দুঃসাহসিক ক্ৰীড়াপ্ৰেমীৰ গন্তব্যস্থান- ডিৰাং উপত্যকা (ৰূপাঙ্কৰ চৌধুৰী)

 dirang

এক সেউজ, প্ৰদূষণহীন স্বাস্থ্যকৰ পাহাৰীয়া পৰিৱেশ। সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৭০০০ ফুট উচ্চতাত অৱস্থিত। জনসংখ্যাও বহুতে কম এই পাহাৰীয়া ঠাইখনৰ। দৈনন্দিন প্ৰয়োজনীয় আহিলা প্ৰায়বোৰেই ইয়াত পোৱা যায়। যান্ত্ৰিকতা আৰু আধুনিকতাই আহি কাষ চাপিছে চহৰখনৰ। কিন্তু সেইবোৰে ইয়াত বিৰাজ কৰা প্ৰাকৃতিক সৌন্দৰ্য্যক ম্লান কৰিব পৰা নাই।

সেউজৰ এই সুন্দৰ দলিচাত যদি আপুনি পৰ্বতাৰোহণ আৰু আনুষঙ্গিক ক্ৰীড়াৰ এক সুবিধা পায়! তাতে যদি সেই সুবিধা আৰু প্ৰশিক্ষণ দিয়ে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ সুদক্ষ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক এচামে? উত্তৰপূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰেই দুঃসাহসী ক্ৰীড়াপ্ৰেমীৰ বাবে এক সুখবৰ! ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু আনুষঙ্গিক ক্ৰীড়া প্ৰতিষ্ঠান (Nation Institute of Mountaineering & Allied Sports) চমুকৈ NIMAS আহি হাজিৰ ডিৰাংত!

ডিৰাং উপত্যকা। এই ডিৰাং উপত্যকাতে আছে ডিৰাং চহৰখন। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত এই সেউজ সুন্দৰ চহৰখন অৱস্থিত। অসমৰ তেজপুৰ চহৰৰ পৰা দূৰত্ব মাত্ৰ ২০০ কি:মি:। স্থলপথ ইয়ালৈ অহাৰ একমাত্ৰ ব্যৱস্থা। ভালুকপুঙলৈ ৰেল-পথৰ কাম চলি আছে। তথাপি যিসকলে ডিৰাং ফুৰিবলৈ আহে তেওঁলোকক তেজপুৰৰ পৰাই টেক্সি গাড়ীৰ ব্যৱস্থা কৰি অহাৰ উপদেশ দিওঁ। তেজপুৰ-ভালুকপুং-ব’মডিলা-ডিৰাং-টাৱাং পথত দৈনিক ‘টাটা চুমো’ গাড়ী টেক্সি হিচাপে চলাচল কৰে। আন গাড়ীও ভাড়াত লৈ আহিবলৈ গুৱাহাটী আৰু তেজপুৰৰ পৰা সুন্দৰ ব্যৱস্থা আছে। তেজপুৰৰ পৰা ডিৰাং পাবলৈ প্ৰায় ৫-৬ঘণ্টাৰ সময় লাগে। আজিৰ পৰা যোৱা ২বছৰ আগতকৈ, ৰাস্তা এতিয়া বহুতেই উন্নত হৈছে।

NIMAS!! দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত ডিৰাঙৰ এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটো দেশৰ ভিতৰতে অন্যতম। ভাৰতবৰ্ষৰ বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত প্ৰতিষ্ঠানৰ ভিতৰত ইয়েই একমাত্ৰ য’ত -জল, স্থল আৰু বায়ু- এই তিনিটা মাধ্যমত বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়া হ’ব। পৰ্বতাৰোহণৰ বাহিৰেও পেৰা-গ্লাইডিং, দুৰ্গম পাহাৰীয়া নিজৰাত নাওখেল আদিৰ লগতে আন বহুতো দুঃসাহসিক ক্ৰীড়াৰ বাবে এক বিজ্ঞানসন্মত ব্যৱস্থাৰে প্ৰশিক্ষণৰ ব্যৱস্থা!

আমাৰ অসমৰ বহুতেই দুঃসাহসিক ক্ৰীড়াৰ অভিজ্ঞতা ল’বলৈ আমাৰ মনালী, দাৰ্জিলিং, কাশ্মীৰ উপত্যকা আদিলৈ যায়। এতিয়া আমাৰ তেনেই কাষতে উপলব্ধ হৈছে- সেই সকলোবোৰ সুবিধা তাতকৈ বৃহৎ পৰিসৰত! এই প্ৰতিষ্ঠানটো সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ উচ্চমানৰ হ’ব বুলি জনাইছে প্ৰতিষ্ঠানটোৰ সঞ্চালক কৰ্নেল গুলশন চাদ্ধাই। বৰ্তমানে অস্থায়ী কাৰ্য্যালয়ৰ পৰা সক্ৰিয় এই প্ৰতিষ্ঠানটোৰ বাবে অনুমোদিত ২২হেক্টৰ ভূমিত, এক বৃহৎ চৌহদত স্থায়ী প্ৰতিষ্ঠান পূৰ্ণগতিত নিৰ্মাণৰত অৱস্থাত।

অসামৰিক ব্যক্তি যিসকলৰ দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি এক দুৰ্বলতা আছে তেওঁলোকৰ বাবে এক সুন্দৰ গন্তব্যস্থান- ডিৰাং। এমহীয়া কাৰ্যসূচীলৈ বিজ্ঞানসন্মত ভাৱে দুঃসাহসিক ক্ৰীড়াৰ আনন্দ ল’বলৈ বৰ বেছি ধন ভাঙিব নালাগে। মাহজোৰা কাৰ্য্যসূচীত থকা-খোৱা মিলাই আনুমানিক মাত্ৰ দহ হাজাৰ টকা- লগতে প্ৰশিক্ষণৰ সফলতা সামৰণিৰ চাৰ্টিফিকেট! এক নিৰিবিলি সেউজ পাহাৰীয়া পৰিৱেশত নিজকে বিলীন কৰি দিবলৈ আহক ডিৰাংলৈ। আহক NIMAS লৈ! তেওঁলোকেতো নিশ্চয় আহক- যিসকলে মনতে এক হেঁপাহ পুহি ৰাখিছে – দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি এক দুৰ্বলতা!! পৰ্বতাৰোহণ, পেৰাগ্লাইডিং বা দুৰ্গম পাহাৰীয়া নদীৰে নাওখেলৰ আমেজ লওঁ বুলি যদি ভাবি আছে- সোনকালে আহক!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!