দেৰগাঁৱৰ এখন খেল পথাৰ – ৰাজেন পূজাৰী

দেৰগাঁও নগৰৰ এটা ডাঙৰ ৰাজহুৱা সম্পত্তি হৈছে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল খেলপথাৰখন৷ এই খেলপথাৰখনে ১৯০৮ চনতে স্থাপিত দেৰগাঁৱৰ ঐতিহ্যপূৰ্ণ দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অভাৱেই নহয় বৃহত্তৰ দেৰগাঁও অঞ্চলৰ ক্ৰীড়া, শাৰীৰিক ব্যায়াম, প্ৰাত: ভ্ৰমণ আদিৰ ক্ষেত্ৰত ডাঙৰ অভাৱ পূৰণ কৰিছে৷ এই খেলপথাৰখনৰ দেৰগাঁও অঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশত যথেষ্ট অৱদান আছে৷ দেৰগাঁৱৰ শৈক্ষিক ক্ষেত্ৰতো বিদ্যালয়খনৰ যথেষ্ট অৱদান আছে৷ বহু প্ৰতিভাশালী ব্যক্তি এই বিদ্যালয়ৰ পৰা ওলাইছে৷ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব প্ৰফুল্ল চন্দ্ৰ শৰ্মা এই বিদ্যালয়ৰ কৃতী ছাত্ৰ আছিল৷ প্ৰখ্যাত সাহিত্যিক চৈয়দ আব্দুল মালিক, বিশিষ্ট কবি সমালোচক নীলমনি ফুকন, নৃত্যাচাৰ্য যতীন গোস্বামী, আন্তৰ্জাতিক চকু বিশেষজ্ঞ লক্ষণ দত্ত, বিশিষ্ট ভাষা তাত্বিক ড° নগেন ঠাকুৰ আদিয়ে ইয়াতে পঢ়িছিল৷ ত্যাগ -আদৰ্শৰ প্ৰতীক, কৃতী শিক্ষক ডালিম পাঠক আছিল এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ৷ ৷ ৰাজহুৱা সক্ৰিয় কৰ্মী দেৱেন দত্তই কিছুদিন ইয়াতে শিক্ষকতা কৰিছিল৷ মুম্বাইৰ প্ৰখ্যাত বাদ্যযন্ত্ৰী আমাৰ সহপাঠী যতীন শৰ্মাও এই বিদ্যালয়ৰ ছাত্ৰ আছিল৷

বিদ্যালয়খনৰ খেল পথাৰখনত বহুকেইখন ৰাজ্যিক পৰ্যায়ৰ খেল অনুষ্ঠিত হৈছিল৷ জিলাভিত্তিক আৰু আঞ্চলিকভিত্তিত বহু খেল বিদ্যালয় আৰু ৰাজহুৱাভাৱে অনুষ্ঠিত বৰ্তমানেও হৈ আছে৷ আমি ১৯৮০ চনৰ পৰা পঢ়ি ১৯৮৪ চনত এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলো৷ এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুণ শৰ্মা বৰুৱা চাৰে ক্ৰীড়াৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গ’ল সেয়া দেৰগঁঞা ৰাইজৰ বাবে স্মৰণীয় হৈ ৰ’ব৷ ভেটাৰেণ স্পৰ্টছ এছ’চিয়েচন নামৰ সংগঠনৰ উদ্যোগত জনপ্ৰিয় বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীৰ স্মৃতিত খেলৰ অনুষ্ঠিত কৰা হয়৷ এই বিদ্যালয়ৰ এন চি চি দলে ৰাষ্ট্ৰপতি পদক পাইছিল৷ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমাৰ সহপাঠী অনূপ বৰঠাকুৰ বৰ্তমান বিদ্যালয়খনৰ অধ্যক্ষ৷ আমি আশা কৰিছো যে শ্ৰীযুত অনুপ বৰঠাকুৰদেৱে খেলপথাৰখনৰ উন্নয়নৰ যথোচিত ব্যৱস্থা ল’ব৷ বিদ্যালয়খনৰ নামত বহু মাটি অব্যৱহৃত হৈ আছে৷ জংঘল হৈ আছে৷ এই মাটিখিনিত বিদ্যালয়ৰ আভ্যন্তৰীণ ক্ৰীড়া প্ৰকল্প গঢ়াৰ আঁচনি ল’ব পাৰে৷

★ ★

One thought on “দেৰগাঁৱৰ এখন খেল পথাৰ – ৰাজেন পূজাৰী

  • May 18, 2021 at 8:27 pm
    Permalink

    পঢ়ি, জানি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!