নামেৰীয়ে ৰিঙিয়াই – ৰূপম কোচ

অসমত থকা ৫ খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্যতম ধুনীয়া ৰাষ্ট্ৰীয় উদ্যানখনেই হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৷ এই উদ্যানখনৰ সৌন্দৰ্য্য ইয়াত নহাকৈ উপলব্ধি কৰিব নোৱাৰি৷ প্ৰকৃতিপ্ৰেমী সকলৰ বাবে নামেৰী ভূ-স্বৰ্গ বুলি কলেও ভুল কৰা নহ’ব । এই ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌৰ্ন্দয্য উপভোগ কৰিবলৈ প্ৰতি বছৰে এক বুজন পৰিমানৰ দেশী বিদেশী পৰ্য্যটক ইয়ালৈ আহে৷ বিভিন্ন দূৰ্লভ তথা আপুৰুগীয়া বন্য প্ৰাণীৰ আৱাসভূমি নামেৰী ৰষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ ভঁড়াল বুলি ক’ব পাৰি৷ এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নদীখন উদ্যানখনৰ লগতে সমস্ত জীৱকুলৰ প্ৰধান চালিকা শক্তি হোৱাৰ লগতে উদ্যানখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰাত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ-পূৱ ভাৰতৰ মাজ মজিয়াত অৱস্থিত বুলি ক’ব পাৰি৷ এই ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ পৰা উত্তৰে প্ৰায় ৩৫ কিঃমিঃ দূৰত পূৱ হিমালয়ৰ পাদদেশত অৱস্থিত৷ বালিপৰাৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১৪ কিঃমিঃ৷ এই উদ্যানখনক ১৯৮৭ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰা হয়৷ তাৰ পিচত ১৯৮৫ চনৰ ১৮ চেপ্তেম্বৰত নামেৰী অভয়াৰণ্য হিচাপে ঘোষিত হয়৷ সেই সময়ত ইয়াৰ মাটিকালি আছিল ১৩৭ বৰ্গ কিঃমিঃ৷ ১৯৯৮ চনৰ ১৫ নৱেম্বৰত নামেৰী অভয়াৰণ্যৰ লগত ৭৫ কিঃমি মাটি সংযোজন কৰি ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়৷ বৰ্তমান ই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ব্যাঘ্ৰ প্ৰকল্পও ৷
জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ নামেৰী ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন দুষ্প্ৰাপ্য জীৱজন্তু, সৰীসৃপ, বিভিন্ন প্ৰজাতিৰ পখিলা চৰাই, মাছ-কাছ, কীট পতঙ্গ, বিভিন্ন প্ৰজাতিৰ পখিলা, মূল্যবান আৰু ঔষধি উদ্ভিদৰ আৱাস ভূমি৷ ইয়াত পোৱা বনৰীয়া জন্তুৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, হিমালয়ৰ ক’লা ভালুক, বনৰীয়া মহ, বনৰীয়া কুকুৰ, বনৰৌ,শৰপহুৰ দল, হৰিণা, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সেন্দূৰী বান্দৰ, হাতী, বনৰীয়া গাহৰি, শিয়াল, অজগৰ, ফেঁটি, গোম আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ সাপ আদি উল্লেখযোগ্য৷ পক্ষীপ্ৰেমী সকলৰ বাবে নামেৰী উত্তম ঠাই বুলি ক’ব পাৰি৷ ইয়াত ৩০০ ৰো অধিক বিৰল প্ৰজাতি চৰাই পোৱা যায়৷ বৰ্তমান বিলুপ্ত প্ৰায় দেওহাঁহ নামেৰিত পোৱা যায়৷ ইয়াৰোপৰি ধনেশ, ভাটৌ, ডাউক, মাছৰোকা, গংগাচিলনী, বৰ হাইনী, কপৌ, ভৰত পক্ষী, মৌখাতি, কনুৱা, শেন চৰাই, কেতেকী আদি নামেৰীত পোৱা উল্লেখযোগ্য চৰাই৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৬০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ মূল্যৱান উদ্ভিদ তথা ঔষধি উদ্ভিদ আছে৷ ইয়াত পোৱা উদ্ভিদসমূহৰ ভিতৰত শাল, চেগুন, গমাৰি, তিতাচপা, মেকাহী, হোলোং, অগৰ আদিয়েই প্ৰধান৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নদীখনতো প্ৰচুৰ পৰিমাণে মাছ-কাছ পোৱা যায়৷ এই নদীখনত পোৱা জোঙাপিঠিয়া মাছ এক দূৰ্লভ প্ৰজাতিৰ মাছ৷ এই মাছবিধ প্ৰায় ৩ৰ পৰা ৯ ফুট পৰ্যন্ত দীঘল হয়৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যান বহুতো দূৰ্লভ তথা আপুৰুগীয়া সম্পদৰ ভাণ্ডাৰ হোৱাৰ উপৰিও ইয়াৰ মনোৰম নৈসৰ্গিক দৃশ্যই সকলোকে আকৰ্ষিত কৰে৷ বছৰটোৰ নৱেম্বৰ মাহৰ পৰা এপ্ৰিলমাহলৈকে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্য্যটকৰ বাবে মুকলি থাকে৷ এই সময়খিনিত দেশীয় পৰ্য্যটকৰ লগতে বিদেশী পয্যৰ্টকৰো ৰাষ্টীয় উদ্যানখনলৈ আগমন ঘটে৷

নীৰৱতা প্ৰিয় ব্যক্তিসকলৰ বাবে নামেৰী অতি উত্তম ঠাই৷ সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত হৈ এক শান্ত সমাহিত পৰিবেশত নিজকে বিলীন কৰি এক স্বৰ্গীয় সুখ লভিব বিচৰা ব্যক্তিসকলৰ বাবে নামেৰী উপযুক্ত ঠাই৷ ইয়াৰোপৰি পৰ্য্যটকসকলৰ মনোৰঞ্জনৰ বাবে ইয়াত ৰেফটিং আৰু ট্ৰেকিঙৰ ব্যৱস্থা আছে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি অনুৰাগী পৰ্য্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীয়া ভৰলী নদীখনত ৰেফটিং কৰাৰ বিৰল অভিজ্ঞতা লাভ কৰিব পাৰে৷ তীব্ৰ সোঁত থকা জীয়া ভৰলী নদীত প্ৰায় ১৩ কিঃমিঃ দৈৰ্ঘ্যৰ আৰু ৩ ঘণ্টাজোৰা ৰোমাঞ্চকৰ ৰেফটিংঙৰ যাত্ৰাই আপোনাক এক অনাবিল আনন্দ প্ৰদান কৰিব৷ ইয়াৰ লগতে নামেৰীৰ হাবিৰ ভিতৰভাগত ট্ৰেকিং কৰাৰ ব্যৱস্থা আছে৷ বিভাগীয় অনুমতি লৈ পৰ্য্যটকসকলে নামেৰীৰ অৰ্ন্তভাগত ট্ৰেকিং কৰিব পাৰে৷ এই ট্ৰেকিং কৰাৰ সময়ত পৰ্য্যটকসকলে বন্যপ্ৰাণী সমূহ প্ৰত্যক্ষ কৰাৰ সুযোগ লভিব পাৰে৷ অসমৰ বা ভাৰতৰ অন্য ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ইয়াত হাতী চাফাৰী বা জীপ চাফাৰীৰ ব্যৱস্থা নাই৷ পৰ্য্যটক সকলে খোজকাঢ়িয়ে ৰাষ্ট্ৰীয় উদ্যানখন ঘূৰিব লাগিব৷ পৰ্য্যটকসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে ট্ৰেকিং কৰাৰ সময়ত একোজনকৈ নিৰাপত্তা ৰক্ষী পৰ্য্যটকসকলৰ সৈতে পঠোৱাৰ ব্যৱস্থা কৰে৷
এটা সময়ত বৰশী বাই ভাল পোৱা সকলৰ বাবে নামেৰী অতি উত্তম ঠাই আছিল যদিও বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত বৰশী বোৱা নিষিদ্ধ কৰিছে৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা আৰু খোৱাৰ সুন্দৰ ব্যৱস্থা আছে৷ বৰ্তমান উদ্যানখনত নামেৰী ইক’কেম্প, জীয়া ভৰলী, লালি মৌ আৰু জংগল কেম্প নামেৰে চাৰিখন ৰিজৰ্ট আছে৷ এই ৰিজৰ্টসমূহত দেশী বিদেশী খাদ্যৰ লগত থলুৱা খাদ্যৰো যোগান ধৰা হয়৷ সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অৱস্থিত ৰিজৰ্টসমূহৰ মানদণ্ড যথেষ্ট উন্নতমানৰ৷ নিশা যাপন কৰা পৰ্য্যটকসকলে ইয়াত কেম্প ফায়াৰ কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰে৷ ইয়াত এৰাতিৰ বাবে এটি ৰূমৰ (য’ত দুখন বিছনা থাকে, )ভাড়া ১৮০০-২০০০টকা যদিও ডৰমেটেৰীত ( হল ঘৰ, যত একেলগে ১২ জন থাকিব পাৰে) ৩৫০ টকা মান হয়৷

হৰিনাৰ মাংসই বৈৰী হোৱাৰ দৰে বৰ্তমান উদ্যানখনৰ মূল্যবান সম্পদসমূহেই ইয়াৰ ধ্বংসৰ কাৰণ হিচাপে বিবেচিত হৈছে৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল্যবান গছসমূহ কাটি তহিলং কৰিছে৷ ফলস্বৰূপে বৰ্তমান উদ্যানখনৰ এক বুজন পৰিমাণৰ বনাঞ্চল মুকলি ঠাইলৈ পৰ্য্যবসিত হৈছে৷ ইয়াৰ লগতে এচাম চোৰাংচিকাৰীয়ে নিতৌ উদ্যানখনৰ বন্য প্ৰাণী সমূহ বিশেষকৈ পহু, বনৰীয়া গাহৰি আদি হত্যা কৰি ইয়াৰ মাংস ওচৰৰ পাহৰৰ ঠাই সমূহত বিক্ৰী কৰি আহিছে৷ অসমৰ অন্য ঠাই সমূহৰ দৰে ইয়াতো হাতী আৰু মানৱৰ সংঘাতে দুয়োপক্ষকে অনিষ্ট সাধন কৰিছে৷ তদুপৰি বৰ্তমান সময়ত আটাইতকৈ উদ্বেগজনক কথাটো হল স্বয়ং বনবিভাগৰ ছত্ৰছায়াত তথা স্থানীয় কিছুমান দালালৰ সহযোগত পৰিবেশৰ জ্ঞান শূন্য এচাম দুষ্ট চক্ৰই বছৰ বছৰ ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰধান চালিকা শক্তিস্বৰূপ জীয়া ভৰলী নদীৰ বালি-শিলকে ধৰি মূল্যবান সম্পদসমূহ লুণ্ঠন কৰি আহিছে৷ প্ৰতিদিনে জীয়া ভৰলী নদীখনৰ পৰা অবৈধভাৱে বালি শিল খনন কৰাৰ ফলত নদীখনৰ বিভিন্ন ঠাইত প্ৰচুৰ গৰাখহনীয়া হোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমস্ত জীৱকুলৰ প্ৰতি এক তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে৷

ৰাষ্ট্ৰীয় উদ্যান খনৰ এই সমস্যা সমূহ সমাধান কৰাত বনবিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, ৰক্ষকে ভক্ষক হোৱাৰ দৰে বিভাগীয় বিষয়া ও কৰ্মচাৰী সকলে চোৰাং চিকাৰীৰ লগত গোপন মিতিৰালি কৰি চোৰাং কাৰ্য্য চলাই নিয়াত সহায়হে কৰে৷ ইতিমধ্যে বহুতো আইন প্ৰনয়ণ কৰি উদ্যানখন ৰক্ষাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও সকলো ফুটুকাৰ ফেন হোৱা পৰিলক্ষিত হৈছে৷
বৰ্তমান আমাৰ দ্বাৰা স্থানীয় সচেতন প্ৰকৃতি প্ৰেমী যুৱ সকলক লৈ নামেৰী সুৰক্ষা মঞ্চ নামেৰে এটি বেচৰকাৰী সংস্থা গঠন কৰি এই ক্ষেত্ৰত এক প্ৰৱল জনমত গঢ়া হৈছে৷ এই সংস্থাটিৰ উদ্যোগত বৃক্ষৰোপণ, সভা সমিতি আদি অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বন আৰু বন্যপ্ৰানী সমূহক সংৰক্ষনৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে৷ যোৱা দুবছৰ ধৰি “নামেৰী মাৰাথন”নামেৰে এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই ক্ষেত্ৰত ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰা হৈছে৷ নামেৰীৰ বিষয়ে প্ৰচাৰৰ অভাৱ কথাষাৰ অনুধাৱন কৰিয়েই আমাৰ দ্বাৰা জনপ্ৰিয় চছিয়েল মিডিয়া ফেচবুকত “NAMERI CALLING YOU.. নামেৰে এটি গোট খুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে যথাসম্ভৱ প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷
আমি ভাবো এই ক্ষেত্ৰত চকাৰৰ কৰণীয় যথেষ্ট আছে৷ সময় থাকোতে যদি চৰকাৰ তথা বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অদূৰ ভৱিষ্যতে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কেৱল মানচিত্ৰতহে বিচাৰি পোৱা যাব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!