দুষ্ট পদ্য : ধ্ৰুৱজ্যোতি শইকীয়া

হিমন্ত আৰু গগৈ,
নোৱাৰা হৈছোঁ নকৈ,
দুই ম’হৰ যুঁজত,
বিৰিণাৰ মৰণ হ’ব চাগৈ৷

ডেকা আৰু বুঢ়া,
কেতিয়াবা দাদা কেতিয়াবা খুৰা,
ৰাজনীতিৰ মোহ,
লোকে লাভ দেখে পূৰা৷৷

সংবাদ আৰু বিসম্বাদ,
কৰে আবাদ খেনোক বৰবাদ,
মেডামে আছে চাই ওপৰত,
বিজেতাই পাব আশীৰ্ব্বাদ৷

সমালোচনা আৰু গুৱাল গালি,
সচেতন জনতাৰ অতপালি,
লাষ্ট গেট আৰু দিছপুৰ,
ধৰ্ণা প্ৰতিবাদ দেখিবা খালি…৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!