দুৰ্জন (ধীৰাজ নাথ)

‘ৰং অবিহনে জানো ৰামধেনুৰ সৌন্দর্য্য আছে……..

ৰামধেনুৰ নীলাখিনি যদি সুখ

হালধীয়াখিনি দুখ

ৰঙাখিনি যদি খং

তেন্তে সেউজীয়াখিনি আমাৰ ধৈর্য্য…

এই আটাইবোৰ ৰং আছে কাৰণেতো ৰামধেনুখন ইমান স্পেছিয়েল…’

—এই সংলাপখিনি “দুর্জন” ছবিখনৰ সুন্দৰ সংলাপ। সংলাপেই কয় ছবিখন কিমান সুন্দৰ হৈছে।

অসমীয়া চলচিত্ৰৰ দুর্দশা চলি থকাৰ সময়তে কিছুমান ছবিয়ে অলপ হলেও আশাৰ কিৰণ লৈ আহিছে উদ্যোগটোলৈ। “জীৱন তৃষ্ণা”, “দেউতা দিয়া বিদায়”, “ৰামধেনু”, “জীৱন বাটৰ লগৰী”, “জানমণি”, “ৰিচাং”, “ৰ’দ”ৰ পিছত ২৫ অক্টোবৰত মুক্তি পোৱা অসমীয়া ছবি দুর্জনে অসমীয়া চলচিত্ৰ উদ্যোগটোলৈ কিছু আশাৰ বাতৰি কঢ়িয়াই আনিছে। আৰোহণ ফিল্মছৰ প্ৰথম প্ৰস্তুতি ‘দুর্জন’ ছবিখনৰ জৰিয়তে অসমৰ বিভিন্ন সমস্যা যেনে; বানপানী, ডাইনী হত্যা, দুনীর্তিৰ বিষয়ে যেনেকৈ দাঙি ধৰা হৈছে ঠিক তেনেকৈ অসমৰ সৌন্দর্য্যখিনিও দাঙি ধৰিছে। যেনে; অসমৰ চাহ বাগিছা, সেউজীয়া খেতিপথাৰ, হালধীয়াৰে ভৰা সৰিহয়ৰ ফুল, লুইতৰ বিশাল জলৰাশি ইত্যাদি। তদুপৰি ছবিখনৰ আন আন দৃশ্যাৱলীসমূহো লেখত ল’বলগীয়া।

দুজর্নৰ পৰিচালক মৌপ্ৰাণ শর্মা, সংলাপ- লিজা পেগু। চিত্ৰনাট্য- মৌপ্ৰাণ শর্মা, লিজা পেগু। উল্লেখযোগ্য যে লিজা পেগুয়ে সংলাপ দিয়া ‘দুর্জন’ তেখেতৰ জীৱনৰ প্ৰথম ছবি যদিও সংলাপবোৰ অতি সুন্দৰ হৈছে। ইয়াৰ উদাহৰণ ওপৰত দিয়া সংলাপটো। ‘দুর্জন’ৰ সংগীত বিষ্ণু কলিতাৰ। গীতকেইটাৰ ভিতৰত এটি হোলী গীত আৰু এটা বাগনীয়া গীত ছবিখনত আছে।

ছবিখনত অভিনয় কৰিছে উত্‍পল দাসে জ্ঞানমৰ চৰিত্ৰত আৰু মমতাজৰ অভিনেত্ৰী অনন্যা পৰাশৰে গুণগুণৰ চৰিত্ৰত। দুয়োৰে সুন্দৰ অভিনয় দর্শকক মুগ্ধ কৰিবলৈ যথেষ্ট যদিও প্ৰযোজক ড° গুণীন বসুমতাৰীৰ চৰিত্ৰ দুর্জনে ছবিখনৰ সৌন্দর্য্য বৃদ্ধি কৰাত সহায় কৰিছে। তেখেতৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰিয়ে দুর্জনৰ কাহিনীভাগ। ছবিখনৰ ‘ৰূপা’ নামৰ আন এটা চৰিত্ৰত অভিনয় কৰিছে সুদক্ষ অভিনেত্ৰী পাকিজা বেগমে।

ছবিখনৰ পৰিচালক আৰু প্ৰযোজকে আন এটা দিশতো মন দিছে যিটো অসমীয়া চলচিত্ৰৰ অসফলতাৰ কাৰণ বুলি কোৱা হয়। পাব্লিচিটি, হয় ছবি এখনৰ সফলতাৰ আঁৰত পাব্লিচিটিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। অসমীয়া ছবিৰ পৰিচালক আৰু প্ৰযোজকসকলে এই দিশত অতি কম গুৰুত্ব দিয়ে। এইক্ষেত্ৰত দুর্জন ছবিখন কিছু ব্যতিক্ৰম। ছবিখনৰ অভিনেত্ৰী অনন্যা পৰাশৰ, পৰিচালক মৌপ্ৰাণ শর্মা, প্ৰযোজক ড° গুণীন বসুমতাৰী আৰু লিজা পেগুৱে অসমৰ বিভিন্ন টি.ভি চেনেল, ৰেডিঅ’ ষ্টেশ্বন আদিত দুর্জনৰ পাব্লিচিটি কৰা দেখা গৈছিল। এইটো অসমীয়া চলচত্ৰিৰ বাবে এটা শুভ লক্ষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!