰ হ’লেই বা পঢ়া টেবুলত নিয়মীত বহিলেই যে মানুহে পঢ়িব পাৰিব, তেনেকুৱা কোনো কথা নাই। পুথিৰ আখৰতকৈয়ো গাঢ় হৈ গুৰুৰ ছবিয়ে যেতিয়া চকুৰ আগত অগা-দেৱা কৰে, নিশ্চয়কৈ পঢ়াৰ বিষয়বস্তুৰ ওপৰত একাগ্র হোৱাত কঠিনতাৰ সৃষ্টি হয়। সেয়া কে‌ৱল থুলুকৰে প্ৰব্লেম নহয়, যিকোনো যু‌ৱক-যু‌ৱতীৰে জী‌ৱনৰ কোনো কোনো সময়ত হো‌ৱা বিশ্বজনীন অসুবিধা। সঁচা অর্থত ক’বলৈ গ’লে, শ্রেণীকোঠাৰ ভিতৰে বাহিৰে, শয়নে-সপোনে আজিকালি তাৰ চকুৰ আগত বাইদেউগৰাকীৰ ছবিখনেই ভাহি থাকে। তাৰ এনে অনুভৱ হয় যেন দিনটোৰ প্রতি মুহূর্ততে বাইদেউ তাৰ ছাঁটোৰ দৰে লগে লগে ফুৰে…. ঘনে ঘনে তালৈ চাই মিচিকিয়াই হাঁহে…. সময় পালেই তাক কোনোবা অজান দেশৰ মোহনীয় টুৰিষ্ট স্পটলৈ লৈ গৈ নাচি বাগি তাৰ স’তে গান গাই তাৰ দিবাস্বপ্নবোৰক ভৰাই তোলে। এই অনুভৱটোৱে অৱশ্যে তাক মাজে মাজে শ’লঠেকত নেপেলোৱাও নহয়। টেট বাইদেউৰ লগত মনে মনে কিবাকিবি কথা পাতি আপোন পাহৰা হৈ থাকোঁতে তাৰ চকুৰ আগতে ঘটি যোৱা ঘটনা এটাৰ বিষয়েও তাক যদি কোনোবাই কিবা সোধে , সি প্রায়ে একো উত্তৰ দিব নোৱাৰা অ‌ৱস্থাত পৰে । তদুপৰি বাইদেউৰ আগত তাৰ “ইম্প্রেচন” বেয়া হ’ব পাৰে বুলি প্রতিটো কাম কৰোঁতে ভাবি চিন্তি কৰিবলগীয়া হয়। অনবৰতে তাৰ স’তে থকা বাইদেউগৰাকীয়ে দেখে বুলি সি তাৰ অতি পছন্দৰ কিছুমান দুষ্টালি কৰিবলৈও এক্কেবাৰেই এৰি পেলাইছে।

সময় বাগৰি যো‌ৱাৰ লগে লগে থুলুকো লাহে লাহে ডাঙৰ হৈ আহিছে। যোৱা কেইবছৰমানৰ পৰা মাঘৰ বিহুৰ উৰুকাৰ দিনা ভোজ-ভাত খাই উঠি সি আৰু তাৰ লগৰ কেইটামানে ডেকাসকলৰ লগত মেজি ৰখাৰ দায়িত্বও পালন কৰিবলৈ লৈছে। মেজি ৰখাৰ দায়িত্বত থকা ল’ৰাবিলাকে স্ফূৰ্তিতে সেইদিনা ৰাতি গাঁ‌ৱৰ মানুহৰ ঘৰৰ চোতাল-বাৰীৰ পৰা কিবা কিবি চুৰ কৰি সময় কটো‌ৱাটো একপ্ৰকাৰ নিয়মতেই পৰিণত হৈছে। সেইবিলাক কামত যাবলৈ অৱশ্যে থুলুকৰ এলাহ লাগে বাবে প্ৰায়ে সি ভেলাঘৰৰ জুইৰ ওচৰতেই বহি থাকে। এইবাৰ কিন্তু তাৰ লগৰ পুতুকণহঁতে বহুত আগৰ পৰাই প্লেন কৰি থৈছে, থুলুকক চুৰ কৰিবলৈ যাওঁতে যেনে তেনে হ’লেও লগত লৈ যাবই।

বদমাছকেইটাৰ চুৰিৰ লিষ্টত টেট বাইদেউহঁতৰ ঘৰৰ নামো আছে। কথাটো গম পাই সি বৰ ভাল পো‌ৱা নাই আৰু তেনেকু‌ৱা বেয়াকামত লিপ্ত হ’বলৈ নাযাওঁ নাযাওঁ কৰিয়েই আছে। অৱশ্যে প্ৰগ্ৰেমটোৰ পৰা বাইদেউৰ ঘৰখনক নাকচ কৰিবলৈ সি চিধা-চিধি কৈয়ো দিব পৰা নাই। কথাটো ওলাই গ’লে কুকুৰে কাঁইট নোখো‌ৱা কৰিব তাক লগৰকেইটাই। আজিকালিতো সিহঁতে ছল পালেই তাক জোকা‌য়। সি “নহ‌য় নহয়” টাইপ এটা দেখু‌ৱাই থাকিলেও পেটে পেটে অলপ-চলপ লাজো লাগে তাৰ। পিছে শেষ-মেষ কি হয়গৈ, সেয়া বিহুৰ পি‌ছতহে সম্পূৰ্ণকৈ গম পো‌ৱা যাব।

বাৰু, সি যি কি নহওক, টেট বাইদেউ, থুলুক আৰু এই অভাজনে পৃথকে পৃথকে অ ক বৰ সকলোটি সদস্যলৈ আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈও এই সুযোগতে উৰুকা আৰু মাঘবিহুৰ আন্তৰিক শুভকামনা জনাইছে ।

ভোগালীয়ে আপোনাৰ বাবে ভোগৰ আনন্দ আৰু সুখৰ বন্যা কঢ়িয়াই আনক, তাৰেই কামনা কৰিলোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!