দেৱকুমাৰ বৰা : আমাৰ অনুভৱ (ড° বুলজিৎ বুঢ়াগোহাঁই)

দেৱকুমাৰ বৰা : আমাৰ অনুভৱ

° বুলজিৎ বুঢ়াগোহাঁই


“দেৱকুমাৰ বৰা : আমাৰ অনুভৱ” হ’ল অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সতে প্রায় চাৰিটা দশক কাল জড়িত হৈ থকা দেৱকুমাৰ বৰা (২৭ অক্টোবৰ ১৯৫৫ – ৩১ মাৰ্চ ২০১১) ৰ জীৱনৰ কৰ্মৰাজিৰ বিষয়ে তেখেতে জীৱন পথত লগ পোৱা সংগীসকলৰ অনুভৱৰ সংকলন । ছাত্রাৱস্থাৰ পৰাই অভিনৱ চিন্তা, আঁচনি, কৰ্মৰে অসমৰ সমাজখনৰ লগত জড়িত হৈ কামত ব্রতী হোৱা, ঐতিহাসিক অসম আন্দোলনত অগ্রণী ভূমিকা লোৱা ছাত্র নেতা, পৰৱৰ্তী কালত ১৯৮৫-৯০ চনৰ কাৰ্যকালৰ বাবে তিতাবৰ সমষ্টিৰ বিধায়ক, ১৯৮৮-৯০ চনৰ অতি কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিও অসমৰ অন্যতম দক্ষ কৃষি আৰু জলসিঞ্চন মন্ত্রীৰূপে এই খণ্ডলৈ ব্যাপক পৰিবৰ্তন অনা, ১৯৯২-৯৬ ৰ কালছোৱাত দৈনিক জননমভূমি বাতৰি কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি তথ্য সমৃদ্ধ লেখাৰে সু-সাংবাদিকতা কৰাৰ লগতে নৱপ্রজন্মৰ লিখক-সাংবাদিকক উৎসাহিত কৰা, ইয়াৰ পিছৰ কালছোৱাত ৰাজ্যিক পৰিকল্পনা পৰিষদৰৰ উপাধ্যক্ষ ৰূপে ৰাজ্যৰ অৰ্থনৈতিক খণ্ডৰ উন্নয়নত আত্মনিয়োগ কৰা আৰু ২০০৩ চনৰপৰা অসমৰ মুখ্যমন্ত্রীৰ সংবাদ উপদেষ্টা ৰূপে দ্বায়িত্ব সুকলমে মৃত্যুৰ পৰ্য্যন্ত পালন কৰিছিল। এই সংকলনটিত প্রকাশ হোৱা বিভিন্ন জনৰ লেখাৰ পৰা দেৱকুমাৰ বৰাই কৰা কাম তথা তেখেতে অসমক কিমান ভাল পাইছিল প্রকাশ পাইছে । এই সংকলনটি পৰা দেৱকুমাৰ বৰাই ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক তথা বিদ্যায়তনিক দিশসমূহৰ বিভিন্ন ক্ষেত্রত কেতবোৰ বাস্তৱসন্মত কামৰ গুৰি বঠা ধৰি অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান কথা গম পোৱা যায়। সংকলনটিত প্রকাশ পোৱা লেখাবোৰৰ লগত ৰজিতা খুৱাই আলোকচিত্রবোৰ প্রকাশ কৰিছে।

এই সংকলনটিত মুঠ ১৪৯ টা লিখনি প্রকাশ পাইছে । অসমৰ মাননীয় মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াই তেখেতৰ লেখাত বৰাদেবৰ কাম-কাজৰ প্রতি থকা একান্ত নিষ্ঠা আৰু দায়বদ্ধতা কথা সুৱঁৰিছে। প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয় কৃষ্ণ সন্দিকৈ, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা দৈনিক অগ্রদূত কাকতৰ সম্পাদক কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰংবং তেৰাং, অসম চৰকাৰৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাস, অসম চৰকাৰৰ মুখ্য সচিব নৱ কুমাৰ দাস, অসমৰ প্রাক্তন শিক্ষামন্ত্রী বৃন্দাবন গোস্বামী, ড° হিমন্তবিশ্ব শৰ্মা, জ্যোতি প্রসাদ চলিহা, সমুদ্রগুপ্ত কাশ্যপ , ড°দিলীপ কুমাৰ দত্ত, সূৰ্য্য হাজৰিকা ,প্রশান্ত ৰাজগুৰু, ৰূপহ চলিহা, দিলীপ চন্দন, বেদব্রত বৰা, ভূপেন্দ্র ভট্টাচার্য, অর্ণৱ জান ডেকা, ববিতা শৰ্মা,অনুৰাধা শৰ্মা পূজাৰী, পৰাগ বৰুৱা, মৃণাল তালুকদাৰ, বিপুল গগৈ, পুতলী কায়স্থ, ডা°জেছিম ৰাজা, ড° অৰুণ শৰ্মা, দীপাঙ্ক হাজৰিকা আদি বিভিন্নজনৰ দেৱকুমাৰ বৰা সৈতে হোৱা সান্নিধ্যৰ কথা বৰ্ণনা কৰা লগতে বৰাদেৱৰ দুই পুত্রৰ বৰ্ণম কৌশিক বৰা আৰু বিক্রম কৌশিক বৰাই অনুভৱ ব্যক্ত কৰিছে। শেষ পৃষ্ঠাত পত্নী বর্ণালী শইকীয়া বৰাই অনুভৱ ব্যক্ত কৰিছে । সংকলনটি সম্পাদনা কৰিছে দীপাঙ্ক হাজৰিকাই । এই সংকলনটি প্রকাশ কৰিছে তেখেতৰ পত্নী বর্ণালী শইকীয়া বৰাই । সংকলনটিত মুঠ ৩২৪ পৃষ্ঠা আছে। এই সংকলনটি সংৰক্ষণযোগ্য। এনে এটি সংকলন সুন্দৰকৈ সম্পাদনা কৰা বাবে দীপাঙ্ক হাজৰিকা আৰু প্রকাশ কৰি ৰাইজৰ মাজত দাঙি ধৰা বাবে বর্ণালী শইকীয়া বৰাক ধন্যবাদ জনাইছোঁ। এই সংকলনটৰ প্রথম পৃষ্ঠাতে তেখেতৰ হাতে লিখা এটা বাক্য আছে। সেই বাক্যটি হ’ল -“মই এখন বিকশিত অসমৰ সপোন দেখিছো । য’ত দৰিদ্রতা নাথাকিব,নিৰক্ষৰতা নাথাকিব, নিৱনুৱা নাথাকিব।”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!