দুঃস্বপ্ন: অনুৰাগ কৌশিক

বৰকৈ বিষাইছে অ’ পিতাই

বুকুখন বৰকৈ বিষাইছে

তই দেখা সপোনবোৰ নফলিয়াবই চাগে’

এয়া ল.. তোৰ হাতত সপি দিলোঁ মোৰ গুলীবিদ্ধ শৰীৰ

মোৰ মৃত্যুৰ কথা আইক নজনাবি

চেনেহী আই মোৰ, সহ্য কৰিব নোৱাৰিব মোৰ মৃত্যুৰ বাতৰি

তইতো জানই.. ,স্বাধীনতাৰ সপোন দেখিছিলোঁ মই

সেই সপোনৰ পিছে পিছে গৈ ক’ত যে হেৰুৱাই পেলালোঁ নিজক

নিজৰ অস্তিত্বক,

আজি নিজকে বিচাৰি পাবলৈ টান লাগিছে মোৰ

পিতাই অ’ .. সৰুৰে পৰাই দেখিছিলোঁ দাৰিদ্ৰ্য যন্ত্ৰণা

সেয়ে বন্দুক তুলি লৈছিলোঁ পৰিবৰ্তন আনিবলৈ

স্বাধীনতা আনিবলৈ

চা… লম্পটহঁতে এয়া দিলে স্বাধীনতা!

বন্দুকৰ গুলীত স্বাধীনতাৰ ফুল নুফুলে পিতাই

সকলো এতিয়া চয়তানৰ হাতৰ মুঠিত

কেতিয়া যে পুতলা সজাই নচুৱালে গমকে নাপালোঁ

পথাৰৰ মাটিখিনি এইবাৰো উদং হৈ আছে হ’ব পায়

হালৰ গৰুহাল এতিয়া পথাৰত কোনে বাৰু চৰায়..

 

পিতাই অ’… ;

এতিয়া মোৰ হাতত স্বজাতিৰ তেজৰ দাগ

মোৰ মৃত্যুৰ পাছতো সেই দাগ মই মচিব নোৱাৰিম

স্বাধীনতাৰ সপোন দেখা মোৰ চকুহালি ক্ৰমশঃ অৱশ হৈ পৰিছে

হয়তো আৰু কোনোদিনে মই সপোন চুব নোৱাৰিম

আস.. অন্ততঃ আজি এটা কথা বুজিলোঁ পিতাই

আমিবোৰ আমাৰ মাজতেই পৰাধীন হৈ থাকিলোঁ

… আজীৱন … !

___________________________________

One thought on “দুঃস্বপ্ন: অনুৰাগ কৌশিক

  • January 10, 2017 at 2:19 pm
    Permalink

    Comment text..bahh…..borhya

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!