নাস্তিকৰ ভূত (বিপ্লৱ বৰা)

‘পাছ কৰ বে। মণিপুৰী হ’য়। যাহা তাঁহা নাটানিবি, নগেনদা টাইপ কিচ্ছা বনি যাবি।’
ডক্টৰ নিচাৰ ৱেডাৰ ফ’ৰকাষ্টিং শুনি লগে লগে বাবাডাললৈ মুখ মেলি চাই থকা গুটিলৈ সেইডাল পাছ কৰি দিলো। গুটিয়ে বাবাডাল দুই হাতৰ মুঠিত লৈ ওপৰলৈ মুৰ কৰি সেঁৱা এভাগ জনাই আপোনমনে সেইডাল হুপাত লাগিল।

( ফ্লেচবেক -১:  নগেনদাৰ AK47

আমি তেতিয়া হায়াৰ ছেকেন্দেৰি ফাৰ্ষ্ট ইয়েৰত। সেইবাৰ শিৱৰাত্ৰিত ডিগ্ৰী থাৰ্ড ইয়েৰৰ ছাত্ৰ নগেনদাই সভক্তিৰে এনেকৈয়ে ঘোঁটা খালে, পাৰফৰমেঞ্চ দেখি প্ৰসন্নহৈ খোদ শিৱবাবা চাগে নিজেই আহি নগেনদাৰ গাত লম্ভিলে আৰু নগেনদাই হোষ্টেলৰ বাকীবোৰক যাকে মুখৰ আগত পাই তাৰ ওপৰতে লম্ভিবলৈ ল’লে। মানে ঘোঁটা খাই নগেনদা ইনষ্টেণ্ট এজন প্ৰভাৱশালী মন্ত্ৰীৰ খাচম্-খাছ মানুহ হৈ পৰিল আৰু নগেনদাৰ স্বৰচিত কবিতাৰ আবৃত্তি নুশুনিলেই বাকী আকখা ইন্দিয়া এ.কে. 47 ৰ গুলীত চল্লি-চল্লি হ’বলৈ ৰেডি থাকিব লগীয়া হ’ল। নগেনদাৰ ৰুমমেটকেইটাই নগেনদাক ফুচুলাই ফুচুলাই তিনিদিনমান অহৰহ নেমুপানী, তেঁতেলি পানী, টেঙা মৰ্টনৰ চাপ্লাই নগেনৰ পেটলৈ পঠাইহে নগেনদাক লম্ভাজনক পুনৰ AK 47 সহ কৈলাশলৈ ঘূৰাই পঠাইছিল।)

ডক্টৰ নিচা মানে প্ৰৱাল, মোৰ সহপাঠী। নিচাত পাৰ্গত কাৰণে গোটেই ক’লেজৰেই ভকতসমাজৰ এজন গণ্যমাণ্য সূত্ৰধাৰ। “বাবা” বুলিলে প্ৰৱাল আমাৰ আনদিচপুটেড লীডাৰ। লোকেল, মণিপুৰী, ত্ৰিপুৰী, চিমলা, কোনবিধ প্ৰসাদত কি পৰিমাণে শিলিখা গুড়ি, জেষ্ঠমধু দি কেইটা টান মাৰিলে কৈলাশৰ শৃংগ পাব পাৰি, আৰু সুকলমে ঘূৰি আহিব পাৰি, অকল প্ৰৱালেহে জানে। প্ৰৱালে আঁকি দিয়া ৰেড লাইন যিয়েই ক্ৰছ কৰিছে, সিয়েই উদাহৰণ বনি গৈছে। মুঠতে বাবাৰ নিচা যদি এটা বিষয় হ’য়, প্ৰৱাল সেই বিষয়ত ডক্টৰ উপাধিৰ বাবে পাৰফেক্ট ষ্টুডেন্ট। তাত সন্দেহ কৰাৰ সাহস বাঘা বাঘা চকুচঁৰহাকেইটাইয়ো কৰা নাই।

এই অধমে লাডু খাইছো, লোকেলবিধ একটান, দুইটান কেতিয়াবা ক’ৰবাত প্ৰেষ্টিজ্ মেইনটেইন কৰাৰ স্বাৰ্থত টানি দিছো যদিও মণিপুৰী সেইদিনাহে প্ৰথম চুইছিলো। বিদ্যা শপত।
সেইকেইদিন হোষ্টেল প্ৰায় নিমাওমাও। আমি হায়াৰ ছেকেন্দেৰি ছেকেন্দ ইয়েৰৰ বিজ্ঞানৰ ছাত্ৰকেইটা প্ৰেকটিকেলৰ পৰীক্ষা আৰম্ভ হোৱালৈ ৰৈ আছো। থিঅ’ৰি শেষ। লগৰ আৰ্টছৰমখা পৰীক্ষা শেষ কৰি ঘৰাঘৰি হ’ল। হায়াৰ ছেকেন্দেৰি ফাৰ্ষ্ট ইয়েৰখিনিৰো এটাও নাই। পৰীক্ষা দি সব ফুৎ। স্নাতক মহলাৰো একাংশ ষ্টাডি লীভ লৈ ঘৰত আছেগৈ । সেয়ে হোষ্টেলৰ কোনো এটা ৰুমতেই এতিয়া চাৰিটাকৈ প্ৰাণী নাই। কেইটামান ৰুমততো এটাও নাই। মুঠতে প্ৰসাদকণ ধৰিবলৈ ঠাইৰ আকাল নাই, চুপাৰৰ হাতত ধৰা পৰাৰো চান্স অ’লম’ষ্ট নীল। সন্ধিয়াতে গম পালো ডক্টৰ নিচাৰ হাতত ক’ৰবাৰ পৰা মণিপুৰীবিধ আহি পৰিছে বুলি। মনতে বোলো হোষ্টেল এৰিবৰে হ’লহি, যোৱাৰ আগতে মণিপুৰীবিধো ট্ৰাই এটা দি যাওঁ । আৰু ৰাতি ভাত খাই উঠি আমি পাঁচ ভকত – ড. নিচা, গুটি, থুইপাছ, চিনটেক্স আৰু মই- পূজাত ব্যস্ত হ’লো। মানে বাবাৰ প্ৰসাদ ইখন মুখৰ পৰা সিখন মুখলৈ ৰাউণ্ডত ঘুৰিবলৈ ল’লে।

‘আবে, হোষ্টেলত এইকেইদিন একো জমা নাই বে। মই কথা এটা ভাৱিছো। চা, যোৱাবাৰ আমাৰ এনুৱেলৰ টাইমত কি থ্ৰীল আছিল। ভূত উলাইছিল। জমি আছিল নে নাই ক? এইবাৰো এটা উলিয়াই দিও আহ- চিনটেক্সে ক’লে।
চিনটেক্সে খোৱাৰ বাদে কিবা বেলেগ ভাৱিছো বুলি ক’লে ভয় খাব লগা কথা। চিনটেক্সৰ উৰ্বৰ চিন্তাৰ বজ্ৰপাত পৰি কিমান খাণ্ডৱ দাহ হৈ গ’ল, ভগৱানেহে জানে। সেয়ে আটাইকেইটাই তাৰ মুখলৈ ভালকৈ চালো। বাবা খালে মানুহৰ চকু সৰু হোৱাহে দেখিছিলো, কিন্তু সেইসময়ত তাৰ চকু অমৰাগুটিৰ সমান মস্তকৈ মেল খাই আছিল।
চিনটেক্স মানে, সন্দীপ পেটুৱা। খাদ্যমন্ত্ৰী সন্দীপে এটা চিনটেক্স পানী টেংকিৰ সমানেই পেটত খাদ্য ধাৰণ কৰিব পাৰে বুলি হোষ্টেলৰ ৰান্ধনী কেইজনে বাজী মাৰি কয়। আন কাৰোৱেই সি এবাৰত কিমান খাব পাৰে, ডিটেইল আইডিয়া নাই।

ফ্লেচবেক-২:-  ভুতৰ পজিটিভ কন্ট্ৰিবিউচন

হয়, ফাৰ্ষ্ট ইয়েৰৰ বাৰ্ষিক পৰীক্ষাৰ সময়ত হোষ্টেলত ভূত ওলাইছিল আৰু বহুতকে লটিঘটি কৰিছিল। ভূতৰ কবলত পৰি যাতে কোনো দুৰ্ঘটনা নহ’য়, সেয়ে আমি ফাৰ্ষ্ট ইয়েৰখিনি ৰাতি ভাত খাই চিধাই নিজ নিজ ৰুমত সোমাই থকাৰ হিটলাৰী সান্ধ্য আইন জাৰী হৈ গৈছিল। সেই আখ্যান এতিয়া এৰিলো বাৰু। কিন্তু ৰূমতে সোমাই থাকি, ভূতৰ ভয় পাহৰিবলৈ পঢ়া-শুনালৈ মন দাইভাৰ্ট কৰাত আমাৰ জুনিয়ৰবোৰৰ ৰিজাল্টত প’জিটিভ এফেক্ট পৰিছিল বুলি ভূত বিশ্বাস কৰা ৰাইজৰ বহুতেই কয় – “ভূতৰ এনেকুৱাও চাইড এফেক্ট থাকিব পাৰে বুলি আগতে কেতিয়াও সপোনতো ভৱা নাছিলো।“

চিনটেক্সৰ প্ৰস্তাৱৰ উপৰত চিন্তাচৰ্চা চলিল। শেষত সিদ্ধান্ত হ’ল যে ভূত কাইলৈকে ওলাব আৰু থুইপাছৰ ৰুমমেট ৰঙাদাক যদি ভূত দেখাই দিব পাৰো, তেন্তে মিছন ফাটাফাটি , এশৰ ভিতৰত পুৰা এশ। ৰঙাদাক ভূতে কেনেকৈ গেৰিলা এটেক দিব, তাৰ প্লেনো গৃহীত কৰি নিজৰ নিজৰ বিচনা পাওঁ মানে নিশা দুইমান বাজিল সেইদিনা।

ৰঙাদা মানে প্ৰাঞ্জলদা। ৰসায়ন বিজ্ঞান, স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ। মাওঁবাদ, লাল চালাম, বুৰ্জোৱা সভ্যতা আদিবোৰ প্ৰাঞ্জলদাৰ মুখত অহৰহ আখৈ ফুটাদি ফুটিয়েই থাকে বাবে ৰাইজে প্ৰাঞ্জলদাৰ নামেই ৰাখি দিলে- ৰঙা, মানে লাল, ৰেড। ৰঙাদা দুৰ্ঘোৰ নাস্তিকো। ভগৱান, ভূত, এইবোৰৰ ৰঙাদাৰ লগত কোনো খেলেই নাই। টাইকোৱান্দ’তো ইয়েল্ল’ নে ব্ৰাউন কিবা এপাত বেল্টো ৰঙাদাই লৈ থৈছিল বোলে। মুঠতে ৰঙাদা এজন ওৱান মেন ৰেড আৰ্মী।

পিছদিনা হোষ্টেলত বাতৰি উলাল চিনটেক্সক ঠেকেৰাজোপাৰ তলত মুত্ৰদান কৰি থাকোতে পুৱতি নিশা কোনোবাই, মানে ভূতে, কাণতলীয়া দুটা সোধালে। সেই যি আৰম্ভ হ’ল হ’লেই আৰু। আমাৰ পাঁচটাক সলাই সলাই সন্ধিয়া নমাৰ লগে লগে নিয়মিত ভূতে পাবলৈ ল’লে।
বিভিন্ন ইস্তাহাৰ, বিজ্ঞপ্তিৰ জোৰত এতিয়াৰ ‘ মোডি ৱেভ’ মাফিক ‘ভূত ৱেভ’ এটা এসপ্তাহৰ ভিতৰত খাড়া হৈ গ’ল। আগৰ বছৰৰ কাহিনীবোৰ ৰাইজৰ আকৌ মনত পৰিল। সন্ধিয়া নমাৰ লগে লগে ৰাইজ কমকৈ ওলোৱা-সোমোৱা কৰি পঢ়া শুনা বেছিকৈ কৰিবলৈ ভাল পোৱা হ’ল। মুঠতে আজিকালিৰ নিউজ চেনেলবোৰত কোৱাৰ দৰে এটা ‘চেপা উত্তেজনা’ বিৰাজমান হ’ল। আজি বা কাক পাই, কাক চৰিয়াই!!! সমানে সমানে ৰাইজৰ পৰীক্ষাও চলি থাকিল। ৰাইজৰ পৰীক্ষাবোৰত এইবাৰৰ ভূত ৱেভৰ প্ৰভাৱ পিছত কেতিয়াবা লিখিম বাৰু।
এদিন আকাংক্ষিত অমাৱস্যাৰ নিশাটো আহিল। থুইপাছে সেইদিনা ৰাতি গুটিৰ লগত বায়’লজিৰ প্ৰেকটিকেল পৰীক্ষাৰ বাবে কম্বাইন ষ্টাডি কৰিব। ৰঙাদা ৰুমত অকলে থাকিব লগা স্থিতি । তাতে ৰঙাদাহঁতৰ ৰুমটোৰ পৰা এইফালে পাঁচটা ৰুম খালী। কোনো নাই। ৰঙাদাই ভয় কৰে যদি বেলেগ ক’ৰবাত গৈ শুব লাগিব।
কিন্তু ৰঙাদাই দেখোন ভূত নামানেই, নাস্তিক মানুহ। তেন্তে ভয় কিহৰ বুলিও ৰাইজে বুবু বাবা কৰিবলৈ আৰম্ভ কৰি দিলে। ৰঙাদা অকলে ৰাতি থাকিব পাৰিবনে নাই, এই প্ৰসংগত ডাইনিং হ’লত হোৱা মিশ্ৰিত প্ৰতিক্ৰিয়া স্বচক্ষে দেখিও ৰঙাদাই কিন্তু সেইদিনা আচৰিত ধৰণে তেওঁৰ ‘কিক’ত কেতিয়া কোন কেনেকৈ বেঁহুচ হৈছিল জনাবলৈ এৰি মাজে মাজে এটা দুটা হাঁহি মাৰি মনে মনে চাইহে থাকিল।

ৰাতি এক বজাত ৰঙাদাৰ ৰুমৰ দুৱাৰত টোকৰ পৰিল। কোনো সাৰসুৰ শুনিবলৈ পোৱা ন’গল। দুই-তিনি মিনিট মুৰে মুৰে দুৱাৰত টোকৰ পৰি থাকিল। এসময়ত ৰঙাদাৰ টেবুল লাইটতো জ্বলি উঠিল।আৰু দুৱাৰৰ ফুটাৰে দেখা গ’ল ৰঙাদা বিচনাত বহি নিজৰ কাণ দুখনত ধৰি কিবা কিবি (হনুমান চালিচা ???) বিৰবিৰাই আছে আৰু মাজে মাজে নামাজ পঢ়িলে মাথা মাটিত লগোৱাৰ নিচিনাকৈ বিচনাত নিজৰ মুৰতো লগাইয়ো দিয়ে। ৰঙাদাই ভয়ত চাগে সেইদিনা ঈশ্বৰ, আল্লা, দুয়োকে মাতিছিল। ৰঙাদাহঁতৰ এখন খিৰিকী বাহিৰৰ পৰা হেঁচুকি দিলেই খুল খাই পৰে। সেইখন লাহেকৈ অলপমান মেলি ভূতৰ হাত হিচাপে প্ৰস্তুত কৰা ক’লা ৰং সানা ক্ৰিকেটৰ গ্ল’ভছ এপাত মাৰি এদালদি অলপ ভৰাই দিওঁতেই ৰঙাদাৰ হোষ্টেল প্ৰসিদ্ধ ৰামপুৰী খুকুৰীখন মোৰ নাকৰ এক ইন্সিমানহে আঁতৰদি উৰি গৈ আন এটা কোঠাৰ ৱালত লাগি চিটিকি জাৱৰ পেলোৱা টিন এটাত পৰি নিশাৰ নিৰৱতা ভাঙি পেলালে।
আমি ভূত সন্মিলনী লগে লগে তাৰ পৰা পলাই পত্ৰং দিলো। ধৰা পৰিব লাগিলে ৰঙাদাৰ বেক কিক, ফ্লাইং কিকৰ পৰা বাছি গ’লেও হোষ্টেল চুপাৰৰ কাণতলীয়াৰ পৰা নাবাচিম। বেলেগ এক্সন ল’লেতো বৰ্বাদেই।আৰু নাস্তিক ৰঙাদাৰ ভূতৰ ভয়ত হাৰ্টফেইল হ’ব লাগিলেতো খেলেই চাফা। চিনটেক্সে ভৱামতে গৈ কেতিয়াবা কাৰোবাৰ কিবা ভাল হৈছে, তেনেকুৱা ৰেকৰ্ড চিনটেক্সে নিজেও কেতিয়াও কনফিডেণ্টলি দিব পৰা নাছিল।
পিছদিনা পুৱা গম পাইছিলো ৰাতি ৰঙাদা গৈ গৌতমদাৰ ৰুমত শুইছিল বোলে। সেইৰাতি ৰঙাদাৰ খিৰিকীৰে ভূত সোমাব বিচাৰিছিল। ৰামপুৰীয়েহে ৰঙাদাক ৰক্ষা কৰিছিল।
নাস্তিক ৰঙাদাইয়ো ভূত দেখাত ভূতৰ সন্ত্ৰাস আৰু বাঢ়ি গৈছিল যদিও সেইদিনাৰ পৰা ভূতে কাকো দেখা নিদিয়া হ’ল। হয়তো ৰামপুৰী এটেকত ভূতেও ভয় খাই গৈছিল। প্ৰেকটিকেলৰ পৰীক্ষা শেষ কৰি এই অধমো এদিন হোষ্টেল এৰি আহিল।

শুনিবলৈ পোৱা মতে ৰঙাদা আজিকালি আগৰ দৰে উগ্ৰ নাস্তিক নহ’য়। ব্যৱসায়ত ধৰাৰ বাবেই, নে সেইবাৰৰ ভূত দৰ্শনৰ অভিজ্ঞতাৰ বাবেই নাজানো, কিন্তু আজিকালি ৰঙাদা মা কামাখ্যাৰ ভক্ত। তেওঁক থানত কেইবাবাৰো আন মানুহে দেখিছে।
এই অধমেও আৰু কোনোদিন ক’তো ভূতৰ ভাওঁ দিয়া নাই। ৰঙাদাৰ ৰামপুৰী সেইদিনা বুকুত সোমোৱাৰো চান্স সমানেই আছিল।

আজিকালি বাৰু হোষ্টেলত ভূত ওলাইনে ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!