নদী আন্তঃসংযোগ, তথাকথিত জননেতা আৰু অসমৰ ভৱি‍ষ্যত -(ৰক্তিম শৰ্মা)

নদী আন্তঃসংযোগ, তথাকথিত জননেতা আৰু অসমৰ ভৱি‍ষ্যত

-ৰক্তিম শৰ্মা

অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আগ্ৰাসনৰ পিছত এতিয়া পানীটুপিৰ ওপৰতো চকু পৰিছে দিল্লীৰ । বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন আৰু ইয়াক প্ৰশমিত কৰিবলৈ নানা ষড়যন্ত্ৰৰ সময়তে আন এক জলশোষণ পৰিকল্পনা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে । ১৯৮২ চনতেই ভাৰতৰ জলসম্পদ মন্ত্ৰনালয়ে ৰাষ্ট্ৰীয় জলবিকাশ এজেঞ্চী গঠন কৰি ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, চম্বল,নৰ্মদা,গোদাবৰী আৰু কৃষ্ণাৰ নদী সংযোগৰ পৰিকল্পনাৰ বাস্তৱায়নৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ নিৰ্দেশ দিয়ে । এই এজেঞ্চীয়ে বিগত ২০০২ চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে ।প্ৰায় ২০০ বিলিয়ন আমেৰিকান ডলাৰৰ বিশ্বৰক্তিম সৰ্ববৃহৎ এই প্ৰজেক্টৰ দ্বাৰা হিমালয়ান নৈৰ উত্বৃত্ত পানী দিল্লী,ৰাজস্থান,গুজৰাট আদি শুকান অঞ্চলবোৰলৈ চেনেলৰ দ্বাৰা বোৱাই সেই ভূমি উৰ্বৰ কৰাৰ পৰিকল্পনা কৰা হয়। ৰাষ্ট্ৰীয় জলবিকাশ এজেঞ্চীৰ প্ৰস্তাৱ সমূহ ২০০২ চনৰ পৰাই প্ৰচাৰ মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰে আৰু ইয়াৰ কাৰ্যকাৰিতা লেহেমীয়া হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে এক পি আই এল গ্ৰহণ কৰি চৰকাৰক ২০১৬ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ কৰাৰ নিৰ্দেশ দিয়ে । ভাৰত চৰকাৰে এই নিৰ্দেশৰ পিছত মি. সুৰেশ প্ৰভূৰ নেতৃত্বত এটা টাস্ক ফোৰ্চ গঠন কৰে ।

কিন্তু সকলোতকৈ আচৰিত কথা যে কোনো প্ৰযুক্তিগত বিশ্লেষণ নোহোৱাকৈয়ে বিশ্বৰ সৰ্ববৃহৎ বিশাল বাজেটৰ এই প্ৰজেক্ট সমাপন কৰাৰ যোজা কৰিছে ভাৰত চৰকাৰে । আনকি ইয়াৰ ইতিবাচক-নেতি‍বাচক প্ৰভাৱ সম্পৰ্কতো কোনো প্ৰযুক্তিগত ব্যাখ্যাও ৰাজহুৱা ভাৱে দাঙি ধৰা নাই ভাৰত চৰকাৰে ।ভাৰত চৰকাৰে সম্পূর্ণ অন্ধভাৱে‍ এই প্ৰজেক্ট সমাপন কৰাৰ প্ৰচেষ্টাক সমালোচনা কৰিছে ভাৰতৰ কেইবাগৰাকী পৰিৱে‍শবিদ আৰু অৰ্থনীতিবিদে ।অসম-অৰুণাচলৰ হিমালয়ান পাহাৰৰ খৰস্ৰোতা নৈ সমূহত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিজুলী শক্তিৰ বিয়াগোম দালালি কৰিবলৈ লোৱা ভাৰত চৰকাৰে যে সেই একেই কৌশলেৰে নদী-সংযোগ আচনি ৰূপায়ন কৰিব খুজিছে তাত কোনো সন্দেহ নাই ।ই এক দীৰ্ঘম্যাদী ষড়যন্ত্ৰৰ অংশ । বিশ্বৰ সৰ্ববৃহৎ বাজেটৰ এই আচনিৰ দালালিয়ে কিন্তু অসমৰ বাবে দুৰ্বিসহ ভৱি‍ষ্যতৰ ইংগিত বহন কৰিছে । এই আচনিত উচতনি দিছে দিল্লীবাদী শক্তিবোৰে । ভাৰতৰ শুকান মৰু সদৃশ অঞ্চলবোৰত এই নদীসংযোগে সেই ভূমি উৰ্বৰ কৰাৰ যি সপোন ভাৰতীয় মূলভূমিৰ মানুহক দেখুৱাইছে সেয়াও যে বাস্তৱসন্মত নহয় তাকো ষ্পষ্ট কৰি দিছে অৰ্থনীতিবিদসকলে ।কিন্তু ভাৰত চৰকাৰ বদ্ধপৰিকৰ । আনকি কংগ্ৰেছ-বিজেপি সকলোৱে এই দালালিৰ ভাগ ল’বলৈ উঠিপৰি লাগিছে ।অসম-বংগত বাননিয়ন্ত্ৰনৰ বাবেহে এই আচনি বুলি প্ৰচাৰ কৰা জননেতাবোৰৰ মুখাবোৰো সুলকি পৰিছে । এই আচনিয়ে যে বাননিয়ন্ত্ৰন কৰিবলৈ অপাৰগ তাৰো ব্যাখ্যা কৰি প্ৰস্তাৱ আগবঢ়াইছিল ভাৰতৰ প্ৰাক্তন জল মন্ত্ৰী কে এল ৰাওৱে ।ৰাওৰ এই প্ৰস্তাৱকো গুৰুত্ব নিদি আচনি কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰে । কংগ্ৰেছৰ পিছত এইবাৰ মোডীয়ে অসমলৈ আহি নদীসংযোগৰ আচনি ৰূপায়ন কৰাৰ ভাবুকি দি গ’ল ।

পৰিৱে‍শ ৰক্ষা আন্দোলনৰ নেতৃ মেধা পাটকাৰে এই নদীসংযোগ আচনিৰ তীব্ৰ বিৰোধিতা কৰিছে । পৰিৱে‍শ বিজ্ঞানী সকলৰ মতে এখন নদীয়ে স্বাভাৱিক কাৰনতেই প্ৰতি ৭০-১০০ বছৰৰ পিছত সুঁতি সলনি কৰে । নদী সংযোগৰ ফলত নদীৰ এই প্ৰাকৃতিক চৰিত্ৰত বিসংগতি অহাটো নিশ্চিত । তাৰোপৰি এই আচনিৰ ফলত অসমৰ দৰে হিমালয়ৰ পাদদেশৰ অঞ্চল সমূহৰ সেউজভূমি ধ্বংস হৈ সম্পূর্ণভাৱে‍ শুকাই যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে‍ । তাৰোপৰি অসমৰ কৃষিভূমিৰ সম্পূর্ণ ৰূপে খৰাং জৰ্জৰিত অঞ্চললৈ পৰিৱৰ্তন হোৱাৰো আশংকা কৰা হৈছে । সেই একেদৰেই কিছুমান ঠাইত প্ৰচুৰ বানপানীয়ে জনগনক ক্ষতি কৰাৰ আশংকাও ব্যক্ত কৰা হৈছে । হিমালয়ান ভূকম্পন মণ্ডলত চেনেল তৈয়াৰ কৰাও সঠিক সিদ্ধান্ত নহয় বুলি পৰিৱে‍শবিদ সকলে মন্তব্য কৰিছে । আনকি সাগৰৰ বুকুলৈ বিশুদ্ধ পানী বোৱা বন্ধ হ’লে গুৰুতৰ প্ৰাকৃতিক সমস্যাৰ লগতে সাগৰীয় জীৱৰ প্ৰতিও ভাবুকি অহাৰ শংকা কৰা হৈছে । নদীসংযোগৰ বিকল্প হিচাপে নেডাৰলেণ্ডৰ দৰে সাগৰৰ বুকুৰ পৰা চেনেল বোৱাই আনি শুষ্কভূমি উৰ্বৰ কৰিব পাৰি । কিন্তু কমিছনৰ অংকত আৰু শোষণৰ হাতোৰাৰে যি সিদ্ধান্ত লোৱা হয় তাৰ পৰা কি আশা কৰিব পাৰি ।

নদীসংযোগে যে অসমৰ ঐতিহ্যবহনকাৰী ব্ৰহ্মপুত্ৰৰ সৰ্বনাশ মাতিব সেই কথা বুজিবৰ বাবে দৰাচলতে কোনো প্ৰযুক্তিবিদৰ দৰকাৰেই নহয় । খৰালি ব্ৰহ্মপুত্ৰৰ বুকুত কিমান পানী থাকে সকলোৱে জানে । নদীসংযোগৰ ফলত খৰালি ব্ৰহ্মপুত্ৰখন যে সম্পূৰ্ন শুকাই যাব সেয়া নিশ্চিত । ইয়াৰ ফলত অসমৰ জৈৱ-বৈচিত্ৰ্যলৈ ভয়ংকৰ বিপদ আহিব । অসম যে সম্পূর্ণকৈ‍ মৰুভূমি হৈ পৰিব তাৰ আশংকাও নিশ্চয়কৈ কৰিব পাৰি । নদীসংযোগৰ এই আচনিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাকে ধ্বংস কৰিবলৈ ওলাইছে এই দিল্লীবাদী শক্তিবোৰে । ইয়াৰ বিৰুদ্ধে জনগন সংগঠিত নহ’লে ২০১৬ চনত অসমৰ বেলি ডুব যাব ।তাৰবাবে আমি সকলোৱে প্ৰস্তুত হৈ থকা ভাল । পৰিৱে‍শৰ অধিকাৰ মানুহৰ মৌলিক সাংবিধানিক অধিকাৰ । সেই অধিকাৰকে আজি ভৰিৰে গছকিবলৈ লৈছে ভাৰতৰ জননেতাসকলে । আনকি গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভখ্যাত প্ৰচাৰ মাধ্যমেও এই ষড়যন্ত্ৰত হাত উজান দিছে । ভাৰতত এয়া গনতন্ত্ৰৰ বিপৰ্যয় নহয় কি ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!