নাইপললৈ শ্ৰদ্ধাঞ্জলি – অৰিন্দম বৰকটকী

ভাৰতৰ সৈতে থকা সংযোগৰ বাবে ছাৰ বিদিয়াধৰ সুৰযপ্ৰতাপ নাইপলৰ নাম সৰুৰে পৰা শুনিছিলোঁ৷ তেওঁৰ এখন অতি বিখ্যাত গ্ৰন্থ ’A House for Mr Biswas’ পঢ়াৰ পিছত তেওঁ মোৰ এজন প্ৰিয় লেখক হৈ পৰিছিল৷ ২০০১ চনত সাহিত্যৰ নবেল বঁটা পোৱাৰ পিছত তেওঁৰ আন দুখন গ্ৰন্থ An Area of Darkness আৰু Among the Believers ঃ An Islamic Journey নামৰ কথা-সাহিত্য পঢ়াৰ পিছত নাইপল যে কেৱল উপন্যাসিক হিচাপেই আশ্চৰ্যকৰ নহয় সেই কথাও নিশ্চিত হ’লো৷ নাইপলে বিশ্বাস কৰিছিল লেখকৰ কল্পনাৰ জগতখনেই তেওঁৰ একান্ত আপোন গৃহভূমি৷ সেইবাবেই হয়তো তেওঁ কৈছিল যে আত্মজীৱনীৰ পৰিবৰ্তে উপন্যাসতহে লেখকৰ প্ৰকৃত অভিজ্ঞতাৰ ছবিখন ফুটি উঠে৷ স্বভাৱজাত শৈলীৰে বিতৰ্কক প্ৰশ্ৰয় দি নাইপলে যদিও বহুতৰ চকুত গোষ্ঠীবাদী ( racist) প্ৰবক্তাৰ পৰিচয় লাভ কৰিছিল তথাপিতো তেওঁৰ In a Free state, A Bend in the River আৰু The Enigma of Arrival ৰ দৰে গ্ৰন্থৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ থাকিব৷ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী নাদিৰা নাইপলে কোৱা এষাৰ কথাই তেওঁৰ জীৱনটো কিমান বৰ্ণাঢ্য আছিল তাৰ ধাৰণা দিয়ে -“He was a giant in all that he achieved and he died surrounded by those he loved having lived a life which was full of wonderful creativity and endeavour“ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!