নাৰীশক্তিৰ প্ৰতিনিধি ফজিয়া কুফি – অভিজিত দত্ত

এজন মানুহ আছিল৷ বহু বিবাহ প্ৰথাত বিশ্বাসী মানুহজনৰ নামটো আছিল আব্দুল ৰহমান৷ মানুহজনৰ সাতগৰাকী পত্নী আছিল৷ তেইশটা সন্তানৰ পিতৃ ৰহমানৰ নামটো বিখ্যাত হৈ পৰিছে তেওঁৰ উনৈশ নম্বৰ সন্তানটোৰ বাবে৷
সেই সন্তানটো হ’ল ফজীয়া কুফি৷ আফগানিস্তানৰ বাদাকসান প্ৰদেশত বাস কৰা ফজিয়াৰ মাতৃয়ে ফজিয়াই জন্ম লাভ কৰাৰ আগেয়ে এটি পুত্ৰ সন্তানহে লাভ কৰিবলৈ পৰমপিতাক খাটিছিল‌৷ ফজিয়াৰ মাতৃৰ এই আশাৰ কাৰণ এটাও আছিল৷ এটা পুত্ৰ সন্তানক জন্ম দি তেওঁ তেওঁৰ স্বামী ৰহমানৰ প্ৰিয়তমা পত্নী হোৱাৰ এটা সৰু আশা পুহি ৰাখিছিল৷ পিছে বিধিৰ বিপাকত তেওঁ জন্ম দিলে এটি কন্যা সন্তানৰ৷
ফজিয়াই জন্ম লাভ কৰাৰ দিনা ঘৰখনত কোনো আনন্দৰ ঢল বৈ যোৱা নাছিল৷ গোমা ঘৰখনে সদ্যোজাত শিশুটিক বেলিৰ পোহৰত মুকলিকৈ ৰাখিছিল৷ তাৰ কাৰণ আছিল এটাই৷ অনাকাংক্ষিত এই দেৱশিশুটোৰ বেলিৰ প্ৰচণ্ড তাপত মৃত্যু ঘটিব৷


পিছে বেলিৰ পোহৰে এই দেৱশিশুটিৰ আগত হাৰ মানিলে৷ বৰং কালক্ৰমত বেলিটিৰ দৰেই আলোকিত হৈ পৰিল ফজিয়া কুফি৷ আফগানিস্তানৰ ৰক্ষণশীল সমাজখনত নাৰীসকলৰ অধিকাৰক সুৰক্ষা দিয়াৰ উদ্দেশ্যেই যেন সৃষ্টিকৰ্তাই সৃষ্টি কৰিলে ফজিয়া কুফিক৷
ফজিয়াৰ প্ৰাণ বেলিয়ে কাঢ়ি ল’ব নোৱাৰিলে৷ লাহে লাহে ফজিয়া ডাঙৰ হ’ল৷ তাইৰ বয়সৰ ল’ৰাবোৰে বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলে৷ ৰক্ষণশীল সমাজখনত ফজিয়াহঁত ছোৱালী হৈ জন্ম লাভ কৰা বাবে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰা নিষেধ৷ পিছে ফজিয়াই সেই বাধাৰ প্ৰাচীৰখনো একেকোবেই পাৰ হৈ আহিল৷ মাক-দেউতাকক কুটুৰি তাই বিদ্যালয় লৈ শিক্ষা গ্ৰহণৰ বাবে ওলাল৷
ফজিয়াৰ শিক্ষা গ্ৰহণ পৰ্ব আৰম্ভ হ’ল৷ ইতিমধ্যে প্ৰথম আফগান যুদ্ধৰ শেষৰফালে তাইৰ পিতৃক মুজাহিদীনে হত্যা কৰিলে৷ ফজিয়াৰ ঘৰখনত এক হাঁহাকাৰৰ সৃষ্টি হ’ল৷ আততায়ীৰ হাতত মৃত্যুবৰণ কৰা ৰহমানৰ মৃত্যুত পৰিয়ালটো নিঃসহায় হৈ পৰিল৷ কিন্তু ফজিয়া নিজৰ সিদ্ধান্তত অলৰ-অচৰ হৈ থাকিল৷ হাজাৰ প্ৰতিকুলতাকো হেলাৰঙে পাৰ কৰি ফজিয়াই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিলে৷
যদিও ফজিয়াই এগৰাকী চিকিৎসক হ’বলৈ মন মেলিছিল, তাই পঢ়া আৰম্ভ কৰিলে ৰাজনীতি বিজ্ঞান৷ কালক্ৰমত ফজিয়া ইউনিচেফ (UNICEF)-ৰ এগৰাকী সদস্য হিচাবে নিৰ্বাচিত হ’ল৷ ইউনিচেফত কাম কৰাৰ সময়ত ফজিয়া আভ্যন্তৰীণ ভগনীয়া, নাৰী আৰু শিশুৰ সুৰক্ষা প্ৰদান আদি বিভিন্ন কৰ্মত নিয়োজিত হৈ পৰিল৷ সন্ত্ৰাসবাদীৰে গিজগিজাই থকা আফগানিস্তানত ফজিয়া কুফিয়ে আৰম্ভ কৰা কামবোৰ সম্পাদন কৰা বৰ সহজ নাছিল৷ কিন্তু কুফিয়ে সকলোবোৰ বাধা আঁতৰাই নিজৰ লক্ষ্যত উপনীত হ’বলৈ অহোপুৰুষাৰ্থ কৰিলে আৰু এনেদৰে কুফি নিজৰ লক্ষ্যক সাৰোগত কৰি কামত আগবাঢ়িল৷
২০০১ চনত কুফিয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে৷ সেই সময়তেই আফগানিস্তানত তালিবানী শাসনৰ পতন ঘটিল৷ তেওঁ ছোৱালীসকলৰ বাবে আৰম্ভ কৰিলে ‘বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন’ শীৰ্ষক এক অভিযান৷ এই অভিযানৰ যোগেৰে তেওঁ আফগানিস্তানৰ ছোৱালীসকলৰ এক সিংহভাগক বিদ্যালয়মুখী কৰিলে৷ কুফি হৈ পৰিল নাৰী জাতিৰ প্ৰতিনিধি৷
ফজিয়া কুফি লাহে লাহে আফগানিস্তানত এক পৰিচিত নাম হৈ পৰিল৷ ৰক্ষণশীল সমাজ এখনত শিশু আৰু নাৰীসকলৰ বাবে সৰ্বোচ্চ উজাৰি দিবলৈ সাজু থকা ফজিয়া আৰ্ত শিশু আৰু নাৰীসকলৰ বাবে যেন হৈ পৰিল সৰগৰ এগৰাকী দেৱী৷ পিছে ফজিয়া কুফি তালিবানসকলৰ বাবে চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল৷ বহুবাৰ তালিবান তথা অন্যান্য কঠোৰপন্থী নেতাসকলৰ দ্বাৰা ফজিয়া কুফি আক্ৰান্ত হ’ল৷ ২০১০ চনৰ ৮ মাৰ্চত ত’ৰাব’ৰা চহৰৰ সমীপত তেওঁক আক্ৰমণ কৰা হয় আৰু কুফি কথমপি এই আক্ৰমণৰ পৰা ৰক্ষা পৰে৷
ফজিয়া কুফি আফগানিস্তানৰ ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি আফগান মহিলাসকলৰ বাবে কৰা বিপ্লৱক এক নতুন মাত্ৰা প্ৰদান কৰে৷ ২০০৫ চনত তেওঁ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই আফগান জাতীয় সভাৰ নিম্ন সদন ‘ৱোলেচি জিৰগা’লৈ নিৰ্বাচিত হয়৷ এই নিম্ন সদনৰ ‘ডেপুটি স্পিকাৰ’ হিচাবে তেওঁ কাৰ্যনিৰ্বাহ কৰে৷ একেদৰে ২০১০ চনত তেওঁ সদনৰ সাংসদ হিচাবে পুনৰ নিৰ্বাচিত হয়৷ সংসদত তেওঁ নাৰীৰ অধিকাৰ সম্পৰ্কে আলোকপাত কৰাত গুৰুত্ব আৰোপ কৰে৷ ২০০৯ চনত তেওঁ নাৰীৰ বিৰুদ্ধে থকা হিংসা নিৰ্মূলকৰণ আইনখনৰ খচৰা প্ৰস্তুত কৰি তোলে৷ ২০১৩ চনত ইয়াক সংসদত উপস্থাপন কৰা হয় যদিও ৰক্ষণশীল সাংসদসকলে এই বিলখনৰ বিৰোধিতা কৰে৷ যদিও এই বিলখন সংসদত গৃহীত নহয়, তথাপি আফগানিস্তানৰ চৌত্ৰিশ (৩৪)খন প্ৰদেশত ইয়াক প্ৰয়োগ কৰা হয়৷ একেদৰে এই আইনৰ ওপৰত ভিত্তি কৰি ন্যায়ালয়ৰ বিভিন্ন বিবদমান বিষয় নিষ্পত্তি কৰা হয়৷ উল্লেখযোগ্য যে কুফিৰ দ্বাৰা সৃষ্ট এই আইনে আফগানিস্তানৰ নাৰীসকলক আজিকোপতি সহায় কৰি আহিছে৷ ২০১৪ চনত কুফিয়ে আফগানিস্তানৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াবলৈ প্ৰস্তুত হয় যদিও এই পদৰ বাবে আৱশ্যকীয় বয়স নোহোৱাত তেওঁ এই সিদ্ধান্ত বাতিল কৰিবলগীয়া হয়৷ ২০১৪ চনত তেওঁ পুনৰ সাংসদ হিচাবে নিৰ্বাচিত হয়৷
ফজিয়া কুফি আফগানিস্তানৰ এগৰাকী নাৰী হিচাবে বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এই ঘাট-প্ৰতিঘাটে ফজিয়াক ৰূপান্তৰিত কৰিছিল এগৰাকী লৌহ মানৱীৰ ৰূপত৷ জীৱনৰ আৰম্ভণিত ফজিয়াই প্ৰত্যক্ষ কৰিছিল মুজাহিদীনসকলৰ নিষ্ঠুৰতা৷ উল্লেখযোগ্য যে ছোভিয়েট ৰুছিয়াৰ আফগানিস্তানৰ ওপৰত থকা নিয়ন্ত্ৰণক ওফৰাবলৈ এই মুজাহিদীনসকলে অহোপুৰুষাৰ্থ কৰিছিল৷ এই মুজাহিদীনসকলে ফজিয়াৰ পিতৃক নৃশংসভাবে হত্যা কৰিছিল৷ মুজাহিদীনসকলে অকল তেওঁৰ পিতৃক হত্যা কৰিয়েই ক্ষান্ত নাছিল৷ তেওঁলোকে ফজিয়াৰ পৰিয়ালটোকেই নিৰ্মূল কৰাৰ পৰিকল্পনা কৰিছিল৷ ফজিয়া আৰু পৰিয়ালৰ লোকসকলে এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মুজাহিদীন অধ্যুষিত অঞ্চলৰ পৰা পলাই আহি কাবুলত আশ্ৰয় গ্ৰহণ কৰিছিল৷ মুজাহিদীনসকলৰ আমোলত কাবুলৰ ৰাজপথো সুৰক্ষিত নাছিল৷ হত্যা, ধৰ্ষণ আদি বিভিন্ন নাৰকীয় কাৰ্য্যত কাবুলৰ ৰাজপথ সেই সময়ত কঁপি উঠিছিল৷
লাহে লাহে তালিবানসকলে আফগানিস্তানত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ তালিবানসকলৰ আমোলত আফগানিস্তানৰ সাংস্কৃতিক আৰু বৌদ্ধিক ক্ষেত্ৰত পৰিবৰ্তন আহিল৷ ধৰ্মৰ দোহাই দি তালিবানসকলে আফগানিস্তানৰ সাংস্কৃতিক আৰু বৌদ্ধিক দিশৰ প্ৰসাৰৰ ক্ষেত্ৰত বাধা-প্ৰাচীৰৰ সৃষ্টি কৰিলে৷ বিভিন্ন স্মৃতিসৌধ ধৰ্মৰ নামত নষ্ট কৰা হ’ল৷ আফগানিস্তানৰ নাৰীসকলৰ স্বাধীনতাত তালিবানে হস্তক্ষেপ কৰা আৰম্ভ কৰিলে৷ আনকি এগৰাকী পুৰুষ আত্মীয় অৱিহনে নাৰীসকলক ঘৰৰ পৰা বাহিৰ ওলোৱাটো তালিবানসকলে নিষেধ কৰিলে৷ ফজিয়াই এই সকলোবোৰ ঘটনা লক্ষ্য কৰি থাকিল৷ তেওঁৰ প্ৰিয়তম স্বামী হামিদ আৰু ভাতৃ মিৰস্বকয়ৰ স’তে লগ লাগি তালিবানসকলৰ এই আওপুৰণি মনোভাৱক প্ৰচণ্ড প্ৰত্যাহ্বান জনালে৷ হামিদ আৰু মিৰস্বকয় তালিবানৰ হাতত বন্দী হ’ল৷ লাহে লাহে নাৰীৰ স্বাধীনতাৰ হকে মাত মাতিবলৈ আৰম্ভ কৰা ফজিয়া কুফি জনসমাজত জনপ্ৰিয় হৈ উঠিল৷ এই জনপ্ৰিয়তাৰ আলমত ফজিয়াৰ বিভিন্ন প্ৰভাৱশালী লোকৰ স’তে এক সুসম্পৰ্ক গঢ় লৈ উঠিল৷ তাৰেই আলম লৈ ফজিয়া কুফিয়ে তেওঁৰ স্বামী আৰু ভাতৃক তালিবানৰ হাতৰ পৰা মুক্ত কৰিলে৷ কালক্ৰমত ২০০৯ চনৰ ১১ ছেপ্টেম্বৰত তালিবানসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত মোক্ষম আঘাত হানিলে আৰু সেই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই তালিবান অধ্যুষিত অঞ্চলৰ পৰা তালিবানী শাসন বিলুপ্ত কৰিলে৷
ফজিয়া কুফিৰ স্বামী হামিদৰ এই সময়তেই মৃত্যু ঘটিল৷ ফজিয়া অকলশৰীয়া হ’ল৷ তথাপি তেওঁ থমকি নৰ’ল৷ মুজাহিদীন আৰু তালিবানসকলৰ দ্বাৰা নিয়ন্ত্ৰিত আফগানিস্তানৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে তেওঁ কাম কৰা আৰম্ভ কৰিলে৷ আৰম্ভ হ’ল এক নতুন সপোনৰ৷ আফগানিস্তানৰ নাৰীসকলৰ বাবে আশাৰ বন্তিগছি জ্বলাবলৈ ফজিয়া আগবাঢ়ি আহিল৷ একেদৰে শিশুসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈও তেওঁ চেষ্টা অব্যাহত ৰাখিলে৷
আধুনিক আফগানিস্তানৰ নিৰ্মাতা ফজিয়া কুফি আজি নিজ দেশখনৰ উপৰি সমগ্ৰ বিশ্বতেই এগৰাকী জনপ্ৰিয় নেতা হিচাবে প্ৰতিষ্ঠা লাভ কৰিছে৷ বিশ্বৰ চুকে কোণে ফজিয়া প্ৰশংসিত হৈছে৷
নাৰীশক্তিক প্ৰতিনিধিত্ব কৰা ফজিয়া কুফি বিশ্বৰ দৰবাৰত অকল এক নাম হৈ থকা নাই৷ ফজিয়া কুফিৰ উত্তৰণ ঘটিছে৷ এগৰাকী নাৰী এটি সবল বিপ্লৱলৈ ৰূপান্তৰ হৈছে৷ আফগানিস্তান আৰু সমগ্ৰ বিশ্বৰ নাৰীসকলৰ বাবে ফজিয়া কুফিয়ে আগবঢ়াইছে এগছি আশাৰ প্ৰদীপ৷


সহায়ক গ্ৰন্থ:
Fawzia Koofi: Letters to My Daughter’s: A Memoir
Fawzia Koofi and Nadene Ghauri: The Favoured Daughter: One Woman’s Fight to Lead Afghanistan into the Future
(ফটো: গুগল)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!