নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ আৰু আমি জানিবলগীয়া কিছু কথা – হেমন্ত দাস

এখন যুটীয়া সংশোধনী সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কে আলোচনা কৰি আছে৷ প্ৰথম অৱস্থাত এই বিধেয়কখন শীতকালীন অধিবেশনত উপস্থাপন কৰাৰ কথা ভবা হৈছিল৷ কিন্তু অসমৰ বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ ফলত এতিয়া এই অধিবেশনত এই বিল গৃহীত নোহোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ এই বিল সম্পৰ্কে কিছু কথা আলোচনা কৰো আহক৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ কি?

জুলাই মাহত লোকসভাত অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ (The Citizenship Amendment Bill 2016) এ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু জাতিৰ অবৈধ অনুপ্ৰবেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিব৷ অন্য কথাত ই Citizenship Act of 1955 ক সংশোধন কৰিব ৷

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ দ্বাৰা চৰকাৰে কি বিচাৰে?

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক জেলত বন্দী নকৰিব বা স্বদেশলৈ বিতাৰিত নকৰিব৷

তদুপৰি ই বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ আগতে ভাৰতত বাস কৰাৰ সময় সীমা এঘাৰ বছৰৰ পৰা কমাই ছয় বছৰ কৰিব বিচাৰিব৷ কিন্তু এই বিধেয়কখনে অবৈধ মুছলমান অনুপ্ৰৱেশকাৰীক সামৰি নলয়৷ তদুপৰি ই চুবুৰীয়া ৰাষ্ট্ৰৰ ইহুদী তথা বাহাই সকলকো সামৰি নলয়৷

অসমৰ দল সংগঠনে কিয় ইয়াৰ বিৰোধিতা কৰিছে?

নাগৰিকত্ব সংশোধনী বিধেয়কখনে ১৯৮৫ চনৰ অসম চুক্তিৰ অৱমাননা কৰে৷ যি চুক্তিত ২৫ মাৰ্চ ১৯৭১ চনৰ পিছৰ সকলো অবৈধ বাংলাদেশীক দেশৰ পৰা বিতাৰিত কৰাৰ কথা আছিল৷

অবৈধ অনুপ্ৰৱেশকাৰী কোনবোৰ?

Citizenship Act 1955 ৰ মতে, যিবোৰ বিদেশী ব্যক্তি সঠিক ভ্ৰমণ অনুজ্ঞাপত্ৰ অবিহনে ভাৰতত প্ৰবেশ কৰে অথবা ভিছাৰ ম্যাদ শেষ হোৱাৰ পিছতো ভাৰতত বসবাস কৰে তেওঁলোকক অবৈধ অনুপ্ৰবেশকাৰী বুলি কোৱা হয়৷ শেহতীয়া ভাবে এই নিয়মৰ কিছু সালসলনি কৰি ৩১ ডিচেম্বৰ ২০১৪ চনৰ আগতে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ভাৰতলৈ অহা সংখ্যালঘু সকলক ভাৰতত থকাৰ অনুমতি প্ৰদান কৰা হয়৷

INDIAN CITIZENSHIP বা ভাৰতীয় নাগৰিকত্ব কেনেকৈ লাভ কৰে?

ভাৰতত জন্মলাভ কৰা, যাৰ মাক দেউতাক ভাৰতীয় বা ভাৰতত একেৰাহে এঘাৰ বছৰ ধৰি বসবাস কৰিছে তেওঁলোক সকলোৱে ভাৰতীয়৷ অবৈধ অনুপ্ৰবেশকাৰী সকল অৱশ্যে ইয়াত অন্তৰ্ভুক্ত নহয়৷

নাগৰিকত্ব সংশোধনী বিধেয়কখনে আৰু কি কয়?

এই বিলখনে নিয়ম ভংগকাৰী Overseas Citizen Cardholder (OCI)ৰ ৰেজিষ্ট্ৰেশ্যন বাতিল কৰিব বিচাৰিব৷

কোন কোন দেশৰ শৰণাৰ্থী ভাৰতত আছে?

ইৰাণ, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু তিব্বতৰ বহুতো শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী ভাৰতত আছে৷

ভাৰতৰ ক’ত ক’ত হিন্দু বাংলাদেশী/অন্য শৰণাৰ্থী আছে?

পুৰ্ব বংগীয় ৰিফিউজী সকলৰ বেছিভাগকেই কলিকতা মহানগৰীত আৰু অন্য কিছু টাউন আৰু পশ্চিম বংগৰ গ্ৰামীণ অঞ্চলত সংস্থাপিত কৰা হৈছিল৷ ইয়াৰে বহুল অংশ অসমৰ বৰাক উপত্যকা আৰু ত্ৰিপুৰাত প্ৰৱেশ কৰে৷ অন্য 0.5 মিলিয়নক ভাৰতৰ বিভিন্ন ঠাইত সংস্থাপিত কৰা হয়৷ ইয়াৰ মাজতেই আছে দিল্লীৰ East Pakistan Displaced Persons’ Colony (EPDP) যাক শেহতীয়া ভাৱে চিত্তৰঞ্জন পাৰ্ক নাম দিয়া হয়৷ ওড়িষা, মধ্যপ্ৰদেশ, বিহাৰ আৰু চত্তিশগড়তো বহু লোকক সংস্থাপিত কৰা হয়৷ ইয়াৰ উপৰিও 0.3 মিলিয়ন বংগমুলীয় লোকক মুম্বাইত সংস্থাপিত কৰা হয়৷ উত্তৰাখণ্ড (11768 জন) আৰু চত্তিশগড় (62890 জন) দেশৰ ভিতৰতে সৰ্বাধিক শৰণাৰ্থী থকা ৰাজ্য৷ আনহাতে চণ্ডীগড় (1 জন) আৰু গোৱা (3 জন) সৰ্বনিম্ন শৰণাৰ্থী থকা ৰাজ্য৷ অতি দুখজনকভাৱে আমাৰ অতি জাতীয়তাবাদী সংগঠন আৰু চৰকাৰ থকাৰ পিছতো অসমত কিমান অবৈধ বাংলাদেশী বা শৰণাৰ্থী বাস কৰিছে তাৰ কোনো তথ্য চৰকাৰীভাৱে পাবলৈ নাই৷

উক্ত শৰণাৰ্থী সকলে বেংক একাউণ্ট, পেন কাৰ্ড, আধাৰকে ধৰি সকলো সুবিধা লাভ কৰাৰ লগতে দশক দশকজুৰি ইচ্ছানুসাৰে ব্যৱসায়-বাণিজ্য আদিও কৰি আহিছে৷ এতিয়া এই লোকসকলৰ বাবে এখন আইন যুগুত কৰি থকাৰ মুহুৰ্তত আমাৰ অতি জাতীয়তাবাদী তেজে ঢৌ মাৰিছে৷ যিসকলে আজি ইমান বছৰে কেৱল আন্দোলনৰ বাহিৰে অবৈধ লোক সকলক খেদিবৰ বাবে একো এটাই নকৰিলে৷ সৌ সিদিনা বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আহি অসমত এজনো বাংলাদেশী থকা বুলি তেওঁলোকক জনোৱা হোৱা নাই বুলি কোৱাটোৱে কি বুজায়? তেওঁচোন ওলোটাই অসমৰ পৰাহে বাংলাদেশত অনুপ্ৰৱেশ হোৱা বুলিহে কৈ গ’ল৷ তেওঁৰ সেই কথাৰ বিৰোধিতা কৰি এজনো জাতীয়তাবাদীয়ে আন্দোলন নকৰিলে কিয়?

★★★

4 thoughts on “নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ আৰু আমি জানিবলগীয়া কিছু কথা – হেমন্ত দাস

  • December 31, 2018 at 6:37 pm
    Permalink

    আজি বুজি পালো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে কিছু জানিবলগীয়া কথা। আপোনাক ধন‍্যবাদ এইখিনি জনোৱা বাবে।

    Reply
  • February 1, 2019 at 8:01 pm
    Permalink

    আজি প্ৰথম জানিলোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক খনিৰ
    বিষয়ে ।

    Reply
  • March 28, 2019 at 10:05 pm
    Permalink

    ধন্যবাদ

    Reply
  • January 5, 2020 at 10:06 am
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!