দ্বিতীয় কন্যাকুমাৰী যোগীঘোপা -ৰঞ্জিত কুমাৰ শৰ্মা

 

অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপা৷ বঙাইগাঁও চহৰৰ দক্ষিণ সীমান্ত যোগীঘোপা৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাই পবিত্ৰ কৰা যোগীঘোপাক যোগীপীঠ, পুণ্যতীৰ্থ বুলিও কোৱা হয়৷ কিন্তুু সৌন্দৰ্যপিপাসুৰ বাবে যোগীঘোপা যেন দ্বিতীয় কন্যাকুমাৰী৷ একে সময়তে সূৰ্যাস্তৰ হেঙুলীয়া কিৰণ, বেঙুনীয়া আভা আৰু স্নিগ্ধ জোনাকৰ ৰূপোৱালি শোভা বিলাব পৰা বিৰল ক্ষণৰ সাক্ষী যোগীঘোপা৷ প্ৰায় প্ৰতিটো পূৰ্ণিমাত সন্ধিয়াৰ প্ৰাকক্ষণৰ পৰা সন্ধিয়াৰ পিছমুহূৰ্তলৈকে যোগীঘোপাৰ বুকুত প্ৰকৃতিয়ে ঢালি দিয়ে অপৰূপ-লাৱণ্য৷ এই যোগীঘোপাতে আছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং নৰনাৰায়ণ সেতু৷ বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে নৰনাৰায়ণ সেতুৱে৷ প্ৰায় প্ৰতিটো পূৰ্ণিমাতে যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে পান কৰি আহিছে প্ৰকৃতলৈ চন্দ্ৰ আৰু সূৰুযে বিলাই দিয়া নয়নাভিৰাম সৌন্দৰ্য৷ পূৰ্ণিমাত নৰনাৰায়ণ সেতুৰ দুফালে গধূলিৰ প্ৰাক মুহূৰ্তৰ পৰা সন্ধিয়ালৈ সূৰ্যাস্ত আৰু চন্দ্ৰদোয়ৰ মনোমোহা দৃশ্য প্ৰায় একে সময়তে উপভোগ কৰিব পাৰি৷ এই দৃশ্য বিশেষকৈ লক্ষ্মীপূৰ্ণিমা, ৰাসপূৰ্ণিমা আৰু দৌলপূৰ্ণিমাত অধিক সুন্দৰ হয়৷ অৱশ্যে ইয়াৰ বাবে বতৰ ফৰকাল থাকিব লাগিব৷ বিশেষকৈ পূব আৰু পশ্চিমত মেঘ নাথাকিলে ভাল৷ তদুপৰি পূৰ্ণিমা তিথি লগাৰ সময় বিয়লিৰ পৰা গধূলিৰ ভিতৰত হ’লে সোণত সুৱগা চৰে৷ নৰনাৰায়ণ সেতুৰ পৰা পুৱা সূৰ্য উদয়ৰ দৃশ্যও চাব পাৰি৷ অৰ্থাৎ তামিলনাডুৰ কন্যাকুমাৰীৰ সাগৰতীৰত এপ্ৰিল মাহৰ ’চিত্ৰ পূৰ্ণমী’ৰ দৰে অপৰূপ দৃশ্য দেখা যায় যোগীঘোপাতো৷ উল্লেখযোগ্য যে কন্যাকুমাৰীক ভাৰতৰ একক স্থানৰূপে গণ্য কৰা হয়, য’ত পূৰ্ণিমাৰ দিনা একেলগে সূৰ্যাস্ত, চন্দ্ৰদোয় আৰু পিছদিনা পুৱা সূৰ্যোদয়ৰ অনুপম দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি৷ বিশেষকৈ এপ্ৰিল মাহত এই দৃশ্য চাবলৈ পৰ্যটকৰ ভিৰ হয়৷ কন্যাকুমাৰীৰ উক্ত বিশেষ দিনটোক চিত্ৰ পূৰ্ণমী বুলি কোৱা হয়৷ শৰৎ আৰু শীতৰ মাজত সূৰ্যোদয় আৰু সূৰ্যাস্ত চাবলৈ জয়পুৰ, গোৱা, আগ্ৰাৰ তাজমহল, কোচিন, কেৰেলা, জম্মু কাশ্মীৰ, দাৰ্জিলিঙকে ধৰি বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানলৈ পৰ্যটক যোৱা বুলি জনা যায়৷ অথচ প্ৰচাৰ বিমুখ যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ পৰাও তেনে বিনন্দীয়া প্ৰাকৃতিক দৃশ্য চাব পাৰি৷ আমি ’নুগুণো নলও গম’৷ উল্লিখিত পূৰ্ণিমাত সন্ধিয়া নৰনাৰায়ণ সেতুৰ পূব পিনে দূৰ আকাশত এখন ডাঙৰ কাঁহীৰ দৰে জোনটোৱে ভূমুকি মৰাৰ প্ৰাকমুহূৰ্তৰ পৰা সেতুখনৰ পশ্চিম ফালে দিগন্তত ব্ৰহ্মপুত্ৰৰ মাজত সূৰ্যটোৱে পৃথিৱীৰ আনটো ফাল পোহৰাবলৈ আমাৰ মাজৰ পৰা কেইটামান ঘণ্টাৰ বাবে বিদায় মাগিবলৈ আৰম্ভ কৰে৷ যিমানেই বেলিটো অস্তগামী হয়, সিমানেই আগুৱাই অহা জোনটো স্পষ্ট হৈ পৰে৷ বেলিটো মাৰ যোৱাৰ পিচত হেঙুলীয়া বৰণেৰে ৰঙচুৱা হৈ পৰে পশ্চিম আকাশ৷ এইখিনি সময়ত সূৰ্যৰ এই আভাই যেন জোনটোকো স্পৰ্শ কৰে৷ লাহে লাহে জোনাকৰ স্নিগ্ধ পোহৰ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ বিপৰীতে পশ্চিমত সেন্দূৰীয়াই দিগন্তত ব্ৰহ্মপুত্ৰৰ পানী আৰু আকাশ স্পৰ্শ কৰে৷ এনে দৃশ্য দেখিলে এনেকুৱা লাগে দিগন্তত যেন কোনোবাই সেন্দূৰীয়া দলিচাহে পাৰি দিছে৷ নৰনাৰায়ণ সেতুৰ পূবফালে দুগ্ধনাথ বা যোগীঘোপা পাহাৰ আৰু পঞ্চৰত্ন পাহাৰ তথা পশ্চিমফালে আছে পাগলাৰটেক আৰু চক্ৰশিলা পাহাৰ৷ কেতিয়াবা পূৰ্ণিমাৰ জোন দুগ্ধনাথ বা যোগীঘোপা পাহাৰৰ আঁৰৰ পৰা অহা যেনো লাগে৷ সেইদৰে গোৱালপাৰাৰ দিশৰ পৰা আহি থাকিলে অস্তগামী সূৰ্যটো পাগলাৰটেক পাহাৰৰ পৰা নামি আহি ব্ৰহ্মপুত্ৰত বুৰ যোৱা যেনো লাগে৷ এই প্ৰসংগতে উনুকিয়াব পাৰি যে যোগীঘোপা পাহাৰত পাঁচটা শৈল গুহা পোৱা গৈছে৷ ভাৰতৰ শৈলখোদিত পৌৰাণিক কলা বা দস্তুৰৰ অন্যতম উদাহৰণ এই পঞ্চগুহা অসমৰ অদ্বিতীয়৷ গুহাবোৰ ৬৫৫-৯০০ শতিকাৰ সময়ৰ বুলি অনুমান কৰা হৈছে৷ পুৰণি কালত সাধু-সৈন্যাসী বা যোগীয়ে এই গুহাত থাকি তপস্যা কৰিছিল বুলি জনা যায়৷ যোগীয়ে গুহা বা ঘোপা (স্থানীয় শব্দ)ত বাস কৰা বাবেই ঠাইখিনিৰ নাম যোগীঘোপা হোৱা বুলি কোৱা হয়৷
যোগীঘোপালৈ কেনেকৈ আহিব?
গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পোনে পোনে গোৱালপাৰাৰ শ’লমাৰী হৈ যোগীঘোপালৈ আহিব পাৰি৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে ৰে’লেৰে আহিলে গোৱালপাৰা, যোগীঘোপা বা অভয়াপুৰী ৰে’ল ষ্টেচনত নামি স্থলপথেৰে নৰনাৰায়ণ সেতুলৈ যাব পাৰি৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেৰে ৰঙিয়া হৈ ৰে’লেৰে বঙাইগাঁও বা নিউ বঙাইগাঁৱলৈ আহিও স্থলপথেৰে যোগীঘোপাৰ নৰনাৰায়ণ সেতুলৈ যাব পাৰি৷ বঙাইগাঁৱত থাকিবলৈ হোটেল আছে৷ অভয়াপুৰীত থাকিবলৈ ’আস্থা নেচাৰ্ছ হোম’ আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!