দীপা মালিক (দিগন্ত চহৰীয়া)

deepa-malik_diganta-sahariya

কাৰ্গিল যুদ্ধৰ সময়। সেনা বিষয়া বিক্ৰম সিং মালিকৰ ঘৰৰ কথা চিন্তা কৰিবলৈ সময় নাই। ৰাজহাড়ৰ টিউমাৰত আক্ৰান্ত তেওঁৰ পত্নী দীপাৰ জটিল অস্ত্ৰোপচাৰ, কিন্তু  বিক্ৰম সিং মালিকৰ পত্নীৰ সেইবোৰ কথা ভাবিবলৈ অকণো অৱকাশ নাই । এফালে দীপা জীৱন মৃত্যুৰ সতে যুঁজি আছে আৰু আনফালে বিক্ৰম সিং দেশৰ বাবে ।
বিক্ৰম সিং যুদ্ধত ব্যস্ত থকাৰ সময়ত দীপাৰ ৰাজহাড়ৰ টিউমাৰ নিৰ্মূল কৰিবলৈ 31 টা জটিল অস্ত্ৰোপচাৰ হৈছিল। কঁকালৰ পৰা ভৰিলৈকে শৰীৰৰ তলৰছোৱাত 183 টা চিলাই পৰিছিল। এই জটিল অস্ত্ৰোপচাৰত দীপাৰ মৃত্যুৰ আশংকাও আছিল। পিছে দীপাৰ জীৱন ৰক্ষা পৰিল। অৱশ্যে চিৰদিনলৈ ঘুণীয়া হৈ পৰিল দীপা। অস্ত্ৰোপচাৰৰ পৰিণতিত পক্ষাঘাতত আক্ৰান্ত হৈ হুইলচেয়াৰেই তেওঁৰ সংগী হৈ পৰিল। কঁকালৰ তলৰছোৱা পক্ষাঘাতগ্ৰস্ত হোৱা দীপাই প্ৰথম অৱস্হাত মৃত্যু কামনা কৰিছিল। কিয়নো বেমাৰ নোহোৱাৰ পূৰ্বে তেওঁ বাস্কেটবল, ছুইমিং আদি খেল খেলিছিল। বিক্ৰমৰ লগতে  দুই কন্যা দেবীকা আৰু অম্বিকাৰ সৈতে হাঁহি-ধেমালিৰে সময়বোৰ অতিবাহিত কৰা দীপাই ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত তেওঁৰ মনত আত্মহত্যাৰ চিন্তায়ো বাহ লৈছিল। অৱশ্যে বিক্ৰমৰ সাহস আৰু অনুপ্ৰেৰণাই দীপাৰ জীৱন সলনি কৰি দিলে ।

দীপাই যিহেতু আগতে সাঁতোৰত ব্যুৎপত্তি প্ৰদৰ্শন কৰিছিল, সেয়ে মহাৰাষ্ট্ৰ পেৰালিম্পিক সংস্থাই তেওঁক শাৰীৰিক বাধাগ্ৰস্ত বা বিশেষভাৱে সক্ষম খেলুৱৈৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালে। সংস্থাটোৰ অনুৰোধত দীপাই বিশেষভাৱে সক্ষম খেলুৱৈৰ সাঁতোৰত প্ৰতিদ্বন্দিতা কৰিবলৈ ল’লে। পেৰালিম্পিক সাতোঁৰ প্ৰতিযোগিতাত ঈৰ্ষণীয় সফলতা অৰ্জন কৰা দীপাই বহুকেইখন আন্তৰ্জাতিক টুৰ্ণামেণ্টতো পদক বুটলিবলৈ সক্ষম হয়।
ইয়াৰ সমান্তৰালভাৱে দীপাই কাৰ ৰেচিং, বাইক ৰাইডিং কৰিও চমক সৃষ্টি কৰে । হিমালয়ৰ বিপদসংকুল পথেৰে কাৰ ৰেচিং কৰা তেওঁ হল ভাৰতৰ প্ৰথম  শাৰীৰিক বাধাগ্ৰস্ত মহিলা। হাতেৰে নিয়ন্ত্ৰণ কৰা বিশেষ কাৰেৰে তেওঁ এই কৃতিত্বৰ অধিকাৰী হৈছিল। দিল্লীৰ পৰা লেহলৈ যাত্ৰা কৰা পথছোৱা যথেষ্ট দুৰ্গম। অলপ ইফাল সিফাল হলে চিধাই মৃত্যু । কিন্তু দৃঢ়মনা দীপাই বিশেষভাৱে নিৰ্মিত কাৰেৰে প্ৰায়  3000 কিলোমিটাৰ  পথ অতিক্ৰমি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।
সাতোঁৰ আৰু দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা দীপাই 2009 চনত এথলেটিকছত ভৰি দিয়ে । খেলিবলৈ লয় জেভলিন থ্ৰু আৰু শ্বটপুট। এই দুয়োবিধ খেলতে তেওঁ সফলতা লাভ কৰে । এছিয়ান চেম্পিয়নৰ সন্মান লাভ কৰা দীপাই আন আন্তৰ্জাতিক প্ৰতিযোগিতাতো চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়।

এনেদৰে এটা পৰ্যায়লৈ দীপাৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে । বিভিন্ন অনুষ্ঠানত অনুপ্ৰেৰণামূলক বক্তৃতা দিবলৈও তেওঁ আমন্ত্ৰিত হয় । কিন্তু দীপাৰ বাবে আন এক  বিস্ময়ে অপেক্ষা কৰি আছিল । ৰিঅ’ দ্য জেনেইৰত অনুষ্ঠিত পেৰালিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই তেওঁ দখল কৰিলে ৰূপৰ পদক । মহিলাৰ শ্বটপুটৰ এফ 53 শাখাত ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই তেওঁ ৰূপৰ পদকটো জয় কৰে । এতিয়া দীপা মালিকক চিনি নোপোৱা মানুহ নাই । পেৰালিম্পিক গেমছত পদক জয় কৰা ভাৰতৰ প্ৰথম মহিলা ক্ৰীড়াবিদ ৰূপে পৰিগণিত দীপাৰ সাফল্যই অইন শাৰীৰিকভাৱে বাধাগ্ৰস্ত মহিলাক নিঃসন্দেহে সাহস যোগাব। দীপাই নিজেও দেশৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত মহিলাসকলৰ বাবে কাম কৰিব বিচাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!