নব্বৈৰ এটকাটো (ভাস্কৰজ্যোতি দাস)

এতিয়াও মনত পৰে সেই
নব্বৈ চনৰ এটকাটো৷
ক্লাছ চিক্সৰ পানী খোৱা ছুটীত খোৱা
এটকাৰ দুটা বৰফ আৰু
আৰু তাৰ পাছত…
বৰফৱালাৰ ৰঙা বাকছটোৰ পিছে পিছে
কে.পি. চাৰিআলিৰ ফালে মৰা দৌৰটো৷
তাৰ পাছত-
তাৰ পাছত গুবিন বড়া ছাৰৰ
তপিনাত বহুওৱা কোবকেইটা
উস্ কি মিঠা সোৱাদ
ৰঙা ৰঙা বৰফ কেইটুকুৰাৰ৷
“চিচি, কণী দে….”
মনত পৰে
চিচিৰ কণী আৰু ঘামত আধাতিতা
চাৰ্টৰ পকেটৰ এটকাটো৷
আধা ফাতিলেও চিচিয়ে ক’ব-
“হ’ব দে, ফটা ন’ট মই ঠিক কৰি ল’ম৷”
কি সোৱাদ আছিল !!!
কাগজৰ চিঞাহী বিৰিঙি যোৱা
চিচিৰ ঠাণ্ডা বয়ল কণীবোৰৰ৷
“কলিতা দা, কেঞা বগৰী দিয়া৷
পঞ্চাছ পইচাৰ দুভাগ” মনত পৰে
পুৰণা ফটাবহীৰ পাতত খোৱা
কলিতাদাৰ কেঞা বগৰী
আৰু
ব’ৰ্ডিং ফিল্ডৰ কাষত, গছৰ তলত বহি
চাৰি-পাঁচটামান চোবাই
লগৰবোৰৰ লগত
বগৰীগুটি মুখেৰে দলিওৱা প্ৰতিযোগিতাত লগা
উশাহবোৰ, নিশাহবোৰ৷
হ’লেও কিন্তু
সাঁচিব লাগিব সেই ওঠৰ টকাটো
সোতৰ টকাত পংকজ উধাচৰ গজল,
“ফুল ঔৰ কাঁটে” আৰু কুমাৰ চানুৰ
“ইমান বেদনা বুকুৰ মাজত মোৰ-” এইবোৰ
লগতে
কেছেটটো ফচি গ’লে ঘূৰাবলৈ
নটৰাজৰ এটকীয়া কাঠপেঞ্চিলডাল৷
আগৰডালৰ গুৰিৰফালে
ক’লাৰঙৰ টুকুৰাটোহে আছেগৈ দেখোন৷
গ্ৰন্থমেলাৰ কিতাপ কিনিবলৈ পাম এশটকা৷
তাৰপৰাও কেইটামান এটকীয়া সাঁচিব লাগিব৷
শেষৰ শীতলা বাইদেউৰ ক্লাছটো বৰ বৰিং
কেইদিনমান পলাম বাপ্পেকে৷
আগৰবাৰ গধুলাব্ৰাউন স্কুলৰ লগত হৰা
ক্ৰিকেট মেছখনৰ এটকাটো
সুতে-মূলে ঘুৰাই আনিবলৈ আছে৷
যোৱাবাৰ ধাৰলৈ লোৱা
ৰাজীবৰ এটকাটোও ঘূৰাবলৈ আছে৷
দৰমহা নোপোৱা গগৈ ছাৰে
এল.পি স্কুলত পঞ্চাচ পইচাত দিছিল
এবাতি গৰম গৰম বুটভজা৷
এতিয়া দাম ইমান বাঢ়িল
নেখাও,
তাতকৈ হেম চকীদাৰৰ দোকানৰ
এটকীয়া চানাগুটিকেইটা আৰু
জুনিয়ৰ টেকনিকেলৰ ঘটং-ঘটং কৰা
টিউবৱেলৰ ঠাণ্ডা-ঠাণ্ডা পানীবোৰেই ভাল৷
দেউতা অ’,
এটকা এটা দিবি নেকি?দৌৰি যাও স্কুললৈ….
 

One thought on “নব্বৈৰ এটকাটো (ভাস্কৰজ্যোতি দাস)

  • September 27, 2018 at 7:20 am
    Permalink

    বৰ ধুনীয়া লাগিল পঢ়ি। মূহুৰ্ততে শৈশৱলৈ উৰা মাৰিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!