দীপাৱলী -(সুনীল দত্ত)

দীপাৱলী

-সুনীল দত্ত

সাঁচতীয়া ধন কেইটা ভাঙি কমলে এইবাৰো বজাৰৰ চুকটোত ফটকাৰ অস্থায়ী দোকানখন বহুৱাইছে৷ কমলৰ দোকানখন প্ৰতিটো উৎসৱতে সলনি হয়৷ দুৰ্গা পূজাত খেলনা, ফাকুৱাত ফাঁকুগুৰি তথা ৰং, দীপাৱলীত আতচবাজী, ৰক্ষাবন্ধনত ৰাখী৷ এনেকৈয়েই কমলে পৰিয়ালটো চলাই আছে৷

পিছে এইবাৰ দুৰ্গা পূজাৰ পৰাই কমলৰ দৈনন্দিন জীৱনত আঁউল লাগিছে৷ দুৰ্গা পূজা আৰু দীপাৱলীৰ কাৰণে সামগ্ৰীবোৰ প্ৰায় এমাহ আগতেই সি শিলিগুৰিৰ পৰা কিনি আনে৷ এইবাৰ ব্যৱসায় ভাল হ’ব বুলি সাঁচতীয়া সকলো ধনেৰে সি খেলনা সামগ্ৰী আৰু আতচবাজী কিনি আনিছে৷ ব্যৱসায় ভাল নিশ্চয় হ’ব৷ পৰিৱৰ্তনৰ বাবেইতো নতুন দলটোক কমলৰ লগতে সকলোৱেই মিলি ৰাজপাটত বহুৱাইছে৷

কমলৰ মূৰত বজ্ৰপাত পৰিবলৈ বেছি সময় নালাগিল৷ নতুন চৰকাৰে চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিবলৈ জোৰদাৰ প্ৰচাৰ চলালে৷ ফলত এইবাৰ পূজাত কমলৰ আধা খেলনা সামগ্ৰীও বিক্ৰী নহ’ল৷ কমলে চীনত নিৰ্মিত সামগ্ৰীবোৰ নানি কৰিবনো কি? ভাৰতত নিৰ্মিত আকৰ্ষণীয় সামগ্ৰী পাবলৈয়েই নাই৷ গ্ৰাহকেও পছন্দ নকৰে৷ পিছে এইবাৰ সকলোৱে ওলোটা খৰ মাৰিছে৷ সকলোকে ভাৰতত নিৰ্মিত সামগ্ৰীহে লাগে৷

আজি দীপাৱলীৰ শেষ দিন৷ আজি চাৰিদিনেই বিক্ৰী কৰাৰ পিছতো কমলৰ দোকানৰ পাঁচভাগৰ এভাগ আতচবাজীও বিক্ৰী হোৱা নাই৷ কমলৰ অপৰাধ এটাই৷ সি চীনত নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিছে৷ তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে অসমীয়া নিউজ চেনেল কেইটাই দীপাৱলীত ফটকা বৰ্জন কৰিবলৈ আহ্বান জনাইছে৷ তাৰ দোকানৰ সন্মুখতেই ৰতনলাল আগৰৱালাৰ দোকান৷ দীপাৱলী উপলক্ষে ৰতনলালে গ্ৰাহকলৈ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে৷ ৰতনলালৰ দোকানত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে৷ সকলোৱে মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাই হাতে হাতে নতুনকৈ কিনা মোবাইল বা লেপটপ লৈ ৰতনলালৰ দোকানৰ পৰা ওলাইছে৷ সেইবোৰৰ অধিকাংশই চাগে’ চীনত নিৰ্মিত৷

লাহে লাহে দীপাৱলীৰ বজাৰ শেষ হ’ল৷ সকলোপিনে নিজম পৰিল৷ ফটকাৰ শব্দবোৰ লাহে লাহে কমি আহিল৷ দোকান সামৰি কমল ঘৰমুৱা হ’ল৷ ঘৰৰ সন্মুখত ৰৈ কমলে আকাশলৈ চালে৷ ছয়জনীয়া পৰিয়ালটোক সি কেনেকৈ ভৰণ পোষণ দিব? পদূলিৰ বকুলডালৰ তলত কমলে জুপুকা মাৰি বহি থাকিল৷ কিছু সময় পিছত সি থিয় হ’ল৷ তাৰ পিছত ফটকাবোৰ উলিয়াই লৈ ডিঙি, হাত, কঁকালত মেৰিয়াই ল’লে৷ মাজনিশা কমলৰ আৰ্তনাদক তল পেলাই দীপাৱলীৰ ফটকাবোৰ ফুটিবলৈ ধৰিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!