দুটা আধামিনিটৰ গল্প (দিগন্ত বৰা)
১) প্ৰেমিকাৰ বেনী
তেঁও যে কোনেও নজনাকৈ ৰাতিয়েই আহি মোৰ লগত শুই থাকিবহি সেই কথা মই সপোনতো কল্পনা কৰা নাছিলো। কিন্তু কেতিয়াবা সপোনেও ঢুকি নোপোৱা কিছুমান ঘটনা আমাৰ অগোচৰত ঘটি যায়। ৰাতিপুৱাই চিলমিল টোপনীত তেঁওৰ বেনীডালে মোৰ গালত লি লিয়াই দিয়াত বিশ্বাস কৰক একদম মিছা মতা নাই মই ইমানেই অনামী লাজ আৰু ভয়ত থকথককৈ কপিব ধৰিলো যে চকু দুটা মেলিবলৈকে লাজ লাগিল। তেঁও মানে মোৰ প্ৰেয়সীৰ কথাকে কৈছো। ভন্টীৰ বার্থদে খাবলৈ আহি সন্ধিয়া হোৱাত ৰাতিটো আমাৰ ঘৰতে থাকি গ’ল। আৰু ভন্টীৰ লগত শুই থকাৰ পৰা ৰাতি হাতত সাৰে ভৰিত সাৰে আহি মোৰ বিচনাত শুই আছেহি। ছোৱালীবোৰৰ সচাকৈ মৰসাহ আছে জানেনে? মৰসাহ নাথাকিলেনো পৰৰ ঘৰত আহি এনেকৈ পুৰুষৰ কাষত আহি গালত বেনী লগাই হিটলাৰী মেজাজেৰে শুই থাকিব পাৰেনে? অনুৰাগেৰেই তেঁওক পুহি ৰাখো যদিও এই মুহুত্বত মই ইজ্জতৰ ভয়ত অনুৰাগহীন হৈ পৰিলো। থেলা মাৰি তেঁওক আঁতৰাই পঠালো। তেতিয়াই ঘটিল ঘটনাটো। মেও মেওকৈ আমাৰ ঘৰৰ বোন্দা মেকুৰীজনীয়ে মোৰ গালৰ পৰা এঙামুৰি এটা দি নেগুৰডাল আতঁৰাই আনিলে।
২) ভেজাল
৬ বছৰীয়া ল’ৰা এজন নিজা ঘৰৰ চোতালত চকী এখনত বহি আছে। ওচৰতে ল’ৰাজনৰ ৮০ বছৰীয়া ককাকজনে মাটিত পীৰা এখন পাৰি খৰাহী সাজি আছে। লৰাটোৱে বাৰে বাৰে ককাকক তাৰ কাষলৈ মাতি আছে।
: ককা আহানা প্লীজ।
আজি বিশত দহ দিম
: নহ’ব সোন। তোৰ টকা মোক নালাগে।
: আহানা ককা। মোৰ বৰকৈ খজুৱাইছে।
উচাট মাৰি ককাক জন ল’ৰাটোৰ কাষ চাপি আহিল আৰু কলেঃ “কি যে দিনকাল আহিল! আগতে ককাকৰ পকা চুলিহে নাতিনীয়েকে আনিছিল আজিকালি ককাকেহে নাতিনীয়েকৰ মুৰৰ পকা চুলি আনিব লাগে। ভেজাল। চব ভেজাল হ’ল।”….
এইবুলি মুখৰ ভিতৰতে ভোৰভোৰাই ককাকে নাতিনীয়েকৰ মুৰৰ পকা চুলি উভালিব ধৰিলে।