দৈনন্দিন (প্রদ্যুতজ্যোতি শইকীয়া)

 

ক) বিহুৰ ছুটী ১২ তাৰিখৰ ঠাইত ১৯ তাৰিখে পালো | বোলো সোনকালে যাওঁ | নাই বৰাক ভেলীৰপৰা স্থল পথেৰে যাতায়তৰ খৰতকীয়া ব্যৱস্থা নাই | টিকট বুক | দুদিন আগতেই শেষ | পালো কেবিনত এটা যেনেতেনে | ১০ ঘণ্টা লগা যাত্ৰাটোত পথৰ দুৰৱস্থা আৰু ট্ৰেফিক জামৰ বাবে ১৪ ঘন্টাত সম্পূৰ্ণ কৰিলো | মাজতে আকৌ শ্বিলঙত প্ৰায় আধাকেজি মান ওজনৰ এটা পাত্থৰ গাড়ীলৈ বুলি মাৰি পঠালে | লগতে এটা চিঞৰ “চাল্লা আচামী(অসমীয়া)” | বাছৰ ড্ৰাইভাৰৰ মুখৰ পৰা শুনিলো প্ৰায়ে এইদৰে শিলাবৰ্ষণ ঘটে | মেঘালয়ত আজিকালি সেইবাবে গাড়ী ৰখোৱা নহয় | আমি সৰুৰ পৰা শুনি আহিছো উত্তৰ পূৱ হেনো সাতভনীৰ ঠাই | তেন্তে এইবোৰ কি?

খ) ভাগ্যে গুৱাহাটীৰ পৰা জন শতাব্দীখন পালো | পালে কি হ’ব টিকট নাই আকৌ | লগৰটোৱে ক’লে “ব’ল উঠি দিওঁ “| ম‍ই ক’লো “টিকট নোহোৱাকৈ কেনেকৈ?” |”ব’ল, চিন্তা বাদ দে ” | উঠিলো | টি.টি অহাৰ লগে লগে মোৰ বন্ধুৱে মোক জোৰ জবৰদস্তি বাথৰুমত সোমোৱালে | খাঃ বাপ্পেকে , জীৱনত প্ৰথমবাৰ টিকট নোলোৱাৰ বাবে ট্ৰেইনৰ টয়লেটত সোমালো | অলপ দেৰীত আকৌ টি.টি আহিল | এইবাৰ বন্ধুৱে দৰদাম আৰম্ভ কৰিলে | শেষত জৰিমনাতকৈ বহুত কম দামত বন্দৱস্ত হ’ল | এয়াই আমাৰ দেশৰ ৰেলৰ টিকট পৰীক্ষক | হোঃ |

গ) ঘৰ পোৱাৰ পাছদিনাই মায়ে লগ ধৰিলে মোক মাজুলীলৈ |দেখাও নাই আগতে | যোৱা যাওক | গ’লো | নিমাতীৰপৰা স্পেচিয়েল ফেৰীত |পুৱা ৮.৪৫ত | নিজৰ বহন ক্ষমতাতকৈ বহুত বেছি মাল আৰু যাত্ৰী কঢ়িয়াই লৈ যোৱা ফেৰীখনত উঠি একো নিৰাপদ অনুভৱ নকৰিলো | ইফালে মহাবাহুৰ পকনীয়া কেইটা দেখিয়েই আছো | হায় হায় অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ !

ঘ) মাজুলীত নামি আৰু আচৰিত |ঘাট বুলিবলৈ একোৱেই নাই | নিমাতীৰ দৰেই | জেংৰাই অভিমুখী বা অন্য বাছত দৌৰি গৈ চিট ৰাখিব লাগে | বাছ এখনেই | নিজৰ ওপৰতে হাঁহি উঠিছিল | ৰাস্তাৰ কথা নক’লোৱেইবা | শিলগুটি দুটা এটা মাজে মাজে পৰি থকা দেখিলো | ভিতৰুৱা অঞ্চলৰ ৰাস্তাবোৰ ৰাস্তা বুলি ক’ব নোৱাৰি | পুখুৰীহে | কি কৰিছে আমাৰ চৰকাৰ আৰু বিধায়ক সকলে ?

ঙ) মাজুলীত ফুৰা চকা কৰোঁতে গম পালো তাত পেট্ৰলৰ দাম যোৰহাটৰ টাউনত্কৈ কেইপ‍ইচামান কম | আচৰিত কথা | মাজুলীৰ ভিতৰত মাটিমাহৰ দাম ১৮ টকা প্ৰতি কেজি পাইকাৰীহাৰত | যোৰহাট বা অসমৰ অন্য ঠাইত ৩৫ টকাৰো অধিক | মানুহবোৰে ধানৰ খেতি কৰা বাদ দিছে | বছেৰেকটো হোৱাকৈ খেতি কৰে | বেছি উত্‍পাদন কৰি লাভ নাই | ধানৰ দাম নাই | এই সকলোবোৰৰ বাবে দায়ী যোগাযোগ ব্যৱস্থা | চৰকাৰে এইবোৰ নেদেখে নেকি ?

চ) নেমুগুৰি উচ্চ্তৰ মাধ্যমিক বিদ্যালয়ত মোৰ স’তে একেখন বেঞ্চতে বহি পঢ়িছিল ভাস্কৰ নাথে | ঘৰ আমাৰ ঘৰৰ পৰা তিনি-চাৰি কিঃ মিঃ মান দুৰৈৰ এখন গাঁৱত | একে বয়সৰ আমি দুটা | পঢ়াত মধ্যমীয়া ভাস্কৰ খুব অমায়িক আৰু ঠাণ্ডা আছিল | নহ’বনো কিয় ? ককাক সিন্ধুৰাম নাথ খুব সক্ৰিয় সমাজকৰ্মী আৰু ভদ্ৰ মানুহ | ম‍ই টাউনত পঢ়ি থকা সময়ত এবাৰ লগ পাইছিলো ভাস্কৰক | সেই একেই অমায়িক ভাস্কৰ | সুধিছিল মোৰ কথা | নিজেও কিবা এটা বিজিনেছ কৰাৰ কথা কৈছিল | কিন্তু এইবাৰ ঘৰত ককাইদেউৰ মুখত শুনা এটা খবৰে আচৰিত কৰিলে | এতিয়া সেই ঠাণ্ডা মুণ্ডা ভাস্কৰ নাথ আৰু নাই | আছে আলফাৰ এৰিয়া কামাণ্ডাৰ ভাস্কৰ নাথ | ডিমৌ থানাত গ্ৰেণেড দলিওৱা ভাস্কৰ নাথ (?) |ধনদাবী, সন্ত্ৰাস সৄষ্টি আদি কেইবাটাও গোচৰত অভিযুক্ত ভাস্কৰ(?) | ভাস্কৰক নাপায় থানালৈ কেইবাবাৰো ককাকক লৈ গৈছে হেনো আৰ্মী আৰু পুলিছে | হোঃ | সমস্যাবোৰ শেষ নহ’ব নেকি অসমৰ ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!