দাল মাখানী – শেৱালি গগৈ

মূল উপকৰণ:
গোটা বা ফলা মাটি দাইল =২৫০ গ্ৰাম
ৰাজমা = ৫০ গ্ৰাম
বুটৰ দাইল =৫০ গ্ৰাম

ফোৰণৰ বাবে:
কুটি লোৱা পিঁয়াজ: ডাঙৰ আকাৰৰ ১ টা
ৰুকি লোৱা বিলাহী: ডাঙৰ আকাৰৰদুটা
কেঁচা জলকীয়া: ৪ টামান
আদা-নহৰুৰ পেষ্ট: ৬-৭ ফোঁটা নহৰুৰ সৈতে এটুকুৰা আদা
তেজপাত: ৪ খিলা
লং, ইলাচী, ডালচেনিৰ গুড়ি: আধা চামুচ
জিৰা আৰু জলকীয়া গুড়ি: আধা চাহচামুচ
কুটি লোৱা কাজু আৰু গোটা কিচমিচৰ মিশ্ৰণ: ২৫ গ্ৰাম
বাটাৰ বা ৰিফাইন তেল: ৪ চাহচামুহ
নিমখ আৰু হালধি: সোৱাদ আৰু ৰং অনুসৰি
পৰিবেশনৰ বাবে:

ক্ৰীম: ৪ চাহচামুচ
কুটি লোৱা ধনীয়া বা মানধনীয়া: আন্দাজমতে

প্ৰণালী:
দাইলখিনি কমেও ছয় ঘণ্টামান তিয়াই থ’ব৷ মাটিমাহ, ৰাজমা, বুটৰ দাইলখিনি অলপ নিমখৰ সৈতে চাৰিকাপ পানীৰে প্ৰেছাৰ কুকাৰত ভৰাই দহটামান হুইছেল মাৰিবলৈ দিব৷

কেৰাহীত তেল বা বাটাৰ গৰম কৰি তেজপাত আৰু কুটি লোৱা পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিব৷ জলকীয়া, আদা-নহৰুৰ পেষ্টখিনি ঢালি দিব৷ অলপ গোন্ধ ওলোৱাৰ পিছত হালধি আৰু এচিকুট নিমখৰ সৈতে ৰুকি লোৱা বিলাহীখিনি ঢালি দিব৷ বিলাহীখিনি কোমল হোৱাৰ পাছত বাকী থকা উপকৰণসমূহো তাতে ঢালি দি লৰাই থাকিব৷ তেল বিৰঙাৰ পাছত তাত সিজাই থোৱা মাহখিনি ঢালি দিব আৰু প্ৰয়োজন অনুসাৰে গৰম পানী ঢালি দি ঘনাই লৰাই থাকিব৷ চাব যাতে বেছি গাঢ় বা পনীয়া নহয়৷
দুটামান উতল অহাৰ পাছত ক্ৰীম আৰু ধনীয়া পাতেৰে পৰিবেশন কৰক৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!