দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত্য বৰঠাকুৰ)

(যো‌ৱা সংখ্যাৰ পিছৰ পৰা)
আপুনি ব্য‌ৱহাৰ কৰা প্ৰসাধন সামগ্ৰীবিধ দৰাচলতে পৰিষ্কাৰ নে অপৰিষ্কাৰ, মোবাইল ফোনৰ জৰিয়তে আপুনি তাক বজাৰৰ মাজতেই পৰীক্ষা কৰি ল’ব পাৰিব বুলি ক’লে আপোনাৰ বাৰু কেনে লাগিব?

সৌন্দৰ্য চৰ্চাৰ জগতখনত কেইবাবিধো অপৰিষ্কাৰ যেন লগা সামগ্ৰীৰ প্ৰয়োগৰ কথা ইতিমধ্যে আলোচনা কৰা হৈছেই। সেইবিলাকৰ অধিকাংশকেই প্ৰচলিত ধাৰণা অনুসৰি কোনো কোনো স্থানত অপৰিষ্কাৰ বুলি গণ্য কৰা হ’লেও প্ৰাকৃতিক উপাদান হো‌ৱা হেতু সিবিলাকৰ পৰা দেহত হ’ব পৰা ক্ষতিৰ পৰিমাণ সাধাৰণতে নগণ্য হয়। আনহাতেদি, কৃত্ৰিমভাৱে তৈয়াৰ কৰা প্ৰসাধন সামগ্ৰীসমূহক ওপৰে ওপৰে চালে পৰিষ্কাৰ যেন লাগিলেও তাত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ মানুহৰ শৰীৰৰ বাবে প্ৰকৃততে অপৰিষ্কাৰ বা ক্ষতিকাৰকো হ’ব পাৰে। পিছে, একোজন সাধাৰণ গ্ৰাহকৰ বাবে তেওঁ কিনিবলৈ যো‌ৱা কোনবিধ প্ৰসাধন সামগ্ৰীত কি কি অপকাৰী পদাৰ্থ মিহলি হৈ আছে অথবা তেনে সামগ্ৰীৰ পৰা শৰীৰৰ কোন অংশত কেনেকুৱা ধৰণৰ অপকাৰ হ’ব পাৰে সেই বিষয়ে বিচাৰ কৰি চাবলৈ যথেষ্ট জ্ঞান নাথাকে। ব্য‌ৱসায়িক কাৰণত প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা প্ৰতিটো প্ৰতিষ্ঠানে নিজৰ উৎপাদিত সামগ্ৰীক আনৰ উৎপাদনতকৈ অধিক ফলপ্ৰসূ বুলি ক’বলৈ যত্ন কৰে। এনে সামগ্ৰীবিলাকত ব্য‌ৱহাৰ কৰা ৰাসায়নিক উপাদানসমূহৰ নাম আৰু পৰিমাণৰ বিষয়েও সম্পূৰ্ণ স্পষ্টকৈ উল্লেখ নাথাকে। ফলত গ্ৰাহকে “পৰিষ্কাৰ সামগ্ৰী” কিনাৰ নামত স্বাস্থ্যজনিত ভাবে অপৰিষ্কাৰ আৰু বিপজ্জনক সামগ্ৰী কিছুমানকেই কিনি পেলাবলগীয়া হয়।

মাৰ্কিন স্বাস্থ্য গ‌ৱেষণা আৰু ওকালতি গোটৰ পৰিবেশ কৰ্মীদল (US health research and advocacy group Environmental Working Group, চমুকৈ EWG)এ প্ৰকাশ কৰা মতে নিজকে সুন্দৰ কৰি ৰাখিব বিচৰা এগৰাকী মহিলাই বছৰটোত প্ৰায় ১৬৮বিধ ৰাসায়নিক সামগ্ৰীৰ সংস্পৰ্শলৈ আহিবলগা হয়। এই EWGএ ২০০৪ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত পো‌ৱা প্ৰায় ৭৮০০০ বিধ প্ৰসাধন সামগ্ৰীত প্ৰাপ্ত সম্ভাব্য বিপজ্জনক উপাদানসমূহ সামৰি এক চৰ্ম গভীৰ তথ্যতালিকা (EWG’s Skin Deep® Cosmetics Database) তৈয়াৰ কৰে। EWGএ পিছলৈ এপল আৰু এণ্ড্ৰইডযুক্ত ফোন(Apple and Android devices)ত ব্য‌ৱহাৰ কৰিব পৰাকৈ স্কিন ডীপ এপ্‌ (Skin Deep® app) নামৰ এটা এপ্লিকেশ্যন সাজি উলিয়ায়, যাৰ দ্বাৰা প্ৰসাধন সামগ্ৰী ক্ৰয় কৰিবলৈ বিচৰা এজন ব্যক্তিয়ে অতি সহজে চাৰি প্ৰকাৰে সহায় লাভ কৰিব পাৰে। এই এপ্লিকেশ্যনৰ জৰিয়তে ব্যক্তিগত যত্ন পণ্য (personal care products) ক্ৰয় কৰিবলৈ যো‌ৱা এজন গ্ৰাহকে এটা সামগ্ৰীৰ পেকেটত থকা বাৰ-ক’ড স্কেন কৰি বা EWGৰ তথ্যতালিকাৰ পৰা ইয়াৰ স্ক’ৰ আৰু সম্পূৰ্ণ তথ্য জানিবলৈ পো‌ৱাৰ উপৰি ক্ৰয়ৰ বাবে শীৰ্ষ কিটিপ (Top tips) লাভ কৰিব পাৰে। এই স্কিন ডীপ এপটো‌‌ৱে বৰ্তমান প্ৰয়োগকাৰীক ৭২০০০ বিধ ব্যক্তিগত যত্ন পণ্য, ২৫০০টা ব্ৰেণ্ড আৰু ৯০০০বিধতকৈও অধিক উপাদানৰ তথ্য আৰু অনলাইন নিৰাপদ মূল্যায়ণ যোগান ধৰিবলৈ সক্ষম।

অপৰিষ্কাৰ ভাবক পৰিষ্কাৰ কৰক, অৰ্থাৎ THINK DIRTY DO CLEAN -এই শ্ল’গানেৰে আগবঢ়া অন্য এক সংগঠণে প্ৰসাধন আৰু ব্যক্তিগত যত্ন পণ্যসামগ্ৰীত থকা অপৰিষ্কাৰ বা অপকাৰী উপাদানসমূহৰ বিষয়ে গ্ৰাহকৰ মাজত জ্ঞান তথ্য আদি বিতৰণ কৰি এই বিষয়ত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা আৰু উৎপাদন প্ৰতিষ্ঠানবিলাকক এনে অপকাৰী উপাদানৰ ব্য‌ৱহাৰৰ বাবে নিৰুৎসাহিত কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে ২০১২ চনত টৰণ্টোৰ ডিজিফেষ্টত শ্ৰেষ্ঠ পুৰষ্কাৰ (It’s a Start Competition Grand Prize by Digifest Toronto) পাবলৈ সক্ষম হৈছিল। সেই সংগঠনটো‌ৱে পিছলৈ, অৰ্থাৎ ২০১৩ চনত Think Dirty® নামেৰে আই-ফোনত ব্য‌ৱহাৰ কৰিব পৰা এটি এপ্‌ ৰ উদ্ভা‌ৱন কৰে, য’ত ৬৮৩০০বিধতকৈও অধিক উৎপাদনৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছিল। এই এপৰ সহায়ত ব্য‌ৱহাৰকাৰীয়ে সামগ্ৰীৰ খোলাত কথা বাৰ-ক’ড স্কেন কৰি বা ফটোৰ জৰিয়তে অপৰিষ্কাৰ মিটাৰ (Dirty Meter)ত সামগ্ৰী বিধৰ অৱস্থান পৰীক্ষা কৰিব পাৰে।

বৰ্তমানলৈকে Skin Deep® আৰু Think Dirty® নামৰ এপ্‌ কেইটাই আমেৰিকা, কানাডা, ইউৰোপ আদি দেশত উৎপাদিত সামগ্ৰীসমূহতেই ঘাইকৈ সীমাবদ্ধ আছে যদিও প্ৰসাধনৰ ক্ষেত্ৰখনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত আহিবলৈ ধৰা এই সজাগতাই যে অতি শীঘ্ৰেই বিশ্বৰ বাকী অংশৰ সামগ্ৰীসমূহকো সামৰি লৈ সৌন্দৰ্য চৰ্চাক এক বিশ্বজনীন পৰিষ্কাৰ-পৰিচ্ছন্ন বিজ্ঞানলৈ ৰূপান্তৰিত কৰিব, সেয়া নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!