দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান

৷৷দ্বাৱিংশ খণ্ড৷৷

৷৷দামোদৰ-বিপ্ৰাখ্যান৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷ ৰাম হৰি গোপাল গোৱিন্দ৷

যদুমণি মুকুন্দ গোৱিন্দ৷৷১৩১৷৷

পদ৷৷ শুক নিগদতি শুনা কুৰুপতি

কৃষ্ণৰ আৰো চৰিত্ৰ৷

আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ

বৈষ্ণৱ আতি পৱিত্ৰ৷৷

কৃষ্ণয়েৰে তান মহা মিত্ৰৱতি

পঢ়ন্তে গুৰুগৃহত৷

খাইবে খুণ্টিবাক একোৱে নাহিকৈ

বস্ত্ৰহীন শৰীৰত৷৷১৫৭৯৷৷

আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী

দুঃখে দণ্ডে যুগ যায়৷

কাম্পন্তে আসিয়া স্বামীক বুলিলা

মুখৰ মাত নোহ্লায়৷৷

শুনিয়োক স্বামী মন্দভাগী আমি

সহিবো কত নিকাৰ৷

দ্বাৰকাত আছে প্ৰভু নাৰায়ণ

পৰম মিত্ৰ তোহ্মাৰ৷৷১৫৮০৷৷

দীন দায়াকৰ জগত ঈশ্বৰ

সাক্ষাতে লক্ষ্মীৰ পতি৷

তোহ্মাৰ নিকাৰ দেখিয়া দিবন্ত

অনেক ধন সম্পত্তি৷৷

তাহান চৰণ চিন্তৈ যিটোজন

আপুনাকো দেন্ত তাক৷

নকৰা বিমন পাইবা বহুধন

নবাধিবা মোৰ বাক৷৷১৫৮১৷৷

ভাৰ্য্যাৰ বচন শুনিয়া ব্ৰাহ্মণে

দৃঢ় কৰিলন্ত মতি৷

কৃষ্ণ দৰশনে মোৰ মহালাভ

যাইবো দ্বাৰকাক প্ৰতি৷৷

ভাৰ্য্যাক বোলন্ত যি পাৰা সন্দেশ

আনি দিয়া ঝাটে উঠি৷

শুনিয়া ব্ৰাহ্মণী মাগি আনিলন্ত

চাউল চিৰা চাৰিমুঠি৷৷১৫৮২৷৷

কানিৰ টুপলি বান্ধি আনি দিলা

ব্ৰাহ্মণে কাষতে লৈলা৷

কৃষ্ণৰ চৰণ দেখিবাক মনে

দ্বাৰকাক লাগি গৈলা৷৷

কৃষ্ণক দেখিবে কত বেলি পাওঁ

মনে গুণি দ্বিজবৰ৷

সেনাৰ বাজুক ছড়াই তিনিদ্বাৰ

পাইলা গৈয়া অভ্যন্তৰ৷৷১৫৮৩৷৷

ষোড়শ হাজাৰ আৱাস প্ৰকাশৈ

বৈকুণ্ঠপুৰ সমান৷

যদুগণ যাত পশিবে নপাৰৈ

কৃষ্ণৰ ৰহস্য স্থান৷৷

তাৰ এক গৃহ পশিলা ব্ৰাহ্মণ

কেহোৱে বাধন্তা নাই৷

সৱ্যা ভাৰ্য্যা সমে সোণাৰ খাটত

সুতি আছা যদুৰায়৷৷১৫৮৪৷৷

মিত্ৰক দেখিয়া ভাৰ্য্যাক এড়িয়া

উঠি আসি আথেবেথে৷

দুহাতে সাবটি ধৰিলা আনন্দে

তিনিয়ো লোকৰ নাথে৷৷

সখিক আলিঙ্গি আতি প্ৰীতি পাইল

আনন্দে লোতক ঝৰে৷

সোণাৰ খাটত বসুৱাইলা নিয়া

ধৰিয়া আতি সাদৰে৷৷১৫৮৫৷৷

আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ

পাদোদক লৈলা শিৰে৷

সুগন্ধি চন্দন কুঙ্কুমে সখিৰ

ঘসিলা সৱ শৰীৰে৷৷

দীপ ধূপ লগাই পূজিলা বিপ্ৰক

কৰ্পূৰ তাম্বুল দিয়া৷

সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক

সৱ্যা মাধৱৰ প্ৰিয়া৷৷১৫৮৬৷৷

দেখিয়া অন্তেষ- পুৰৰ লোকৰ

বিস্ময় ভৈ গৈল পাছে৷

ইটো মহাদুঃখী ভিক্ষুক ব্ৰাহ্মণে

কত পুণ্য কৰি আছে৷৷

ত্ৰৈলোক্যৰ গুৰু লক্ষ্মীৰ নিৱাস

আপুনি সেৱন্ত যাক৷

ভাৰ্য্যাক এড়িয়া আঙ্ক আলিঙ্গন্ত

যেহেন শ্ৰেষ্ঠ দাদাক৷৷১৫৮৭৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ যাদৱানন্দ দয়াশীল ৰাম৷

হৰি হৰি দয়াশীল কেশৱ গোপাল৷৷১৩২৷৷

পদ৷৷ পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি

সুধিলন্ত কৰি সতকাৰ৷

গুৰুৰ গৃহৰ তথা সুমৰা পুৰণি কথা

যেন ভৈলা আহ্মাৰ নিকাৰ৷৷

গুৰুপত্নীগণে আসি আহ্মাক বুলিলা হাসি

খড়ি লুড়ি দিয়া শিষ্যগণ৷

আমি সৱো হেন শুনি কটিত বান্ধিয়া ভুনি

আনন্দে লড়িলো ৰঙ্গ মন৷৷১৫৮৮৷৷

অৰণ্যৰ পশি সান্ধি খড়ি লুড়ি বোজা বান্ধি

গৃহক চলিলো ৰঙ্গমনে৷

যাওঁ কথামাতে হাসি আকস্মিতে তৈতে আসি

পাইলে ঘোৰ বাত বৰিষণে৷৷

গৰ্জ্জনতে ভূমি লড়ৈ ঘনে ঘনে বজ্ৰ পড়ৈ

খাল বাম সম ভৈলা আতি৷

নাকলিয় একো পথ সূৰ্য্য পাছে গৈল অস্ত

ভৈল ঘোৰ অন্ধকাৰ ৰাতি৷৷১৫৮৯৷৷

পাছে আমি সৱে শিষ্য নাকলোঁহো একোদিশ

বাত বৃষ্টি পীড়িলে আহ্মাক৷

কাম্পৈ তনু তৰতৰি অন্যোঅন্যে হাতে ধৰি

বাট নপাই তৈতে ফুৰো পাক৷৷

মাথাত খড়িৰ বোঝা যান নযায় একো খোজা

ফুৰন্তে ৰজনী গৈল ক্ষয়৷

নযাওঁ কেহো কাকো এড়ি কিৰণে আন্ধাৰ ফাড়ি

ভৈলা আসি আদিত্য উদয়৷৷১৫৯০৷৷

সান্দীপনি দ্বিজৰাজে বিচাৰিলা বনমাজে

ভৈলা আসি আহ্মাক প্ৰত্যেক৷

জাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত

দেখি খেদ কৰিলা অনেক৷৷

আহ্মাক বোলন্ত বাক শুনা সৱে শিষ্যজাক

মোৰ পদে কিনো দুঃখ ভৈল৷

প্ৰাণতো এড়িলা আশ খপিলাহা বনবাস

গুৰুঋণ সৱে সুজা গৈল৷৷১৫৯১৷৷

শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দিওঁ বৰ

জানা সৱ শাস্ত্ৰ এতিক্ষণে৷

পূৰ্ণ ভৈল মনোৰথ গৃহৰ ধৰিলো পথ

পাছে আমি সৱে শিষ্যগণে৷৷

আনো দুঃখ নানা মত গুৰুগৃহে পাইলো যত

প্ৰাণসখি সুমৰাহা তাক৷

হেন শুনি দ্বিজবৰে কৰযোৰে অনন্তৰে

কৃষ্ণক বুলিলা মৃদুবাক৷৷১৫৯২৷৷

শুনিয়োক পৰমব্ৰহ্ম আহ্মাৰ সাম্ফল জন্ম

সমস্ত পাতক ভৈল নাশ৷

যিহেতু জগত স্বামী তোহ্মাৰ লগত আমি

গুৰুগৃহে কৰিলো নিৱাস৷৷

কাম মোক্ষ ধৰ্ম্ম অৰ্থ পাৱৈ আনো মনোৰথ

যিটো চিন্তৈ তোহ্মাৰ চৰণ৷

আপুনি নিৰ্ম্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ

ইটো কিনো ভৈল বিড়ম্বন৷৷১৫৯৩৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ যদুৰায় চৰণে শৰণ দিয়ো৷

জগজীৱ সেৱক পালিয়া নিয়ো৷৷১৩২৷৷

পদ৷৷ হেন শুনি হাসি বিপ্ৰত পুছন্ত

সৰ্ব্বজান হৃষীকেশ৷

আহ্মাক লাগিয়া আনি আছা যিবা

দিয়োক সখি সন্দেশ৷৷

ভকতসকলে পূজৈ ফুলে ফলে

তুষ্ট হওঁ তাকে পাই৷

অভকতে যদি নানা দ্ৰব্য দেয়

তাতো মোৰ তুষ্টি নাই৷৷১৫৯৪৷৷

হেন জানি মিত্ৰ দিয়োক আহ্মাক

যিবা দ্ৰব্য আছা আনি৷

পৰম সঙ্কোচ ভৈলা দ্বিজবৰ

কৃষ্ণৰ শুনিয়া বাণী৷৷

চাউল চিৰামুঠি নেদন্ত কৃষ্ণক

লাজে চপৰায় মাথ৷

হেন দেখি পাছে মনত গুণন্ত

তিনিয়ো লোকৰ নাথ৷৷১৫৯৫৷৷

ইটো দ্বিজবৰে পূৰ্ব্বতো আহ্মাক

লক্ষ্মীকামে নৰাধিলা৷

ভাৰ্য্যাৰেসে প্ৰীতি সাধিবাক প্ৰতি

আহ্মাৰ ঠাইক আসিলা৷৷

মনুষ্য দুৰ্ল্লভ পৰম সম্পদ

দিবো আজি আঙ্ক আমি৷

কানিৰ টুপলি বিচাৰি আনিলা

আপুনি জগতস্বামী৷৷১৫৯৬৷৷

ইটো কি বুলিয়া টুপলি মেলিয়া

সখিক বুলিলা বাক৷

ইটো চাউল চিৰা জগতে সহিতে

তৃপিতি কৰে আহ্মাক৷৷

এহি বুলি হৰি এক মুঠি ধৰি

ভুঞ্জিলন্ত আনন্দত৷

আউৰ মুঠি ধৰি খাইবাক খোজন্তে

ধৰিলা লক্ষ্মী হাতত৷৷১৫৯৭৷৷

যত লাগে মানে সৱে সম্পত্তিক

এহি মুঠি দিবে পাৰে৷

নখায়োক আৰ বুলি লক্ষ্মীমাৱে

স্বামীক বুজাইলা ঠাৰে৷৷

হেন শুনি হৰি চাউল চিৰা এড়ি

থাকিলা হাসি নমাতি৷

দিব্য ভোগ ভুঞ্জি কৃষ্ণৰ গৃহত

ব্ৰাহ্মণো বঞ্চিলা ৰাতি৷৷১৫৯৮৷৷

শয়নক লাগি সুৱৰ্ণ খাটত

বিছাই দিলা হংসতুলি৷

মহাসুখে তাতে সুতিয়া আছিলা

আজি স্বৰ্গ পাইলো বুলি৷৷

প্ৰভাততে উঠি লড়িলা ব্ৰাহ্মণ

কৃষ্ণত মাগি মেলানি৷

সখিক ধৰিয়া মাধৱে অনেক

বুলিলা বিনয় বাণী৷৷১৫৯৯৷৷

আগবঢ়াই নিয়া গৃহক পঠাইলা

ব্ৰাহ্মণ চলিলা সুখে৷

কৃষ্ণে নেদিলন্ত নুখুজিলা ধন

ব্ৰাহ্মণো আপুন মুখে৷৷

মনত গুণন্ত দ্বিজত ভকত

কিনো দেৱ বনমালী৷

কোথেৰ দৰিদ্ৰ মঞি পাপী মোক

ধৰিলন্ত আঙ্কোৱালি৷৷১৬০০৷৷

আপুনাৰ খাটে নিয়া বসুৱাই

ঘষি ধুৱাইলেক ভৰি৷

শ্ৰম দেখি লক্ষ্মী আহ্মাক বিঞ্চিলা

চামৰক কৰে ধৰি৷৷

তিনিয়ো লোকৰ ঐশ্বৰ্য্যক পাৱৈ

অৰ্চিয়া যাৰ চৰণ৷

আহ্মাৰ কুৎসিত সন্দেশকো খাইল

হেন প্ৰভু নাৰায়ণ৷৷১৬০১৷৷

দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক

পাসৰিবে সমুদায়৷

এহি বুলি ধন নেদিলে আহ্মাক

জানিলো কৃষ্ণ গোসাঞি৷৷

হেন গুণি গান্থি যাহান্তে গৃহৰ

সমীপ পাইলন্ত পাছে৷

চন্দ্ৰ সূৰ্য্য সম অনেক বিমান

দেখন্ত তহিতে আছে৷৷১৬০২৷৷

দিব্য উপবনে পৰি পক্ষীগণে

সুললিত ৰাৱ তেজে৷

দীঘি সৰোবৰ পুষ্পিত উৎপল

প্ৰফুল্ল পঙ্কজে ৰজে৷৷

দিব্য নৰনাৰী গণ ফুৰৈ তৈতে

পিন্ধি বস্ত্ৰ অলঙ্কাৰ৷

দেখিয়া ব্ৰাহ্মণে বিস্ময়ে গুণন্ত

ইটো দিব্যপুৰী কাৰ৷৷১৬০৩৷৷

নুহি মোৰ গৃহ কৈক আইলো বুলি

থমকি আছন্ত চাই৷

নৰনাৰীগণো বিপ্ৰক বেঢ়িল

দিব্য বাদ্যভণ্ড বাই৷৷

স্বামী আসিবাৰ শুনিয়া ব্ৰাহ্মণী

গৃহৰ বজাইলা ৰঙ্গে৷

সালঙ্কৃতা দাসী সহস্ৰেকে বেঢ়ি

যোগানে লড়িলা সঙ্গে৷৷১৬০৪৷৷

দিব্য আভৰণে ভূষিতা সুন্দৰী

যাহান্ত যেন নাচন্তে৷

ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈলা

আপুন থানৰ হন্তে৷৷

দিব্য পৰিছদে আগবাঢ়ি আসি

স্বামীক দেখিলা গই৷

আনন্দে লোতক বজাই আখি মুদি

থাকিলা থমকি ৰই৷৷১৬০৫৷৷

পতিক বুদ্ধিয়ে নমিলা ব্ৰাহ্মণী

মনে ধৰি আলিঙ্গিলা৷

কন্যাগণ মধ্যে প্ৰকাশন্ত সতী

ভাৰ্য্যাকো দ্বিজে দেখিলা৷৷

ভৈল মহাপ্ৰীতি ভাৰ্য্যায়ে সহিতি

এক ঠাই হুয়া পাছে৷

পৰম আনন্দে পশিলা মন্দিৰ

দ্বিজবৰ দিব্য কাছে৷৷১৬০৬৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷ত্ৰাহি ৰাম নিৰঞ্জন জীৱেৰ জীৱন

মুকুন্দ ৰাম মুৰাৰি৷

তোহ্মাৰ চৰণে পশিলো শৰণে

নিয়োক মোক উদ্ধাৰি৷৷১৩৪৷৷

পদ৷৷ সুৱৰ্ণ ৰুৱলী মৰকত স্থলী

স্ফটিকৰ দ্বাৰ বাৰ৷

ৰত্নময় স্তম্ভ গৃহৰ আৰম্ভ

দেখি ভৈলা চমৎকাৰ৷৷

দুগ্ধ ফেন সম শয্যাসৱ আছে

সোণাৰ খাটে বিছাই৷

সুৱৰ্ণ আসন ভাজন যতেক

তাৰ সীমা সংখ্যা নাই৷৷১৬০৭৷৷

চন্দ্ৰাতপসৱ টানিয়া আছয়

মুকুতাৰ মালা আঁৰি৷

দিব্য কন্যাগণে আয়াযাত কৰে

শুনি নূপুৰৰ সাৰি৷৷

ৰত্নৰ অনেক প্ৰদীপ প্ৰকাশে

নজানয় ৰাত্ৰি দিন৷

ইন্দ্ৰতো অধিক পাইলা সমৃদ্ধিক

গুচিল দাৰিদ্ৰ্য চিন৷৷১৬০৮৷৷

কৃষ্ণৰেসে কৃপা বোলন্ত ব্ৰাহ্মণে

আত নাহি আন হেতু৷

ভকতৰ অল্প- বস্তুক বিস্তৰ

কৰন্ত গৰুড়কেতু৷৷

আহ্মাৰ সন্দেশ খাইলা হৃষীকেশ

চাউল চিৰা একমুষ্ঠি৷

এতেকতে মোক মহা সম্পত্তিক

দিলন্ত পৰম তুষ্টি৷৷১৬০৯৷৷

তাহান চৰণে সৌহৃদ্য সখিত্ব

মিত্ৰভাৱ নুগুচোক৷

জন্মে জন্মে মঞি তান দাস হৈবো

মোক মোহে নলন্দ্ৰোক৷৷

এহি বুলি দ্বিজে ভুঞ্জিলা পৰম

ভোগ্যক পত্নী সহিত৷

কিছু কিছু কৰি বিষয় এড়ন্ত

কৃষ্ণত অৰ্পিয়া চিত্ত৷৷১৬১০৷৷

অজিত বিষ্ণুক ভকতেসে জিনে

জানি দ্বিজ দামোদৰ৷

একচিত্ত মনে কৃষ্ণৰ চৰণে

ভৈলন্ত ধ্যান তৎপৰ৷৷

দৃঢ় ভক্তি কৰি ছিণ্ডি মোহজৰী

কৰ্ম্মবন্ধে ভৈলা হীন৷

পায়া মহোদয় দেখি ব্ৰহ্মময়

কৃষ্ণতে গৈলন্ত লীন৷৷১৬১১৷৷

পৰম পুৰুষ প্ৰভু নাৰায়ণ

ভকতৰ যেন নিধি৷

তাহান চৰণে ভকতি কৰিলে

অৱশ্যে হুইৱেক সিদ্ধি৷৷

মাধৱৰ ইটো পৱিত্ৰ কথাক

শুনিবে যাৰ প্ৰবন্ধ৷

কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে

এৰাই সিটো কৰ্ম্মবন্ধ৷৷১৬১২৷৷

ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন

কৰিয়ো সৱে সমাজে৷

ইটো কলিযুগে আন গতি নাই

হৰিৰ নামত বাজে৷৷

বৃথা আয়ু যায় কৰিয়ো লোকাই

বৈকুণ্ঠে যাইবাৰ কাম৷

মায়াময় ইটো বিষয় এড়িয়া

ডাকি বোলা ৰাম ৰাম৷৷১৬১৩৷৷

৷৷দামোদৰ-বিপ্ৰাখ্যান সমাপ্ত৷৷২২৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!