নপুংসক ভূত-প্ৰেত সমীপেষু (ইন্দুকল্প শইকীয়া)

এটা বিপ্লৱী ভূতৰ আহুকালত পৰি জাহ যাব ধৰিছে
মৰিশালিৰ কাষৰ বহুতো সেউজীয়া সম্ভাৱনা,
বিভৎস এজনী পিশাচিনীৰ অবৰ্তমানত
প্ৰতিনিশাই ৰাজপথত ধৰ্ষিতা হ’বলৈ ধৰিছে
কোনোবা পুৰন্ধ্ৰী-বনিতা ।
 
নপুংসক ভূত ! কলিযুগত হতচিৰি হোৱা সোৰোপা ভূত !!
 
কৰ্ম-বিমুখতাৰ অভিশাপত ভস্ম হ’বলৈ কিয় দিছ হেৰৌ
সেই ত্ৰাসিত-উন্মাদিত সোণসেৰীয়া ইতিহাস।
প্ৰযুক্তিৰ উচ্চতাই এতিয়াও ঢুকি পোৱা নাই দে
সাতাম পুৰুষীয়া ঐতিহ্যৰে উদ্ভাসিত তহঁতৰ অদৃষ্ট কায়দাক ।
কিহলৈ ভয় ? কালৈ ভয় ?
আল্ট্ৰা-ভায়োলেট ৰশ্মিৰ পোহৰলৈ ?
নে জি.পি.এছ. নে গুগললৈ ?
নাই দে সিহঁতৰ হাততো ঠিকনা তহঁতৰ ।
 
তেনেহ’লে কেলৈ বাৰু নোলোৱা হ’লি তহঁত ?
ভুগিছ নেকি কিবা অচিন দুৰাৰোগ্য ৰোগত ?
তহঁতৰ ভুৱা পৰিচয়-পত্ৰৰেই কিমান যে চলিল বেজালি,
কিমান যে ফকিৰে সিকি-আধলিৰেই গোটালে বিভূতি,
তহঁতেতো তাৰো একো খবৰেই নল’লি…!!
 
নপুংসক ভূত ! কলিযুগত হতচিৰি হোৱা সোৰোপা ভূত !!
 
বাঁক….।
ঘোঁৰাপাক……।
বুঢ়া-ডাঙৰীয়া……।
হেৰৌ, কোনোবা এটাটো ওলাই আহ !
সভ্য মানৱৰ দানৱীয় ভৱিষ্যতক স্তব্ধ কৰিবলৈ
আজি এটা উদণ্ড ভূতৰ প্ৰয়োজন হৈছে,
মাজনিশা ৰাজপথৰ পুৰন্ধ্ৰী–বনিতাৰ সুৰক্ষাৰ বাবে
আজি এজনী বিভৎস পিশাচিনীৰ প্ৰয়োজন হৈছে ।
মঙ্গললৈ যাত্ৰা কৰা ফোপোলা সভ্যতাক ব্যংগ কৰিবলৈ
আজি তহঁত সকলোৰেই বৰকৈ প্ৰয়োজন হৈছে ।
 
কিন্তু…
ত..হঁ..ত…চাল্লা
নপুংসক ভূত !
কলিযুগত হতচিৰি হোৱা
সোৰোপা ভূত !!
………………..!!!
………………………..!!!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!