দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা

(যো‌ৱা সংখ‌্যাৰ পিছৰ পৰা)

 

অচিন্ত বৰঠাকুৰ

 

 

কেঁচুৰ বিষ্ঠাৰ দৰে অপৰিষ্কাৰ সামগ্ৰীক প্ৰসাধন হিচাপে ব‌্য‌ৱহাৰ কৰাৰ খবৰ বহুতৰ বাবে এতিয়াও হয়তো বিশ্বাসযোগ‌্য হৈ উঠা নাই। অবিশ্বাস‌্য হ’লেও সত‌্য যে, জেকা মাটি, গোবৰ বা পঁচা জাবৰৰ দ’মৰ দৰে অপৰিষ্কাৰ স্থানত বসবাস কৰা কেঁচু নামৰ প্ৰাণী বিধে বৰ্তমান সৌন্দৰ্যসাধনাৰ জগতখনত এক বিপ্ল‌ৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। মূখমণ্ডলৰ পৰা বলিৰেখা আৰু বয়সৰ চাপ নোহো‌ৱা কৰিবৰ উদ্দেশ‌‌্যে সচৰাচৰতে ব‌্য‌ৱহাৰ কৰা বজাৰত উপলব্ধ অন‌্যান‌্য প্ৰসাধন সামগ্ৰীসমূহতকৈ কেঁচুৰ বিষ্ঠাৰ পৰা তৈয়াৰী সামগ্ৰীবিধ বহুগুণে অধিক ফলপ্ৰসূ বুলি বিজ্ঞানসন্মত অধ‌্যয়নৰ জৰিয়তে ইতিমধ‌্যে প্ৰমাণিত হৈছে।

কেঁচুৰ বিষ্ঠাক প্ৰসাধন সামগ্ৰী হিচাপে ব‌্য‌ৱহাৰ কৰাৰ ধাৰণাটো আহিছিল জৈ‌ৱ সাৰ ব‌্য‌ৱহাৰ কৰা এচাম খেতিয়কৰ চালৰ পৰা কিছুমান দীৰ্ঘদিনীয়া চৰ্মৰোগ নোহো‌ৱা হৈ পৰাৰ পিছৰ পৰাই। জৈ‌ৱ সাৰত থকা কেঁচুৰ বিষ্ঠাৰ সৈত‌্যে পানী মিহলি হৈ সৃষ্টি হো‌ৱা পানীয়ৰ সংস্পৰ্ষলৈ সঘনাই আহি থাকিবলগা হো‌ৱা জৈ‌ৱ কৃষকসকলৰ চালৰ পৰা ক’ব নো‌ৱৰাকৈয়ে চ’ৰিয়’চিছ (Psoriosis), একজিমা(Eczema)-ৰ দৰে চালৰ ৰোগসমূহ আঁতৰি গৈছিল। কেঁচুৰ বিষ্ঠাৰ এই বিশেষ গুণটো ধৰা পৰাৰ পিছত তাক বিজ্ঞানসন্মতভাবে অন‌্যান‌্য মানুহৰ চালত প্ৰয়োগ কৰি সুফল পো‌ৱা যায় আৰু পিছলৈ, প্ৰায় ২০১১চন মানৰ পৰা তাৰ ব‌্য‌ৱসায়িক উৎপাদন আৰু বিশ্বজোৰা পৰিবেশন আৰম্ভ কৰা হয়। সম্প্ৰতি GSC Products নামৰ প্ৰতিষ্ঠানটো‌ৱে Fresh Beauty Market নামৰ প্ৰস্তুতকাৰক প্ৰতিষ্ঠানটোৰ জড়িয়তে কেঁচুৰ বিষ্ঠাৰে সমৃদ্ধ সৌন্দৰ্যচৰ্চাৰ সামগ্ৰীবিধ নিজাববীয়াকৈ উৎপাদন কৰি তাক Wrinkle Butter ব্ৰেণ্ড নাম ব‌্য‌ৱহাৰ কৰি বজাৰত এৰি দিছে। তেওঁলোকে কেঁচুৰ বিষ্ঠাক বীজাণুমুক্ত কৰি তাৰ লগত নিৰ্দিষ্ট অনুপাতত সেউজীয়া চাহ, চায়েনী, MSM, কেফেইন, হায়ালুৰনিক এচিড আৰু বনস্পতি তেল যোগ দি আম, ছিয়া (Shea) আৰু ক’ক’ (Cocoa)ৰ মাখনৰ সৈতে মিহলাই এই মিশ্ৰণটো তৈয়াৰ কৰে। GSC Products নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিস্থাপক, ‌ৱেইন পেৰী (Wayne Perry)-য়ে ২০১১ চনতেই সংবাদ মাধ‌্যমৰ আগত দাবী কৰা মতে মানুহৰ দেহৰ যিকোনো অংগৰ চালত এই মিশ্ৰণটো‌ প্ৰয়োগ কৰাৰ প্ৰায় লগে লগেই চালৰ সেই অংশটো কোমল, মসৃণ আৰু নমনীয় হৈ পৰা দেখা যায়। তেওঁৰ গ্ৰাহকসকলৰ মাজৰ একাংশই Wrinkle Butter ব‌্য‌ৱহাৰ কৰি ইতিমধ‌্যে একজিমা আৰু চৰিয়’চিছৰ পৰা পৰিত্ৰাণ পাইছে বুলিও উল্লেখ কৰিছে। উল্লেখযোগ‌্য যে, বৰ্তমান বিশ্বৰ বিভিন্ন বজাৰত এই সামগ্ৰীবিধৰ প্ৰতি আউন্সৰ মূল‌্যই ২৪ৰ পৰা ৩০ মাৰ্কিন ডলাৰ পৰ্যন্ত চুইছেগৈ।

কেঁচুৰ বিষ্ঠাৰ এই যাদুকৰী ক্ষমতাৰ আঁৰত তাত থকা পেপ্টাইড আৰু এনজাইমসমূহকেই মূল বুলি ভবা হৈছে। ইয়াৰ উপৰিও তাত থকা অক্সিন, কাইনেটিন, হিউমে’ট, চাইট’কাইনিন আদি পদাৰ্থইও মানুহৰ চালৰ ক’লাজেনৰ সৃষ্টি প্ৰক্ৰিয়াক আৰু কোষৰসমূহৰ সন্তুলিত বিকাশক ত্বৰান্বিত কৰে আৰু চালৰ গঠন মজবুত হো‌ৱাত সহায় কৰে। এইবিলাকে চালৰ কোষসমূহক পানী ধৰি ৰখাত আৰু মুক্ত মূলক (Free radicals) গঠনৰ বিৰূদ্ধে যুঁজাতো সহায় কৰে।
(আগলৈ)

তথ‌্যসূত্ৰসমূহ:-
(১) http://www.nytimes.com/2012/07/05/fashion/fertilizer-for-the-face-beauty-industry-turns-to-animal-secretions-and-droppings-for-ingredients.html?_r=0
(২) http://www.prweb.com/releases/2011/6/prweb8591971.htm
(৩) http://www.vibrantnation.com/fashion-beauty/cosmetics/earthworm-poop-the-next-hot-thing-in-anti-wrinkle-face-cream/
(৪) http://www.wildearthmarket.com/wrinkle-butter-with-earthworm-complex-fbm00278.html

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!