দেউতা বিকাশ শইকীয়া

(১)

“দেউতাক মই বেয়া পাওঁ৷ বহুত বেয়া পাওঁ৷ দেউতাই জীৱনত একো কৰিব নোৱাৰিলে৷ এটা চৰকাৰী চাকৰি কৰি গুৱাহাটী হেন চহৰত অতবছৰে থকাৰ পাছতো নিজৰ বুলিবলৈ এটা ঘৰ, এটুকুৰা মাটি কিনিব নোৱাৰিলে৷ দেউতা এটা অপদাৰ্থ, অকৰ্মন্য মানুহ৷ আজিৰ দিনত মানুহক চলিবলৈ টকা লাগে, বহুত টকা৷ নীতি-আদৰ্শৰ ডায়লগৰে পেট নভৰে৷” ………….. ডিম্বেৰ দোকানত মিঠাপাণখন মুখত ভৰাই মই ওচৰতে থকা মনোজক ক’লোঁ।

আচলতে মই হতাশ হৈ পৰিছোঁ৷ এম.এছ.ছি পাচ কৰা এবছৰ হল৷ এতিয়ালৈ একো এটা কৰিব পৰা নাই৷ টিউচন কৰি চলি আছোঁ৷ ৰাতিপুৱা সাতটা বজাতে ঘৰ নামৰ ঠাইটুকুৰাৰ পৰা ওলাওঁ৷ বাছত উঠি টিউচন পঢ়াবলৈ যাওঁ৷ দুপৰীয়া প্ৰাইভেট কলেজ এখনত পঢ়াওঁ৷ ডেৰহাজাৰ টকা দৰমহা৷ আবেলিও টিউচন কেইটামান কৰোঁ৷ ঘৰ সোমাওতে কেতিয়াবা ৰাতি দহ বাজেহি৷

বাইক এখন হ’লে ভাল আছিল৷ অন্তত দুটা টিউচন বেছিকৈ কৰিব পাৰিলোঁহেঁতেন৷ বাছত বহুত সময় নষ্ট হয়৷ কিন্তু পইচা গোট খোৱা নাই৷ অলপ অলপকৈ পইচা গোটাইছোঁ৷

দেউতাক কৈছিলোঁ, বাইক এখন লাগে৷ বহুদিন আগতেই কৈছিলোঁ৷ ইউনিভাৰচিটিত পঢ়ি থাকোঁতেই৷ কিন্তু পইচা নাই বোলে৷ বাইক বোলে বিলাসৰ বস্তু৷ নিম্নবিত্ত মানুহৰ বিলাসী বিলাস৷ সেইদিনা কাজিয়া হৈছিল৷ দেউতাক বহুত গালি পাৰিছিলোঁ৷ অকৰ্মন্য, অপদাৰ্থ, জীৱনত একো কৰিব নোৱাৰা এটা বেকাৰ মানুহ৷ হাততে পোৱা কিবা এটা দলিয়াই দিছিলোঁ৷ ঘৰত এটা শ্বকেচ আছিল৷ আইনাখন ভাগি থাকিল৷

তাৰ পাছৰেপৰা দেউতাক পইচা খোজাৰ কথা ভাবিব পৰা নাই৷ দেউতাক আজিকালি মই ভালকৈ মাত-বোলো নকৰোঁ৷ কাট মাৰি কথা কওঁ৷ প্ৰতিদিনে সোঁৱৰাই দিওঁ যে দেউতাই জীৱনত একো কৰিব নোৱাৰিলে৷

 

(২)

আত্মীয়-স্বজনৰ ঘৰলৈ যোৱা মই বাদ দিছোঁ৷ কথাই প্ৰতি তেওঁলোকে মোক কি কৰি আছোঁ সোধে৷ আচলতে তেওঁলোকে জানে যে মই বিশেষ একো কৰি থকা নাই৷ তথাপিও সোধে, ৰং চায়৷ মোৰ প্ৰতি সহানুভুতি দেখুৱায়৷ তেওঁলোকেও কয়, দেউতাৰে জীৱনত একোৱেই কৰিব নোৱাৰিলে৷

বহুদিন হ’ল বিয়া-বাৰু, জন্মদিন ইত্যাদি ফাংচনলৈ যোৱা নাই৷ কলেজৰ এলুমিনি মিট আছিল যোৱামাহত৷ বিভাস, ৰঞ্জন, নীহাৰহঁত আহিছিল৷ বিভাসে ফোন কৰি মাতিছিল৷ সি মাল্টিনেচনেল কোম্পানী এটাৰ মেনেজাৰ৷ এলুমিনি মিটত নাচ-গান কৰিবলৈ নগ’লোঁ৷ ইম্পৰটেণ্ট টিউচন এটা আছিল৷

এইটো নহয় যে মই কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই৷ কৰিছোঁ, কষ্ট কৰিছোঁ৷ চৰকাৰী-বেচৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছোঁ, পৰীক্ষাবোৰ দি আছোঁ, ইণ্টাৰভিউও দিছোঁ৷ কিন্ত এতিয়ালৈ একো হোৱাগৈ নাই৷ এটা ফ্ৰাচট্ৰেচনত আছোঁ৷

ঘৰত থকা সময়ত এই হতাশাবোৰ আক্ষেপলৈ ৰূপান্তৰিত হয়৷ যদি দেউতাই মাষ্টৰ নোহোৱা চৰকাৰী স্কুলৰ সলনি মোক ভাল প্ৰাইভেট স্কুলত পঢ়ালেহেঁতেন, যদি ভাল মাষ্টৰৰ টিউচন দিয়ালেহেঁতেন, যদি এণ্ট্ৰেন্সৰ বাবে নামী কচিং চেণ্টাৰত কচিং দিয়ালেহেঁতেন…… তেতিয়া হয়তো …….

আক্ষেপবোৰ ওলাই আহে, খঙৰ ৰূপত, দেউতাক হিয়া উজাৰি গালি পাৰোঁ তেওঁৰ অপদৰ্থতা, অক্ষমতা, অকৰ্মন্যতাৰ বাবে৷

দেউতা কেইমাহমান পাছত ৰিটায়াৰ হ’ব৷ তাৰ পাছত ঘৰখন চলাবলৈ আকৌ প্ৰবলেম হ’ব৷ তাৰ আগতেই যদি বাইকখন কিনা নহয় তেতিয়া কাহানিও কিনা নহ’ব৷ সেয়ে মই পইচাবোৰ যা-তাকৈ খৰচ কৰা নাই৷ বহুদিন হ’ল নিজৰ বাবে কাপোৰ-জোতা এইবোৰ একো কিনা নাই৷ এইবোৰো মই বৰ্তমান বিলাসৰ বস্তু বুলি ভাৱি লৈছোঁ৷

 

(৩)

ডিম্বেৰ দোকানত মিঠাপাণখন চোবাই কথাবোৰ পাগুলি আছোঁ৷ মাহৰ প্ৰথম সপ্তাহ৷ দুটা টিউচনৰ পইচা পালোঁ৷ দুহেজাৰমান টকা পকেটত আছে৷ নেক্সট টিউচনটোলৈ এঘণ্টা আছে৷ ঘৰলৈ যাবলৈ মন যোৱা নাই৷

দোকানলৈ মানুহ এজন আহিল৷ মানুহজনক মই দেখিছোঁ আগতে৷ মানুহজনে ঠেলা চলায়৷ মানুহজনে ডিম্বেৰপৰা খেলনা পেঁপা এটা কিনিলে৷

– কি পোলেন দা, মন-চন বেয়া কৰি আছে চোন!…… ডিম্বেই সুধিলে

– ল’ৰাটোৱে বৰ আমনি কৰি আছে অ, কৰবাত ৰিমট কণ্ট্ৰল গাড়ী এখন দেখিলে, এতিয়া সেইখন লাগে লাগে বুলি কন্দা-কটা কৰি আছে, ঠেলা চলাই কেইটানো টকা পাওঁ, ইমান দামৰ গাড়ীখন কেনেকৈ কিনি দিওঁ তয়েই কচোন……… পোলেনে ক’লে।

বাওঁহাতেৰে পোলেনে চকুপানীখিনি মচি ললে৷ আস পোলেন!!

পকেটত টকা দুহেজাৰ আছিল৷ তাৰে নশ টকাৰে দেউতাৰ বাবে চোলা এটা কিনিলোঁ৷ দেউতাই পিন্ধা চোলাকেইটা বহুতদিন পুৰণি৷ দেউতাই কাজু-বৰফি খাই ভাল পায়৷ ওচৰৰে মিঠাইৰ দোকানখনৰ পৰা কাজু-বৰফি কেইটামান ল’লোঁ৷ আগতে প্ৰায়েই দেউতাই অফিচত হোৱা মিটিঙত দিয়া পেকেট লান্সৰ মিঠাইকেইটা লৈ আহিছিল৷ সেইকথাটো মই পাহৰি গৈছিলোঁ৷

ঘৰত সোমালোঁ৷ দেউতাই আচাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো চাই আছিল৷ মোক দেখি দেউতা ভিতৰৰ ৰুমলৈ যাবলৈ উঠিল৷

– দেউতা……………. মই মাতিলোঁ।
দেউতাই ঘূৰি চালে৷ এটা অজান আশংকা দেউতাৰ চকুত দেখা পালোঁ৷

– আপোনাৰ অফিচলৈ যোৱা চোলাটো কাষলতিৰ তলত ফাটি গৈছে৷ চোলা এটা আনিছোঁ, আপোনাৰ বাবে৷ আপুনি বৰফি খাই ভাল পায় নহয়, কাজু-বৰফি কেইটামান আনিছোঁ৷ মাক চাহ অকণ কৰিব দিয়ক …………….. মই বৰফিৰ পেকেটটো খুলি এটা বৰফি দেউতাৰ মুখৰফালে নিলোঁ।

দেউতাৰ দুগালেৰে চকুপানী দুধাৰি বৈ আহিল৷ কিন্তু মই দেখিলোঁ, দেউতাৰ মুখত পাতল হাঁহি এটা৷ বহুতদিনৰ মূৰত দেউতাই হাঁহিছে৷

অতদিনে দেউতাই মোৰ আক্ষেপগ্ৰস্থ ব্যৱহাৰত দুখী হৈ মোৰ বাবে টোকা প্ৰতিটোপাল চকুপানীৰ মূল্য মই কিজানি কাহানিও পৰিশোধ কৰিব নোৱাৰিম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!