দেওবৰীয়া বেলতলা বজাৰ, নিগনি নিগনি নিগনি, আনন্দ-নিৰানন্দ (সুৰজিত নেওগ)

আও.. দোকানলৈ বজাৰলৈ যাবই নোৱাৰা হলোঁ দেখোন … শ্রীমতীয়েই গোটেই সংসাৰখন উধৰ পৰা মুধলৈকে আজুৰি আছে কাৰণে বস্তুপাতিৰ দামদৰৰ বৰকৈ আওভাও নাপাওঁ । মাত্র শুনোহে .. । মই যেতিয়া ঘৰৰ পৰা ওলাওঁ তেতিয়া দোকান-পোহাৰবোৰ নুখুলে আৰু যেতিয়া ঘৰমূৱা হওঁ তেতিয়া প্রায়ে সেইবোৰ বন্ধ হৈ যায় ..!! সেয়ে দোকানলৈ গ’লে স্বভাৱসুলভ গৰম মেজাজৰ ( অইনেহে কয়, মই নিজকে কিন্তু বৰ শান্ত ঠাণ্ডা মগজুৰ বুলিয়েই ভাবো ) বাবে কেতিয়াবা দোকানিৰ লগত খকাখুন্দা লাগে … দাম চামবোৰ শুনিলে অলপ দেৰি ভেবা লাগি চাই থাকো .. অমুক বস্তুটোৰ দাম ইমানহে আছিল বুলিলে দোকানিয়ে কেতিয়াবা ৰগৰ কৰা বুলিহে ভাবে… কিছুমানে আকৌ কয়েই দিয়ে..দাদা কোন জামানাৰ কথা কৈছে? সেইটো দাম চাৰি বছৰমান আগতে আছিল …

সেই কাৰণেই মই বজাৰ নকৰো … দেওবাৰে বেলতলাৰ সপ্তাহিক বজাৰখনলৈ গ’লেও হয় এওঁৰ পিছে পিছে মোনা ধৰি একো নমতাকৈ একান্ত বাধ্যৰ দৰে ঘুৰি ফুৰো নহ’লে গাড়ীখনতে বহি চুৰট হুপি হুপি চাৰিওফালে ৰেহৰুপ চাই থাকো । বৰ ভাল লাগে …. দচ টকা দচ টকা দচ টকা (মানে যিকোনো বস্তু ১০ টকা) …. ফিক্সড ৰেট, নাই নাই এটকাও কম নহ’ব…. গৰমৰ দিনত পৰাপক্ষত মই নাযাওঁ যদিও ঠাণ্ডা দিনত এই বজাৰখনত মই বেচ এনজয় কৰো ..চাৰিওফালে দ’ম দ’ম বন্ধা কবি, ফুল কবি, বিভিন্ন শাক পাচলী… দমাই থোৱা সুমথিৰা, পকা পকা তেতেলী…. আহ… কেতিয়াবা আকৌ কাণৰ কাষতে ‘নিগনী নিগনী নিগনী’ বুলি চিঞৰিলে উচপ খাই উঠো… মানে সেয়া নিগনী মৰা দৰৱ ..!!! এই বজাৰখন ৰাতি ১ টা মান বজাৰ পৰাই আৰম্ভ হয় ।

এবাৰ এওঁ মোক অকলে বজাৰলৈ (টেষ্ট কৰিবৰ বাবে হেনো) পঠিয়াইছিল… লগতে এখন লিষ্ট.. ৰঙালাউ, জিকা, আলু, পিয়াজ, বেঙেনা, বিলাহী ইত্যাদি ইত্যাদি … লিষ্টত নথকা দুটামান শাক-পাচলী এদিচনেলি লৈ মনৰ ফুৰ্টিতে আনিলো মোনা ভৰাই … লগতে এটা তৰ্মুজো লৈ আহিলোঁ। একেবাৰে ৰণ জিকি অহাৰ দৰে এওঁক মোনাখন দি কলো ..’চোৱা, তুমি ভাবা যে মই বজাৰ কৰিব নোৱাৰো, কেনে তাজা তাজা বস্তু লৈ আহিছো’ । দুদিনমান পিছত এওঁ ক’লে, ‘তুমিযে আনিছিলা ৰঙালাউটো, সেইটো আধা গেলা, জিকাখিনি গোটেই তিতা আৰু বেঙেনা খিনিও বহু পোকীয়া …তৰ্মূজটোও থেতেলা খোৱা …’ । আৰে, মই গোটা ৰঙালাউটো চাই কেনেকৈ জানিম যে সেইটো গেলা বুলি !! বেঙেনাকেইটা কাটি চালেহে হ’ব… জিকাবোৰ কিবা চেলেকি চাম নেকি হে ?!! … যিকি নহওক ইণ্ডিপেন্দেন্টলী বজাৰ কৰাৰ মোৰ সংবিধান প্রদত্ত ফ্রিডম সেইদিনাৰ পৰা কাৰ্টেইল কৰা হ’ল … সাতে পাচে মিলি শ্রীমতিৰ পিচে পিচে মোনাখন লৈ ঘুৰি ফুৰাই উত্তম বুলি মই সেইদিন ধৰি থিৰাং কৰিলোঁ। এইকামটো কিন্তু মই বেচ চিৰিয়াচলি কৰোঁদেই !! তেওঁৰ দৰ-দাম কৰাৰ ষ্টাইলটো ভালো লাগে । ইমানত দিয়া যদি দিয়া বুলি কৈ অলপ আতৰি আহোতেই দোকানিয়ে চিঞৰে, ‘বাইদেউ লৈ যাওক’ বুলি …. বঢ়িয়া .. টেকনিকটো ভাল । আলু কিটা লিৰিকি বিদাৰি বাচ বাচি ওজন কৰে, বিলাহীকেইটা কোনোবাফালে ক’লা পৰিছেনেকি চাই লয়. . . কেতিয়াবা মই অত্যুৎসাহি হৈ কিবা এটা তুলি দিলেও কিবা নহয় কিবা এটা বেয়া ওলায়েই । হওক, দিয়া.. পৄথিৱীৰ চব কাম চবেই কৰিব নোৱাৰে নহয়; আই এম নট স্কিল্ড এনাফ তু দু দেট বুলি মনে মনে সান্তনা লভো …মনে মনে হিচাপ কৰো, গঢ়ে ১০ টা বস্তুৰ দাম এটকাকৈ কমালে এদিনত (মানে এসপ্তাহত) ১০ টকাকে এমাহত ৪০ টকা বাচিল । উস… লাগিলে তাৰ কাৰণে কিছু সময় যাওক । ৪০ টকা… মোৰ এপেকেট চুৰটৰ দাম ৫০ টকা… লাভ নাই.. কিডাল হ’ব ?! ডিচ কেলকুলেচন ইজ অলচ’ ভেৰি ইম্পৰ্টেন্ট মেটাৰ …

শৰতৰ আগমন … এতিয়া ফুল ফুলাৰ বতৰ … এওঁ ফ্লাৱাৰবে’ড কিখন আৰু ফুলৰ টাববোৰৰং চং কৰি ৰেডি কৰিছে .. যোৱা দেওবাৰে বেলতলা বজাৰৰ আমাৰ চিনাকী ফুলপুলি বিক্রি কৰা মালাকাৰ দাৰপৰা কিবা কিবি ধেৰ পুলি কিনাৰ লগতে আন গুটিও অলপ ললো সিচিবৰ বাবে …। হঠাৎ মনত পৰিল আজিকালি ল’ৰাটোৰ স্কুলত প্রায়ে ৰঙাজবা ফুল লাগে; প্রেক্টিকেলৰ কাৰণে, পুলি এটা ললো । ভাল চাই নলোৱা দা এখন লওঁ বুলি দা-কটাৰি-কুঠাৰ-কৰত বেচা বেপাৰীজনৰ ওচৰ পালোগৈ … আৰে, কি কোৱা হে, এখন দাৰ দাম ইমান হ’ব পাৰে নেকি ? লোহাৰ দামটো ইমান বঢ়া নাই । দোকানীয়ে ক’লে ‘দাদা, হলে কি হ’ব? পেট্রল ডিজেলৰ দাম কিমান বাঢ়িল ? আপুনি কিনা শাক পাতৰ দাম বঢ়া নাই জানো ? তেনেহলে ?’

হয় কথাটো । কি বস্তুৰ দাম নাই বঢ়া ? নাই মনতেই নপৰে দেখোন … পেট্রল, ডিজেলৰ কথা নকলোৱেই যেনিবা . . . চাউল, ডাইল, নিমখ, কম্পিউটাৰ, হাৰ্ডডিস্ক, ৰেম, আলু, ফুল পুলি . . .এবটল বীয়েৰ ৮০ টকা, এটা ফিল্টাৰ চুৰট ৫ টকা … বাচ ভাড়া বাঢ়িল ২৫% । এতিয়াৰ পৰা মোৰ শশুৰবাড়ী তিনিচুকীয়ালৈ লাগিব আধাহাজাৰ টকা … হয়তো, দা খনৰ দাম নেবাঢ়িব নেকি ? চাৰিওফালে মূল্যবৄদ্ধি, হমমমম .. লেটলি শুনিলো, আনকি গড়ৰ খৰ্গটোৰো হেনো দুগুন দাম হ’ল ; আগতে এটাৰ দাম আছিল ২০ লাখ মাত্র, এতিয়া মুটামুটি ৪৫ লাখ মান হলগৈ হেনো । বস্তুৰ ইম্মান দাম বাঢ়িছে, মানুহে এটা দুটা গড় মাৰিবই । খৰ্গ চৰ্গ বিকি ঘৰ-ঘৰোহাক পোহপাল নিদিলে হ’ব নেকি । সেইটোনো কি এনে ডাঙৰ কথাডাল হ’ল ? মুৰুখমতি হঁতে নুবুজে । এনেই চিঞৰ বাখৰ ডাল কৰিলেই হ’ব নেকি ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!