দেশভক্তি চাহ: মনজিত

দেশভক্তি চাহ

মনজিত

আমাৰ সকলোৰে চিনাকী নবীনে আজি এমাহ আগতে নগৰৰ মাজ মজিয়াত থকা এল আই চি অফিচলে ট্রান্সফাৰ হৈ আহিছে মার্কেটিং অফিচাৰ হিচাপে প্রম’চন পাই । এল আই চি এজেন্ট হিচাপে আৰম্ভ কৰি বহু কষ্টৰে মানুহৰ উপলিঙা ককর্থনা সহি সামৰি সি আজি এই অৱস্থা পাইছে । আৰু তাৰ কষ্টক মেনেজমেন্টে যথা যোগ্য সন্মান জনাই প্রম’চন দি হেড অফিচত পঠাইছে যাতে মানুহৰ মাজত এল আই চিৰ প্রতি থকা উপহাসৰ সুৰ সোনকালে সলাব পাৰে । জীৱনটোৱে দি যোৱা নানা অভিজ্ঞতাৰে সি বাৰু কৈয়ে অভিজ্ঞতাপুষ্ট । সেয়ে অতি কম সময়তে তাৰ বুদ্ধিমত্তা আৰু বাক পটুতাৰে মানুহক এল আই চি উপকাৰিতা আৰু বিশ্বাস যোগ্যতা বুজাই দিবলে সক্ষম হ’ল । সকলোৱে বুজি উঠিলে যে দুদিন দেৰিকেই হওক কিন্তু কষ্টৰে আর্জি জমা থোৱা ধন কেতিয়াও মাৰা নাযায় । বৰঞ্চ নিজৰ লগতে পৰিয়ালটোৱে বিপদত আর্থিক ভাবে ডাঙৰ সকাহ হে পাই । প্রতি বছৰে পোৱা টেক্স ৰিবেট টো আছেই । আৰু বহু পাবত গজা বিত্তীয় প্রতিষ্টানৰ দৰে দুদিনতে ডাবল কৰি দিম বুলি কৈ আভুৱা ভৰা চিষ্টেম এল আই চিত নাই বা শ্বেয়াৰ মার্কেটেও হিলাব নোৱাৰে ইয়াক ।
এতিয়া চাগে ভাবিছে এল আই চিৰ লগত দেশভক্তি চাহৰ সর্ম্পক কি ? এল আই চিৰ কথাটো মাথো এই লেখাটো দিঘলীয়া কৰিবলেহে লিখা হ’ল । লগতে এই লেখাটো যি সকলে পঢ়িছে বা পঢ়িব তেওলোকে যেন নবীনৰ ওছৰত একোখন কৈ এল আই চি খোলে যেন তাকো বিনম্র অনুৰোধ কৰা হ’ল।

এতিয়া আচল কথালে আহো, নবীনে আফিচত ভৰি দিয়াৰ প্রথম দিন ধৰি আজিলৈকে প্রতি দিনে পুৱা আৰু আবেলি চাৰি আলিৰ চুকৰ চাহৰ ঘুমটি খনত চাহ খাই । খুটীৰ মহৰ খাটি গাখীৰেৰে বনোৱা চাহ কাপৰ বাবে সেই ঘুমটি খনৰ চাহ কাপ গোটেই নগৰ খনতেই বিখ্যাত । নকলেও হ’ব চাগে যে সেই চাহৰ দোকানৰ মালিক আমাৰ সকলোৰে অতিকে মৰমৰ থুলোক ডাঙৰীয়া । লগতে এই খিনিতে সকলোৱে জানে যদিও কৈ থও সততা, কষ্ট আৰি নিষ্ঠা এই তিনিটা নবীনৰ দৰে থুলোকৰো ডাঙৰ অলংকাৰ । সেই তিনি অলংকাৰকেই মুলধন হিচাপে লৈ আৰম্ভ কৰা ঘুমটি খনে, তাৰ হাতত প্রাণ পাই উঠা সোৱাদ চাহ কাপৰ গাত ভেজা দি আতি কম সময়তে জনপ্রিয় হৈ পৰিলে । সেয়ে প্রায় সকলো সময়তে সকলো শ্রেণীৰ মানুহে ভিৰ কৰি থাকে সেই চাহ কাপৰ সোৱাদ লও বুলি । ইফালে জিভাত সোৱাদটো লেপেটা কাঢ়ি বহাৰ দিন ধৰি নবীনকো সদায় চাহ কাপে ৰিঙিয়াই ৰিঙিয়াই মাতে পুৱা আবেলি । সদায় আহ যাহ কৰোতে কৰোতে থুলোকৰ সতে তাৰ ভাল সম্পর্ক গঢ়ি উঠাছে নৰীনৰ । কাষ্টমাৰৰ ভিৰৰ মাজতে নৱীনে প্রথম দিনাৰ পৰা এটা কথা লক্ষ্য কৰি আহিছে যে সদায় পুৱা এজন আৰক্ষীৰ লোক খাকী পোচাকত ঘুমটি খনলে আহে আৰু তেও আহিলেই থুলোকে লৰা লৰিকে চাহ একাপ বাকি “জয় আই অসম” বুলি কৈ তেও লৈ আগ বঢ়াই দিয়ে । আৰু তেওঁৱো বৰ তৃপ্তিৰে খাই উঠি কাপটো বহা টেবুল খনত ৰাখি থুলোকলে চাই মিচিকিয়া হাঁহি এটা মাৰি পইছা পাতি নিদিয়াকে গুছি যায় । থুলোকেও প্রতি সম্ভাষন জনাই একো নোকোৱাকে লগুৱাটোক কাপটো আওখালি থবলে অর্ডাৰ দি কামত লাগে । সদায় একেটা দৃশ্যকে দেখি দেখি নৱীনৰ বাৰু কৈয়ে কৌতুহল উপজিল যে আচলতে কেছ টো কি । “জয় আই অসম” বুলি কৈ কেৱল সেই পুলিছ জনকেই চাহ কাপ দিয়াৰ ৰহস্যটো কি ? জানিবলে তাৰ বৰ কৈ মন গ’ল । সুধিম সুধিম কে এদিন পুৱা সুধিয়েই পেলালে কথাটো । থুলোকে ক’লে এতিয়া ভিৰ বহুত আছে আপোনাক আবেলিকে ক’ম । বেছ উৎকন্ঠাৰে এটা বেলা পাৰ কৰি আবেলি সি থুলোকৰ দোকান পালেহি মানুহৰ ভিৰ হোৱাৰ আগতেই । তাৰ কৌতুহলটো পুনৰ ডাঙি ধৰাত থুলোকে ক’লে
“ সেই কাপ দেশভক্তি চাহ সেয়ে ‘জয় আই অসম’ বুলি কৈ দিও আকৌ । ”
“ দেশভক্তি চাহ ? সেইটো আকৌ কেনেকুৱা চাহ । আৰু কেৱল সেই পুলিছ জনকেই কিয় দিয়া আমাক কিয় নিদিয়া ? ” বাঢ়ি অহা কৌতুহলতোক দমাব নোৱাৰি নৱীনে আকৌ সুধিলে
“ সেই কাপ চাহ অমূল্য মানে কোনো মূল্য নিদিয়াকে পোৱা হয় ।সেয়ে আপোনালোকক দিব নোৱাৰো অ’ । ” আৰু অলপ চাচপেন্স ৰাখি থুলোকে মিচিকিয়াই উত্তৰ দিলে ।
“ হেৰা আৰু পাক নলগাবা আৰু । মাথা ঘুৰাই যাব মোৰ । চিধা চিধি কৈ দিয়া না আছল ফান্দা টো কি ? ” নৱীনে অর্ধৈয্য হৈ কৈ উঠিল ।
“ শুনক আপোনাকেই কৈছো চাহ কাপৰ আছল ৰহস্যটো, আপুনি কাকো নকয় বুলি বিশ্বাস এটা ৰাখি । ” ফুছ ফুছাই কোৱা দি ক’লে থুলোকে
“ তোমাৰ বিশ্বাসৰ বিশ্বাস ৰাখিম চিন্তা নকৰিবা । মাথো কোৱা, কাহিনীটো কি ? “
“ চাওক মোৰ ইয়াতে বিভিন্ন ঠাইৰ বিভিন্ন জনে চাহ খায়হি কোনো হিন্দু কোনো মুছলিম কোনো শিখ অথবা কোনো খ্রীষ্টান,কোনো অতিকে ধনী কোনো নিছেই দুখীয়া কিন্তু সকলোৱে সমান চাহ সমান দাম দি খায় । “ থুলোকে গম্ভীৰ সুৰত কৈ গ’ল
“ সেই খিনিলেকে বুজিলো তাৰ পাছত ? ” আকৌ নৱীনৰ কৌতুহলী প্রশ্ন ।
“ সেই পুলিছ জনে মোৰ দোকান আৰম্ভ হোৱাৰ দিন ধৰি মোৰ ইয়াতে চাহ খাই । প্রথম দুদিন মান আপোনালোকে খোৱা চাহেই দিছিলো তেওক । চাহ কাপ খাই তেও ভালেই পাই পিছে পইছা খুজিলেহে হয় ধমক দিয়ে নহয় পুলিছে কেতিয়াবা পইছা দিয়া ক’ৰবাত শুনিছ নেকি বুলি কৈ ভেঙুচালি কৰি গুছি যায় । সকলো গমি পিতি মই দেখিলো যে এনেকে নহ’ব আৰু । সেয়ে ভালকে অংক কৰি, উপাই এটা ভাবি উলিয়ালো ” থুলোকে কৈ গ’ল ।
“ উপাই টো কি ? সোনকালে কোৱা ।“ নৱীন যেন ৰবই নোৱাৰিব ।
“ তেওৰ এটা ভাল গুন কি তেও সদায় এটা টাইমতেই আহে । মই কৰিলো কি তেও অহাৰ থিক আগে আগে চাহ কাপ ৰেডী কৰো আৰু আহিলেই ‘জয় আই অসম’ বুলি কৈ তেও লৈ চাহ কাপ আগ বঢ়াই দিও । তেওৱো বেচ তৃপ্তিৰেই খাই পইছা নিদিয়াকে গুছি যায় । প্রথম দিনা খন সুধিছিল ‘জয় আই অসম’ বুলি কিয় কৈছো মই ? মই তেতিয়া ক’লো আপুনি পুলিছ মানুহ আপোনালোৰ হাততেই আছে আমাৰ লগতে দেশৰ সুক্ষাৰ দায়িত্ব গতিকে আপোনাৰ বাবে স্পেচিয়েলি একাপ চাহ বনাই উলিয়াইছো যাৰ নাম দিছো ‘দেশভক্তি চাহ’ । যাতে আপুনি এই চাহ কাপত সোহা মৰাৰ লগে লগে সতেজ হৈ পৰে আৰু দেশৰ স্বার্থত নিজকে ১০০% নিয়োজিত কৰিব পাৰে । বছ তেও খুছ , চাহ কাপ খাইটো আৰু খুছ । পকেটৰ পৰা ১০ টকা এটা উলিয়াই মোৰ মুখৰ আগত তিনি পাক ঘুৰাই ভগৱানে মংগল কৰক টাইপত কিবা এটা কৈ আকৌ ১০ টকাটো পকেটত ভৰাই থ’লে আৰু সদায় এই চাহ কাপৰেই বিনামূলীয়া অর্ডাৰ এটা জাৰি কৰি খুছী খুছী নিজ ৰাস্তা পোনালে । সেই দিন ধৰি ‘জয় আই অসম’ আৰু এই দেশভক্তি চাহ ধাৰাবাহিক ভাবে চলি আহিছে আৰু । হেঃ হেঃ । ” থুলোকে কৈ কৈ মিচিকিয়াই উঠিল
“ কিন্তু বনোৱা কেনেকৈ এই চাহ কাপ সেইটো নক’লাই দেখোন । ” নৱীনো আকৌ কথাৰ গুৰি নোপাৱালৈকে এৰা ভকত নহয় ।
“ আপুনিও কম নহয় দেই উৰহীৰ ওৰ লৈ হে এৰিব মানে । আছলতে দেশভক্তি চাহ বনোৱা তেনেই সহজ । মই আগতেই কৈছো যে মোৰ ইয়াতে জাতিধর্ম নির্বিশেষে বহুত মানুহ আহে আৰু বেছি ভাগৰে খাই উঠা কাপকেইটাত কম বেছি পৰিমানে চাহ ৰৈ যায় । মই কৰো কি, সেই ৰৈ যোৱা চাহ খিনিকে এটা দেখাত ধুনীয়া কাপত ধুনীয়াকে মিলাই অলপ গৰম কৰি ‘জয় আই অসম’ বুলি পুলিছ জনক তেওৰ প্রিয় দেশভক্তি চাহ কাপ আগবঢ়াই দিও। বছ মোৰো একো লোকচান নাই তেওৱো তৃপ্তিৰে খাই অভিযোগ নকৰকে গুছি যায় । বুজিলে । ” সন্তুষ্টিৰ হাঁহি এটা মাৰি থুলোকে অৱশেষত ৰহস্যটো ফাদিল কৰি দিলে ।
“ হে হৰি । কৃষ্ণহে বুলিলো আৰু দেই । মহান তোমাৰ দেশভক্তি চাহ আৰু তাত কৈয়ো মহান তুমি । চাও চাহ একাপ দিয়া ডিঙি শুকাই গৈছে আৰু কথা শুনি । ” নৱীনে চকু কেইটা ডাঙৰকে মেলি হাঁহি হাঁহি ক’লে ।
“ পিছে কি চাহ দিম হয় ? দেশভক্তি নে নৰমেল ? ” থুলোকৰ ৰসাল প্রশ্ন ।
“ নেলাগে ঔ প্রভূ । যাৰ বাবে দেশভক্তি চাহৰ উৎপত্তি হ’ল তেওকেই দিবা, আমি নৰমেল মানুহ নৰমেল চাহেকেই খাও । ” নৱীনেও ৰস লগাই উত্তৰ দিলে ।

* আপোনা লোকেও খাব নেকি বাৰু এই স্পেচিয়েল ‘দেশভক্তি চাহ’ । যদি খাব মন আছে তেনহ’লে অর্ডাৰ দিবলে নিজৰ মোবাইলৰ মেচেজ বক্সত গৈ ইউনিকোডত [ দে চা ] বুলি টাইপ কৰি থুলোকৰ মোবাইলত চেন্দ কৰি দিয়ক তাৰা তাৰি । এতিয়া থুলোকৰ মোবাইল নাম্বাৰ কিমান বুলি নুসুধিব আকৌ । যাৰ ওচৰত থুলোকৰ মোবাইল নাম্বাৰ নাই তেও থলোকৰ শাও নলগাৰ আগতেই ফোনবুক খনকেই জুই লগাই দিয়ে যেন । ধন্যবাদ 🙂

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!