দক্ষিণৰ হিট : বলীউদৰ ছুপাৰহিট (নীলিম অনুৰাগ)

(যদি আপুনি ভাবিছে ভাৰতীয় চিনেমাত দ্বৈত ভূমিকাত অভিনয়ৰ ধাৰা আৰম্ভণি হৈছিল বলীউডত, তেন্তে আপুনি ভুল ভাবি আছে! কাৰণ দিলীপ কুমাৰে দ্বৈত ভূমিকাত অভিনয় কৰা ১৯৬৭ চনৰ হিট ছবি ৰাম অউৰ শ্যাম  আছিল ১৯৬৪ চনৰ তেলুগু ছবি ‘ৰামুড়ু ভীমুড়ু’ৰ ৰিমেক।)

 

দক্ষিণৰ হিট : বলীউদৰ ছুপাৰহিট

 

নীলিম অনুৰাগ

 

 

হলিউডৰ চিনেমাৰ অনুপ্রেৰণাত বলীউডত চিনেমা নির্মাণ কৰা একো নতুন কথা নহয় । কিন্ত কিছুদিনৰ পৰা বলিউডৰ বেছিভাগ প্রযোজক-পৰিচালকে চিনেমা নির্মাণ কৰিবলৈ দক্ষিণ ভাৰতৰ হিট চিনেমা কাহিনীৰ ওপৰত নির্ভৰ কৰা পৰিলক্ষিত হৈছে । অৱশ্যে বলীউদী চিনেমা নির্মাণৰ বাবে দক্ষিণৰ ছবিৰ পৰা কাহিনী লোৱাৰ আৰম্ভণি হৈছিল বহুত দিন আগতেই। যদি আপুনি ভাবিছে ভাৰতীয় চিনেমাত দ্বৈত ভূমিকাত অভিনয়ৰ ধাৰা আৰম্ভণি হৈছিল বলীউডত, তেন্তে আপুনি ভুল ভাবি আছে! কাৰণ দিলীপ কুমাৰে দ্বৈত ভূমিকাত অভিনয় কৰা ১৯৬৭ চনৰ হিট ছবি ৰাম অউৰ শ্যাম  আছিল ১৯৬৪ চনৰ তেলুগু ছবি ‘ৰামুড়ু ভীমুড়ু’ৰ ৰিমেক। তাৰ পিচতো দক্ষিণৰ ছবিৰ কাহিনীৰ আধাৰত বহুত ছবি নির্মাণ কৰা হৈছে বলিউডত । তাৰে কিছুমান হিট হৈছে কিছুমান ফ্লপ। ইয়াত আলোচনা কৰা হৈছে দক্ষিণৰ ছবিৰ অনুপ্রেৰণাত বলিউডত নির্মিত বাণিজ্যিকভাবে সফল শীর্ষৰ দহখন ছবিৰ বিষয়ে ।

১.বডিগার্ড : এতিয়ালৈকে দক্ষিণৰ ছবিৰ কাহিনীৰ আধাৰত নির্মাণ কৰা চিনেমাৰ ভিতৰত সবাতকৈ ছুপাৰহিট ছবিখন হ’ল ‘বডিগার্ড’ । ২০১১ চনৰ ৩১ আগষ্টত মুক্তি লাভ কৰা ছবিখনৰ পৰিচালক আছিল ছিদ্দিক। পৰিচালকে নিজৰেই একেই নামৰ ছুপাৰহিট মালায়ালম চিনেমাৰ কাহিনীৰে নির্মাণ কৰিছিল সেই চিনেমাখন । চলমান খান, কৰীণা কাপুৰ অভিনীত ব্লকবাষ্টাৰ চিনেমাখনৰ বক্স অফিচৰ সংগ্ৰহ আছিল ২২৯ কৌটি টকা ।

২. গজিনী : দক্ষিণৰ পৰিচালক এ আৰ মুৰুগাদছে পৰিচালনা কৰা ব্লকবাষ্টাৰ ‘গজনী’খন পৰিচালকজনৰ একে নামৰ তামিল ফিল্ম এখনৰ ৰিমেক । ২০০৮ চনৰ বৰদিনৰ দিনা মুক্তি লাভ কৰা থ্রিলাৰ ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে আমিৰ খান আৰু আশ্বিনে । চিনেমাখনৰ জৰিয়তে আশ্বিনে বলিউডত প্রৱেশ কৰিছিল । এ আৰ ৰহমানে সংগীতেৰে সমৃদ্ধ ছবিখনৰ গানকেইটাও বহু জনপ্ৰিয় হৈছিল । ‘গজনী’য়ে বক্স অফিচত উপার্জন কৰিছিল ২০০ কৌটি টকা ।

৩. ৰাৱড়ী ৰাথোড় :  নৃত্য পৰিচালনাৰ পৰা ছবি পৰিচালনালৈ যোৱা প্রভুদেৱাই অক্ষয় কুমাৰ আৰু সোণাক্ষী সিন্‌হাক লৈ পুনর্নির্মাণ কৰিছিল ৰবি তেজা অভিনীত ছুপাৰহিট তেলুগু বোলছবি ‘বিক্রমাৰকুডু’ক। এইখন ছবিৰ জৰিয়তে অক্ষয়ে প্রায় ৭ বছৰৰ মূৰত পুনৰ একচনধর্মী চিনেমালৈ উভতিছিল । ২০১২ চনৰ ১ জুনত মুক্তি লাভ কৰি ব্লকবাষ্টাৰ আখ্যা পোৱা ছবিখনে মুক্তিৰ প্রথম ৫ সপ্তাহত বক্স অফিচত ১৮৯ কৌটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
৪. ৰেডী : আনিজ বাজমী পৰিচালিত আৰু চলমান খান, আশ্বিন অভিনীত ছুপাৰহিট ৰোমান্টিক-কমেডী কথাছবি ‘ৰেডী’ আছিল ৰাম পথিনেনী আৰু জেনেলিয়া ডিচুজা অভিনীত একেই নামৰে তেলুগু ফিল্মখনৰ ৰিমেক । প্রীতম আৰু দেৱীশ্রী প্রসাদে সঙ্গীত পৰিচালনা কৰা ছবিখনৰ গীতকেইটাও বহুত হিট হৈছিল । ৪০ কৌটিটকীয়া বাজেটেৰে নির্মিত ছবিখনে উপার্জন কৰিছিল ১৮৪ কৌটি টকা । ছবিখনে মুক্তি লাভ কৰিছিল ২০১১ চনৰ ৩ জুনত ।

৫. হাউছফুল-২ : দক্ষিণৰ বোলছবিৰ কাহিনীৰ আধাৰত নির্মিত চিনেমাৰ তালিকাত ২০১২ চনৰ এপ্রিলত মুক্তি লাভ কৰা ‘হাউছফুল-২’ৱো আছে। কোৱা হয় চিনেমাখনৰ চিত্রনাট্য ২০০৩ চনৰ ‘বন্দা পৰম শিৱম’  নামৰ তামিল ছবিখনৰ পৰা লোৱা হৈছিল, যিখন ‘মাট্টুপেটি মাচান’  নামৰ এখন মালায়ালম ছবিৰ ৰিমেক আছিল । ছাজিদ নদিয়াৱালা প্রযোজিত আৰু ছাজিদ খান পৰিচালিত ‘হাউছফুল-২’ত মুখ্য ভূমিকাত অভিনয় কৰিছিল অক্ষয় কুমাৰ, জন আব্রাহাম, ঋতেশ দেশমুখ, শ্রেয়স তালপাড়ে,  আশ্বিন,  জেক’লিন ফার্নাণ্ডেজ আদিয়ে। ‘হাউছফুল-২’ৰ বক্স অফিচ কালেকচন আছিল ১৮০ কৌটি টকা ।

৬. দে দনা দন : কমেডী ছবিৰ পৰিচালক হিচাবে জনপ্রিয়তা অৰ্জন কৰা প্রিয়দর্শনে নিজৰেই ‘ভেত্তম’  নামৰ মালয়ালম ছবিখনৰ কাহিনীৰ আধাৰত নির্মাণ কৰিছিল ‘দে দনা দন’ ছবিখন। অক্ষয় কুমাৰ, সুনীল শেট্টী, কেটৰীনা কাইফ আৰু সমীৰা ৰেড্ডীয়ে মুখ্য ভূমিকাত অভিনয় কৰিছিল ছবিখনত । ২০০৯ চনৰ ২৭ নৱেম্বৰত মুক্তি লভা ‘দে দনা দন’ৰ কালেকচন আছিল ১৪৯ কৌটি টকা ।

৭ . সিংহম : ‘গোলমাল’ ছিৰিজৰ জনপ্রিয়তাৰ পিছত কমেডী ধাৰাৰ পৰা অলপ ফালৰি কাটি পৰিচালক ৰোহিত শেট্টীয়ে পৰিচালনা কৰিছিল ‘সিংহম’ নামৰ একচন ছবিখন। ‘সিংহম’ আছিল সুৰয়া শিৱকুমাৰ অভিনীত ২০১০ চনৰ ছুপাৰহিট তামিল ছবি ‘সিংগম’ৰ ৰিমেক । ৰোহিত শেট্টীৰ ‘সিংহম’ত মুখ্য ভূমিকাত অভিনয় কৰিছে অজয় দেৱগন,  প্রকাশ ৰাজ আৰু কাজল অগৰৱালে । কাজলৰ প্রথম হিন্দী ছবি এইখন। ২০ কৌটি টকাৰ বাজেটেৰে নির্মিত ‘সিংহমে’  উপার্জন কৰিছিল ১৪০ কৌটি টকা ।

৮. ছন অব ছর্দাৰ :  যোৱা নৱেম্বৰ মাহৰ ১৩ তাৰিখ অর্থাৎ দীপাৱলীৰ দিনাই মুক্তি লাভ কৰে অজয় দেৱগন,  সোণাক্ষী সিনহা,  সঞ্জয় দত্ত,  জুহি চাওলা আদি অভিনীত ‘ছন অব ছর্দাৰ’ নামৰ ছবিখন। অজয় দেৱগনে নিজেই প্রযোজনা কৰা ছবিখনৰ পৰিচালক আছিল অশ্বিনী ধীৰ । ‘ছন অব ছর্দাৰ  হ’ল ২০১০ চনৰ ছুপাৰহিট তেলুগু ছবি ‘মর্যাদা ৰমন্না’ৰ ৰিমেক । ‘মর্যাদা ৰমন্না’  নির্মাণ কৰা হৈছিল ১৯২৩ চনৰ নির্বাক আমেৰিকান ছবি ‘Our Hospitality’ৰ আধাৰত। যশৰাজ ফিল্মছৰ শাহৰুখ খান, কেটৰিনা কাইফ, অনুষ্কা শর্মা অভিনীত আৰু পৰিচালক হিচাপে যশ চোপ্রাৰ অন্তিমখন ছবি ‘জব তক হে জান’ৰ লগত একেদিনাই মুক্তি লাভ কৰিও ‘ছন অব ছর্দাৰে এশ কোটিৰ ক্লাবত সোমাবলৈ সক্ষম হয় । প্রথম তিনি সপ্তাহত ছবিখনে উপার্জন কৰে ১০৫ কৌটি টকা ।

৯. ৱান্টেড : পৰিচালক হিচাবে প্রভূদেৱাৰ প্রথম ছবি ‘ৱান্টেড’  আছিল পুৰী জগন্নাথৰ হিট তেলুগু ছবি ‘পকিৰী’ৰ ৰিমেক । পকিৰীত মুখ্য ভূমিকাত মহেশ বাবু আৰু ইলিয়ানা ডিক্রুজে অভিনয় কৰাৰ বিপৰীতে ৱান্টেডৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল চলমান খান, আয়েশা টাকিয়া আৰু প্রকাশ ৰাজে। ২০০৯ চনৰ ১৮ চেপ্তেম্বৰত মুক্তি লাভ কৰা ‘ৱান্টেড’ৰ বক্স অফিচ কালেকচন আছিল ৯৫ কৌটি টকা।

১০. ভুল ভুলাইয়া : ২০০৭ চনত মুক্তিপ্রাপ্ত মনোবিজ্ঞান বিষয়ক থ্রিলাৰ-কমেডী চিনেমা ‘ভুল ভুলাইয়া’ আছিল ১৯৯৩ চনৰ মালায়ালম ছবি ‘মানিচিত্রাথাঝু’ৰ অফিচিয়েল ৰিমেক । ছবিখনৰ পৰিচালক প্রিয়দর্শন। মুখ্য ভূমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰ, বিদ্যা বালান আৰু সাইনী আহুজাই। ‘ভুল ভুলাইয়া’ই বক্স-অফিচত উপার্জন কৰিছিল প্রায় ৭৯ কৌটি টকা ।

 

One thought on “দক্ষিণৰ হিট : বলীউদৰ ছুপাৰহিট (নীলিম অনুৰাগ)

  • July 26, 2014 at 1:05 am
    Permalink

    De dana dan sobi khon flop asil

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!