দীৰ্ঘায়ুৰ মুলমন্ত্ৰ: “সাৱধানতা” (ধীৰাজ কলিতা)


“NO SAFETY KNOW YOUR PAIN”
“KNOW SAFETY NO MORE PAIN”
সাৱধানতাই হৈছে জীয়াই থকাৰ আহিলা। সাৱধানে জীয়াই থকা জনৰ জীৱন সুন্দৰ হয়। সাৱধানতাৰ প্ৰয়োজন সকলেই অনুভৱ কৰে কিন্তু তাৰ গুৰুত্ব বহুতেই কমকৈ বুজে। পৃথিৱীত যিমান দুৰ্ঘটনা ঘটে সকলোবোৰৰ মূল কাৰণ অসাৱধানতা। ৰাতিপুৱা শুই উঠি ৰাতি শোৱালৈ বিভিন্নজনে বিভিন্ন কাম কৰে আৰু প্ৰতিটো কামৰ লগত সাৱধানতাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। আপুনি ৰাতিপুৱা শুই উঠিয়েই দিনটোৰ কাৰনে প্ৰতিজ্ঞা লওঁক যে “দিনটো সাৱধানতাৰে পাৰ কৰিম”।ঘৰৰ পৰা ওলাওঁতে যিদৰে ২০টা আঙুলি, দুখন হাত, দুখন ভৰি লৈ ওলাইছিলে ঘৰলৈ উভতি আহোঁতেও যাতে সেই একেজন মানুহ হৈয়ে উভতিব পাৰে তাৰ বাবে এটাই উপায়-সাৱধানতা। কাৰণ আপোনাৰ অসাৱধানতাই আন দহ জনৰ জীৱন শেষ কৰিব পাৰে,আপোনাৰ অসাৱধানতাৰ ভুক্তভোগী পৰিয়ালৰ বাকী দহজন সদস্য হব পাৰে। প্ৰতিজনে নিজৰ পৰিয়ালৰ কাৰণে, আপোনজনৰ কাৰণেই কষ্ট কৰে, উপাৰ্জন কৰে। অসাৱধানতাৰে কৰা যিকোনো কামৰেই ফলাফল শূন্য। সাৱধানতা অকল প্ৰয়োজন বুলিয়েই নহয় সাৱধানতাৰে কাম কৰা এক অভ্যাস কৰি ল’ব লাগে। সাৱধানীৰ মৰণ নাই। ব্যৱহাৰিক কথাটো হ’ল, সাৱধানতাই পৃথিৱীখন দুৰ্ঘটনা শূন্য কৰিব নোৱাৰে কিন্তু বুজন পৰিমাণৰ দুৰ্ঘটনা কমাব পাৰে। নতুনকৈ সজা পকী দলং খনতহে হয় এটাৰ পিছত আনটো দুৰ্ঘটনা,যিখন দলঙৰ সন্মুখত লিখা থাকে,”দুৰ্বল দলং,গাড়ী লাহে লাহে চলাব”………সেইখন দলঙত কেতিয়াও দুৰ্ঘটনা নহয় কাৰণ চালক জনে তাতে খুব সাৱধানে চলায়। আপুনি অসাৱধানতাৰে কৰা যিকোনো কামৰ বাবে আপোনাৰ হাতত ১০০ টা সঁচা/প্ৰয়োজনীয় যুক্তি থাকিব পাৰে কিন্তু তাৰ কাৰণে যদি আনে কষ্ট পায় তাৰ উত্তৰ আপুনি জানো দিব পাৰিব? ধৰক আপোনাৰ দৌৰা-দৌৰি, ঘৰৰ কোনোবাৰ কিবা বিপদত পৰিছে বা অফিচলৈ দেৰি হৈছে…….দৌৰা-দৌৰিকে আপুনি গাড়ীখন লৈ যাওঁতে পিছৰ চকাৰ বায়ু পৰীক্ষা নকৰাকৈ লৈ গ’ল, ফলস্বৰূপে আপোনাৰ টায়াৰৰ বিজুতি ঘটি চলাই থকা ট্ৰেকৰ পৰা গাড়ীখন সোঁহাতে টানি নিলে আৰু সেই মুহূৰ্ত্ততে পিছে পিছে আহি থকা অন্য গাড়ী এখনে খুন্দা মৰাত দুয়োখন গাড়ীয়েই দুৰ্ঘটনাগ্ৰস্ত হ’ল। দুৰ্ঘটনাৰ মূল কাৰণ আপুনি,কিন্তু আপুনি যি দৰকাৰী কাৰণৰ বাবে জানি বুজিও দৌৰা-দৌৰিকে চকাৰ বায়ু পৰীক্ষা নকৰাকৈ ওলাইছিল সেই কাৰণকেইটা কিন্তু আঘাতপ্ৰাপ্ত হোৱা সেই যাত্ৰীকেইজনে মানি নলয়, মানি লোৱাৰ কোনো প্ৰশ্নও নুঠে। সেইকাৰণে প্ৰতিটো মুহূৰ্ত্ততে মনত ৰখা উচিত,যিয়েই কাম নহওঁক কিয় SAFETY FIRST।

Unsafe act আৰু Unsafe condition :-এটা দুৰ্ঘটনাৰ বাবে unsafe act নাইবা unsafe condition অথবা দুয়োটাই দায়ী। সহজকৈ এনেকৈ বুজিব পাৰোঁ, কোনো এটা দুৰ্ঘটনাত যদি আপুনিও আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ মূল কাৰণ আপুনি নিজেই তাক আমি unsafe act বুলি কওঁ আৰু যদি প্ৰাকৃতিক পৰিৱেশ বা আন কোনোবা দায়ী হয় তেতিয়াহ’লে আপোনাৰ কাৰণে সেইয়া unsafe condition। এটা সৰু উদাহৰণ, আপুনি অফিচৰ মজিয়াত খোজ কাঢ়ি থাকোঁতে হঠাৎ পিছলি পৰিলে আৰু আপুনি পিছলি পৰাৰ কাৰণ অনুসন্ধান কৰি গম পোৱা গ’ল যে কোনোবাই তাত পানী পেলাই থৈছিল, তেনেক্ষেত্ৰত সেইয়া unsafe condition কিন্তু যদি আপুনি পিন্ধি থকা ক্ষয় যোৱা চেণ্ডেলযোৰ উক্ত ঘটনাৰ কাৰণ হয় তাক কোৱা হ’ব unsafe act। তাতে আকৌ এটা কথা, মজিয়াত পানী পেলোৱাৰ পিছত তেওঁ যদি উক্ত ঠাই খিনিলৈ অন্য কোনো নাযাবলৈ সন্মুখত এখন পোষ্টাৰ বা চাৰিওফালে ৰছী এডালৰে বান্ধিয়ে জনাই দিয়ে যে সন্মুখত থকা এলেকাখিনি মানুহ চলাচলৰ কাৰনে সুবিধাজনক নহয়,তাৰ পিছতো যদি কথাখিনিক গুৰুত্ব সহকাৰে নলৈ, পোষ্টাৰখনক সন্মান নকৰি তালৈ গৈ পিছলি পৰে তেনেক্ষেত্ৰত সেইটোক ক’ব unsafe act। মন কৰিবলগীয়া যে প্ৰাকৃতিক পৰিৱেশৰ বাহিৰে প্ৰতিটো unsafe conditionৰ কাৰণ unsafe act।

সাৱধানতাৰ দুই মিনিট:-আপুনি গাড়ী চলাব লৈছে, হাল বাব ওলাইছে, পাকঘৰলৈ ভাত ৰান্ধিব গৈছে, কোৰ খন লৈ জাবৰ পেলোৱা গাঁত এটা খান্দিব, পঢ়া টেবুলত বহিছে…………..ইত্যাদি যিকোনো কাম কৰাৰ আগত ২মিনিট সময় চিন্তা কৰকেই কৰক। আপুনি কি কাম কৰিব গৈছে,আপুনি কৰিব লগীয়া কামটোত কি কি ধৰণৰ hazard থাকিব পাৰে। যিয়ে দুৰ্ঘটনাৰ সৃষ্টি কৰে তাকেই hazard বুলিব পাৰি। সেই দুই মিনিট চিন্তাই আপোনাক উক্ত কামটোৰ হিৰ’ বনাই দিব পাৰে কাৰণ দুই মিনিট চিন্তা কৰিলে দুৰ্ঘটনা হোৱা আশংকা ক্ষীণ।

LAST MINUTE RISK ASSESMENT(LMRA)-যিকোনো কাম এটা কৰোঁতে দলত যেতিয়া এজনতকৈ বেছি কৰ্মী থাকিব,সেই কামটো কৰাৰ প্ৰাকমুহূৰ্তত LMRA কৰিব লাগে। LMRA কৰিবলৈ হ’লে, কৰিবলৈ ওলোৱা কামটোৰ সম্পূৰ্ণ জ্ঞান থকা জনে বাকীবোৰক কামটোৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়া অতিকৈ প্ৰয়োজনীয়। ধৰি লওক আপোনাৰ ঘৰত কাম কৰিবলৈ ২ জন কাম কৰা মানুহ লগাইছে। ছাদৰ ওপৰত থকা পানীৰ টেংকিটো আশে-পাশে আৰু ঘৰৰ সন্মুখৰ নলাটো পৰিষ্কাৰ কৰিব দিছে। এতিয়া মানুহ দুজনক কামত লগাই আপোনালোক দুয়ো অফিচলৈ গ’ল। অশিক্ষিত মানুহ, গৃহস্থৰ অনুপস্থিতিত উক্ত কামখিনি কৰাৰ সময়ত বিভিন্ন ধৰণৰ অঘটন ঘটিব পাৰে। দ নলাটোত পৰি যোৱাৰ চান্স থাকে, শেলুৱৈ লগা ছাদ খনৰ পৰা পিছলি পৰিব পাৰে, খুব গৰম কাৰণে বাৰাণ্ডাত থকা টেবুল ফেন খন আনি কাম কৰা মানুহজনে নিজেই বিজুলী সংযোগ কৰিব খুজি শ্বক পাব পাৰে ইত্যাদি। যদি কেনেবাকৈ কিবা এটা অঘটন ঘটে,তাৰ বাবে দায়ী কোন হব? গতিকে আপুনি ১০ মিনিট সময় খৰচ কৰি, সিহঁতে কাম আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ কাম আৰু সম্পৰ্কীয় পৰিৱেশটোৰ বিষয়ে, সাম্ভাব্য দুৰ্ঘটনা আৰু তাৰ পৰিত্ৰাণৰ বিষয়ে সুন্দৰকৈ সহজ-সৰল ভাষাত বুজাই দিয়ক। বিপদৰ পৰা নিশ্চিত ৰক্ষা পাব।

অধিক বিশ্বাস(over confidence)-অসাৱধানতাৰ ফলত সমাজত প্ৰত্যক্ষ-পৰোক্ষ ভাৱে বিভিন্ন ৰঙৰ ঘটনা ঘটে। নিজৰ ওপৰত অধিক বিশ্বাসে দুৰ্ঘটনাৰ সহজ কাৰণ। “কাৰেণ্টৰ কাম কৰি কৰিয়েই দাড়ি-চুলি পকি গ’ল” বুলি দম্ভালি মাৰি কোৱা জনে কোনো বৈদ্যুতিক সঁজুলি (Tester) নোহোৱাকৈয়ে বিদ্যুৎ পৰীক্ষা কৰে আৰু বিপদ মাতি আনে।
চুটি পদ্ধতি(short cut)-যিকোনো কামেই যেতিয়া আমি আচল পদ্ধতিক পিঠি দি চুটি পদ্ধতি অৱলম্বন কৰো,তেতিয়াই দুৰ্ঘটনা ঘটে। দৈনন্দিন জীৱনৰ কেইটামান উদাহৰণ। ঘৰৰ চিলিঙৰ মকৰা জাল চাফা কৰিবলৈ(ওখ কাৰণে) বহল মেজ এখনত উঠি কৰিব পাৰে, কিন্তু ঘৰত তেনেকুৱা খালী মেজ নাই, বা অইন এটা কোঠাৰ পৰা দুজনে ধৰি আনিব লগাৰ এলাহতে আপুনি চুটি পদ্ধতি লৈ প্লাষ্টিকৰ চকী এখনত উঠি চাফা কৰিব ধৰোঁতেই বাগৰি পৰি মৃত্যু পৰ্য্যন্ত হ’ব পাৰে, চেলুটেপ নাই কাৰনে ঘৰত থকা প’পলিথিন এটুকুৰাৰেই বিজুলী তাঁৰ দুডাল জোৰা দিলে। কেইদিন মান পিছত শ্বৰ্ট চাৰ্কিট হৈ বিপদ মাতি আনিব পাৰে। গতিকে কথা হ’ল (right tool) উচিত সঁজুলি নাই যদি এদিন পলমকৈ কৰক, কিন্তু ভালদৰে কৰি বিপদৰ পৰা মুক্ত হওক। অনাহকত কেলেই ৰিস্ক লৈ মৃত্যুক হাত বাউলি মাতে ?
পিষুষ হাজৰিকাৰ বাসভৱনত জুই লগা, মেনহ’লত পৰি কণমানি শিশুৰ মৃত্যু……………ইত্যাদি হ’ল সাৱধানতাৰ প্ৰতি আমাৰ অৱজ্ঞাৰ এক উদাহৰণ। ঘৰত বিজুলী আছে,মাহে বিল দি থাকিলেই আমাৰ দায়িত্ব শেষ নহয়। নিজৰ নিজৰ সুবিধা অনুযায়ী এটা দিন ঠিক কৰক। ধৰক ৬ মাহত এদিন,অমুক মাহৰ প্ৰথমটো দেওবাৰে নিজৰ ঘৰৰ বিজুলী, চিলিণ্ডাৰ, দৰ্জা-খিৰিকী………..ইত্যাদি এদিন পৰিয়ালৰ সদস্যৰ সৈতে ভালদৰে নিৰীক্ষণ(visual inspection)কৰক। চিলিণ্ডাৰ গেছৰ পাইপ ডাল সলাব হৈছে নেকি, খিৰিকিৰ কব্জা টো ঢিলা নেকি?….ইত্যাদি। ৰাস্তাত মৃতদেহ এটা পৰি থকা দেখিলে আমি যিমান হাহাকাৰ কৰিম,খোলা মেনহ’ল এটা দেখিলে সিমানখিনি হাহাকাৰ নকৰো। আৰু যিদিনাখন মৃতদেহ এটা দেখাৰ দৰেই খোলা মেনহ’ল এটা দেখিলেও আমাৰ গাৰ নোম শিয়ৰি উঠে, সিদিনাই বুজিম যে সাৱধানতাৰ প্ৰয়োজনীয়তা আমি গুৰুত্ব সহকাৰে বুজিছোঁ। প্ৰতিজনে সাৱধানতাৰ প্ৰতি দায়বদ্ধ হৈ এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!