দৈনন্দিন ৮: “পানী খোৱা” (-মিতালী বৰ্মন)

“গা ধোৱা” বাক্যাংশৰ ওপৰত সৰুকৈ লিখা টোকাটো ৰাইজৰ নিশ্চয় মনত আছে৷ “গা ধোৱা”বাক্যাংশৰ বাক্য বিশেষে যিদৰে বিভিন্ন অৰ্থ প্ৰকাশ হয় একেদৰে “পানী খোৱা” বাক্যাংশৰো বাক্য বিশেষে অৰ্থৰ ভিন্নতা লক্ষ্য কৰা যায়৷ মনৰ মাজত পাগুলি থকা কথাবোৰৰ মাজৰ পৰা আজি আমি “পানী খোৱা”ৰ বিষয়ে দুটামান কথা উনুকিয়াবলৈ বিচাৰিছোঁ৷

১/ “পানী খোৱা” বাক্যাংশৰ মূল অৰ্থটো হ’ল পানী পি খোৱা কাৰ্যটো৷ পানীয়ে প্ৰাণীৰ প্ৰাণ৷ গতিকে জীৱ মাত্ৰে সকলোৱে পানী খায়৷ পানী জীৱৰ জীৱনৰ প্ৰাথমিক আধাৰ৷ সেয়ে মানুহেপানী খায়, অন্য জীৱ-জন্তুৱেও পানী খায়৷

২/ “পুখুৰীত পিছলি পৰি তাই বাৰুকৈয়ে পানী খালে৷”—– এই বাক্যটো পঢ়ি আপুনি ভুল নুবুজিব যে পানী খাবলৈ ছোৱালীজনী পুখুৰীত কিয় পৰিল! দৰাচলে পানী খোৱাৰ উদ্দেশ্যেৰে তাই পুখুৰীত পৰা নাছিল৷ অসাৱধানবশতঃ তাই পুখুৰীত পিছলি পৰিছিল আৰু সাতুৰিব নজনা বাবে তাইৰ নাকে-মুখে পানী সোমাই পেটলৈ গৈছিল; সেই অৰ্থতহে ইয়াত “পানী খোৱা”বাক্যাংশৰ প্ৰয়োগ হৈছে৷

৩/ “পানী খাই আহি সি সদায় ঘৰত চিঞৰ-বাখৰ কৰে৷”—–ঔ আই! ওপৰত কোৱা হৈছে যে পানীয়ে প্ৰাণীৰ প্ৰাণ৷ জীৱ মাত্ৰে সকলোৱে পানী খায়৷ তেনেক্ষেত্ৰত পানী খাই চিঞৰ-বাখৰ কৰাটো আচহুৱা যেন লগা নাইনে! আচলতে এই বাক্যটোত প্ৰাণীৰ প্ৰাণ পানীৰ কথা কোৱা হোৱা নাই৷ প্ৰাণীৰ প্ৰাণ হানি কৰা পানী অৰ্থাৎ মাদক দ্ৰব্যৰ কথাহে কোৱা হৈছে৷ বাক্যটোত মাদক দ্ৰব্য সেৱন কৰি আহি তাৰ নিচাতহে চিঞৰ-বাখৰ কৰা অৰ্থ বুজাইছে৷

৪/ “ইস্ এইটো দেখোন ভাতৰ লগত পানী খোৱা কাম৷”—– ভাত খাই থাকোঁতে কেতিয়াবা ডিঙিত সোপা মাৰি লাগি ধৰে, কেতিয়াবা হিকটি আহে ইত্যাদি ইত্যাদি৷ তেতিয়া ততালিকে পানী এঢোক খাই খাদ্যনলী পৰিষ্কাৰ কৰি লোৱা হয়৷ পানী খোৱা কামটো অতি সহজ কাম৷ এই বাক্যটোত বক্তাই কৰিবলৈ লোৱা কামটো পানী খোৱাৰ দৰে সহজ, এই অৰ্থহে বুজাইছে৷

৫/ “চাদ ধালাই কৰাৰ পাছত কিছুদিন পানী খুৱাব লাগিব৷”পকীঘৰ নিৰ্মাণ কাৰ্যত পানী এক অপৰিহাৰ্য আহিলা৷ বিল্ডিংঘৰৰ চাদ ধালাই কৰা নাইবা বেৰবোৰ বা মজিয়াখন প্লাষ্টাৰ কৰাৰ পাছত সেইবোৰৰ গাঁঠনি মজবুত কৰিবলৈ কিছুদিন পানী ঢালি ৰখা হয়৷ এইদৰে গৃহ নিৰ্মাণ কাৰ্যত পানী ঢলা কাৰ্যটো বুজাবলৈয়ো “পানী খোৱা” বাক্যাংশৰ ব্যৱহাৰ দেখা যায়৷

৬/ “বাইজনীয়ে পানী খোৱা হাত-ভৰিৰে আৰু কিমান কাম কৰিব!” অনবৰতে পানী চুই থাকিলে নাইবা পানীতে হাত-ভৰি ভিজাই কাম কৰি থাকিলে হাত-ভৰিৰ ছাল শেতা পৰে আৰু তাৰপাছত সেই অংশবোৰ ডাকি গৈ তাত অসহনীয় যন্ত্ৰণা হয়৷ ইয়াত “পানী খোৱা” বাক্যাংশই আমাক এটা ৰোগৰহে সংকেত দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!