দহি কচুৰ লগত মাছ – গীতাশ্ৰী গগৈ

উপকৰণ ঃ-
১)দহি
২)মাছ ২০০গ্ৰাম
৩)বিলাহী দুটা
৪)পিয়াজ এটা
৫)আদা -নহৰু পেষ্ট এক চামুচ
৬)জালুকৰ গুৰি আধা চামুচ
৭)কেঁচা জলকীয়া ৩/৪টা
৮)নিমখ
৯)তেজ পাত
১০)হালধি
১১)মিঠা তেল

প্ৰণালী ঃ-
কচু কেইডাল ভালকে চাফা কৰি ধুই কাটি লৈ সিজাই ফুটা থকা খৰাহিত টুকি লব৷ পিয়াজ, কেঁচা জলকীয়া, বিলাহী কাটি লব৷ আদা, নহৰু, জালুক পিচি লব৷ এতিয়া এটা কেৰাহিত তেল গৰম কৰি মাছখিনি ভাজি কাঢ়ি থব৷ সেই তেলতে তেজ পাত আৰু পিয়াজ দি ভালকে লৰাই বিলাহী, কেঁচা জলকীয়া, হালধি আৰু সুৱাদ অনুযায়ী নিমখ দি ভাজ খাব দিব৷ বিলাহী আৰু পিয়াজ গলি যোৱা যেন হোৱাত কচুখিনি দি লৰাই অন্য পিচি থোৱা সামগ্ৰীখিনি দিব৷ তাৰ পাছত আধা কাপ মান পানী আৰু লগতে মাছ খিনিও দি ভালকে উতল আহিলে নমাই থব I

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!