নাৰিকল, আফুগুটি আৰু সৰিয়্হ ৰ লগত বাহু মাছঃ মানসজ্যোতি মিশ্ৰ

এইবিধ ব্যঞ্জন তৈয়াৰ কৰিবলৈ একেবাৰে সহজ৷ শুকান নাৰিকলৰ এটা মিঠা সোৱাদ লগতে সৰিয়হৰ চোকা ফ্লেভাৰ আৰু আফুগুটিৰ মিহি লোভনীয় সোৱাদ পাব৷

চাৰি জনৰ বাবে :

#উপকৰণ-

১- বাহু মাছ ৪ টুকুৰা

২- গোটা শুকান নাৰিকল আধাফাল  (পাণ দোকানত পোৱা জৰ্দা/মিঠা পাণৰ লগত দিয়া সৰু নাৰিকল বিধ) মিক্সিত মিহিকৈ বটি লব৷

৩- সৰিয়হ বটা ২ চামুচ

৪- চাৰি চামুচ আফুগুটি বটা

৫- এক চামুচ জিৰা বটা

৬ – দুই চামুচ ধনীয়া বটা

৭- দুটা ডাঙৰ পিয়াজ (পেষ্ট বনাই লব )

৮- সৰিয়হ তেল আন্দাজ মতে

৯- আদা-নহৰু বটা এচামোচ

১০- নিমখ, হালধি, কেইটামান মিথি গুটি আৰু কেঁচা জলকীয়া ৮/৯টা মান

#পদ্ধতিঃ

প্ৰথমে মাছখিনি ভালকৈ ধুই লৈ নিমখ হালধি সানি আধাঘণ্টা মান ফ্ৰিজত থব৷ তেনে কৰিলে পানীখিনি শুকাই মাছ ভাজোতে সহজ হয় আৰু তেল নুফুটে৷

তাৰ পিচত মাছখিনি ভালকৈ ভাজি লব৷ মাছ ভজা হোৱাৰ পিচত সেই তেলতে মিথি গুটি কেইটা দিব৷ গোন্ধ ওলাব ধৰিলে গুটিখিনি উঠাই পেলাই দিব৷ তেনে কৰিলে মিথিৰ ফ্লেভাৰ ৰৈ যায় গুটি থাকিলে কেঁহা লাগিব পাৰে কেতিয়াবা৷ তাৰ পিচত মিহিকৈ কৈ কুটা কেঁচা জলকীয়া দুটা তেলত দিব৷ একমিনিট মান ভাজি তাত পিয়াঁজ বটাখিনি দিব৷ এতিয়া জুই কমাই তেল ওলোৱাকৈ ভাজিব৷ পিয়াঁজ ভজাৰ গোন্ধটো নাকত লগাৰ পিচত তাত জিৰা-ধনীয়া বটা, আদা-নহৰু বটা দিব সামান্য ভাজি অকণ পানী দিব পাৰে যদি জুই বেছি হয়৷ তাৰ পিচত নাৰিকল বটা, সৰিয়হ বটা, আফুগুটি বটাখিনি একাদিক্ৰমে দিব আৰু তেল ওলোৱা লৈকে ১০/১৫ মিনিট মান ভাজিব৷ তাৰ পিচত তিনিকাপ মান পানী দি ঢাকোন মাৰি সিজিব দিব৷ নিমখ দিব নেপাহৰিব দেই৷ যদি ৰং বগা হোৱা নিবিচাৰে তেতিয়া হালধি দিব পাৰে৷ মই পিচে নাৰিকলৰ ৰং ৰাখিবলৈ হালধি দিয়া নাই যাতে বগা আভাস এটা থাকে৷ উতলিবলৈ আৰম্ভণি হলে তাত মাছখিনি পুনৰ ঢাকোন মাৰি ১০ মিনিট মান মধ্যমীয়া জুইত উতলিব দিব আৰু লগত ৰৈ যোৱা ৫/৬টা কেঁচা জলকীয়া নফলাকৈ গোটে গোটে দিব তেতিয়া জ্বলা নোহোৱাকৈ এটা কেঁচা জলকীয়াৰ ফ্লেভাৰ আহিব৷

আঞ্জাখন ডাঠ হৈ মাছত লাগিব ধৰিলে নমাই থব৷ সজাবলৈ কেঁচা ধনীয়া পাত দিব পাৰে৷ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!