নদী নথকা দেশখন (আফটাৰ হুছেইন চৌধুৰী)

নদী নথকা দেশখন

 

আফটাৰ হুছেইন চৌধুৰী

পৃথিৱীৰ যিকেইখন দেশত এখনো নদী নাই তাৰে অন্যতম হ’ল চৌদি আৰৱ ৷ মই কৰ্মসূত্ৰে চৌদি আৰৱৰ ৰাজধানী ৰিয়াধত থাকোঁ আৰু ইয়াত হোৱা কিছুমান বিচিত্ৰ অভিজ্ঞতা আপোনালোকৰ লগত বিলাব খুজিছোঁ ৷

ইয়ালৈ অহাৰ পাছত প্ৰথম ভাল লগা কথা যিটোৱে মনত ৰেখাপাত কৰিছিল সেয়া হ’ল ইয়াৰ আৰক্ষীৰ ব্যৱহাৰ ৷ আৰক্ষীৰ ব্যৱহাৰ অতি ভদ্ৰ ৷ আমাৰ অসমত আৰক্ষীৰ পৰা যি ব্যৱহাৰ আশা কৰিব নোৱাৰি ইয়াত বিদেশী হৈও তাতকৈ বহুত ভাল অভিজ্ঞতা হ’ল ৷ এবাৰ মোৰ দাদাই তেখেতৰ গাড়ীৰে য়েমেনৰ এজনৰ গাড়ীত পিছফালৰ পৰা খুন্দা মাৰিলে ৷ ভাগ্য ভাল কাৰো শাৰীৰিক ক্ষতি নহ’ল ৷ দাদাই য়েমেনিৰ গাড়ীৰ ক্ষতিপূৰণ(দাদাৰ গাড়ীৰ বীমা নাছিল) দিবলৈ সন্মত হ’ল ৷ ইয়াৰ আইনমতে যানবাহন আৰক্ষীক খবৰ দিয়া হ’ল ৷ আৰক্ষী আহিল ১০ মিনিটৰ ভিতৰত, চালাম কৰিলে, দুয়োজনৰ লগত হাত মিলালে , দুয়োজনৰে পৰিচয়-পত্ৰ, গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ আদি চাই ৰেজিষ্টাৰ বহীত কিবা কিবি লিখিলে৷

ইয়াৰ পাছত সুধিলে এতিয়া তোমালোকে কি কৰিবা৷ দাদা আৰু য়েমেনিজনে আগতে কথা পাতি থোৱামতে ক’লে  ৷ তেতিয়া আৰক্ষীজনে কাগজ এখন য়েমেনিৰ হাতত দি বিদায় ল’লে ৷

এবাৰ এজন ভাৰতীয় (উত্তৰ প্ৰদেশৰ) হোম ড্ৰাইভাৰ ঘৰলৈ যাব খুজিছিল ৷ চুক্তি আছিল প্ৰতি ২ বছৰৰ মূৰত ঘৰলৈ যোৱাৰ সুবিধা পাব ৷ কিন্তু তাৰ নিয়োগকৰ্তাই দুই বছৰ তিনিমাহ হোৱাৰ পাছতো ঘৰলৈ যাবলৈ নিদিয়ে , বহুত অনুৰোধৰ পাছতো কাম নোহোৱাত কেইজনমান বন্ধুৰ লগত সি আলোচনা কৰিলে৷ পিছত এদিনাখন এশ্বাৰ নামাজৰ সময়ত মছজিদৰ পৰাই পুলিছক ফোন কৰিলে । ইয়াত পুলিছ আহি পাওঁতে বেছি সময় নালাগে৷ পেট্ৰলিঙৰ পুলিছ এজন আহিল, আহি সুধিলে কি হ’ল ? মানুহজনে সকলো বিৱৰি ক’লে, লগতে তাৰ চুক্তিপত্ৰখন দেখুৱালে৷ লগে লগে তাৰ নিয়োগকৰ্তাক পুলিছে ফোন কৰি মাতিলে ৷ নিয়োগকৰ্তা আহিল, পুলিছে কিবা সুধিলে আৰু ৰায় দিলে মানুহজনৰ কাৰণে ৰাতিপুৱাৰ টিকট কাটি দিব লাগে ৷ লগতে আৰু কিবা কিবি ক’লে৷ পুলিছ গুছি যোৱাত নিয়োগকৰ্তাই ড্ৰাইভাৰজনক ক’লে- মই তোমাক ছুটি দিলোঁহেঁতেন, তুমি কিয় পুলিছক ক’ব লাগে… ইত্যাদি,ইত্যাদি । বেচেৰাই আচলতে বৰ লাজ পাইছিল, কাৰণ ঘটনাটো বহুতো চৌদিয়ে দেখা পালে৷ নিয়োগকৰ্তাই পিছদিনা পুৱা ৯ বজাৰ টিকট কাটি দিলে আৰু ৰাতিপুৱাই পাছপ’ৰ্ট কাৰ্য্যালয়ত গৈ যাৱতীয় কামখিনি কৰি আনি দিলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!