দৈ-মুৰ্গী(- মিতালী বৰ্মন)

দৈ-মুৰ্গী
**********


উপকৰণ:
মুৰ্গীৰ মাংস: ৬০০ গ্ৰাম
দৈ: ডেৰ কাপ
আদা-নহৰু বটা: ৩ টেবুল চামোচ
ধনীয়াৰ পাত: ২ টেবুল চামোচ
জলকীয়া (কাটি লোৱা): ২টা
ক্ৰীম: ৪ টেবুল চামোচ
জালুকৰ গুড়ি: টেবুল চামোচৰ চাৰি ভাগৰ এভাগ
নিমখ: টেবুল চামোচৰ চাৰি ভাগৰ এভাগ
বাটাৰ: অলপ
তেল: ২ টেবুল চামোচ
ৰন্ধন প্ৰণালী:
প্ৰথমে কেৰাহীত তেল গৰম কৰি আদা-নহৰুৰ বটাখিনি দিয়ক। সোণালী ৰং হ’লে মাংসখিনি বহাই দিয়ক আৰু লৰাই দিয়ক যাতে বটাখিনি মাংসখিনিত ভালকৈ লাগে। ৩/৪ মিনিট পাছত দৈখিনি দি আকৌ লৰাই দিয়ক। পৰিমাণ অনুযায়ী নিমখ দি আকৌ লৰাই দিয়ক। এতিয়া ২০/২৫ মিনিটৰ বাবে কম জুইত কেৰাহীৰ ঢাকোন মাৰি দিয়ক। মন কৰিব, অকণো পানী দিব নালাগে, দৈখিনিতে মাংসখিনি সিজি যাব। ২০/২৫ মিনিটৰ পাছত ঢাকোন খুলি দেখিব মাংসখিনি দৈত সিজি গৈছে আৰু এটা সুন্দৰ মলমলীয়া গোন্ধ বিয়পি পৰিছে। এতিয়া বাকী থকা সামগ্ৰীবোৰ দিব লাগিব। প্ৰথমে তাত ক্ৰীমখিনি দি লৰাই দিয়ক। কাটি থোৱা ধনীয়াৰ পাতখিনি, জালুকৰ গুড়িখিনি, কাটি থোৱা কেঁচা জলকীয়াখিনি আৰু শেষত বাটাৰখিনি দিয়ক। বাটাৰে ব্যঞ্জনবিধক উজ্জ্বলতা দিয়াৰ লগতে থুপথুপীয়া হোৱাত সহায় কৰিব।। এতিয়া গোটেইখিনি ভালকৈ মিহলাই দিয়ক। আপোনাৰ বাবে আপোনাৰ ব্যঞ্জন তৈয়াৰ হৈ গৈছে। এই ব্যঞ্জনবিধ সাধাৰণতে শুকান হয়। যদি আপুনি ব্যঞ্জনবিধ অলপ থুপথুপীয়া কৰিবলৈ বিচাৰে তেন্তে আৰু অলপ ক্ৰীম মিহলাই দিব পাৰে। কিন্তু ক্ৰীমত বহু পৰিমাণে কেল’ৰি গ্ৰহণ কৰা হয় বাবে যদি ক্ৰীম দিবলৈ নিবিচাৰে তেন্তে ব্যঞ্জনবিধ থুপথুপীয়া কৰাৰ বাবে ক্ৰীমৰ সলনি এবাটি পানী দিলেই হৈ যাব।
এয়া আপোনাৰ বাবে দৈৰে ৰন্ধা মাংস প্ৰস্তুত হৈ গ’ল। গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!