নিঃসঙ্গ যাত্ৰাত মোৰ সহযাত্ৰী (- কামাৰুজ জামান )

সীমাহীনতাৰ অথবা অনিশ্চয়তাৰ

মহাতীৰ্থৰ যাত্ৰী ম‍ই আজি

 

নিঃসঙ্গ যাত্ৰী,

কোনো নাই মোৰ লগত আজি

কোনো নাহিল মোৰ লগত

মোৰ ঘৰ, মোৰ ঘৰৰ মানুহ

মোৰ কোঠালি, মোৰ কিতাপ, কাগজ-কলম

মোৰ আত্মীয়, মোৰ গাঁও, মোৰ গাঁওবাসী

তুমি……….কোনো নাহিল

নাহিল সেউজীয়া গছ-পাত-ফুল-ধূলি-পানী

আনকি জোনাকী পৰুৱা কেইটাও

 

বহু দূৰলৈ আহি ম‍ই ঘূৰি চাইছিলোঁ

কিজানিবা কোনোবা আহিয়ে আছে, মোৰ পিছে পিছে

মৰমতে, নহ’লে আৱেগতে ।

 

মৰীচিকা খেদিলোঁ কিছু সময়

নাই কোনো নাহিল,

মোৰ শেষ আশা, তুমিও নাহিলা ।

 

দূৰত্ব ক্ৰমাৎ বাঢ়ি আহিল সকলোৰে স’তে

মোৰ ঘৰৰ স’তে, গাঁৱৰ স’তে

সেউজীয়া গছ-পাত-ফুলৰ স’তে

কোনেও মোৰ সঙ্গী নহ’ল

 

নাই, দুঃখ কৰিবলৈ কিনো আছে ?

 

হঠাৎ মনৰ ভিতৰত এক অজান অনুৰণন !

ভাৱৰ ৰামধেনু অথবা অনুভৱৰ বৰ্ণালী

ওপৰলৈ চালোঁ ম‍ই ।

আকাশখন দেখোন তাতেই আছে,

যাত্ৰাৰম্ভৰ সময়ত য’ত আছিল ঠিক তাতেই ।

এখন পোহৰ খোদিত আকাশ

য’ত অঁকা আছে তৰা-জোন-হাতীপটি

বেলিৰ লগত লুকা-ভাকু খেলা এজাক শাৰদীয় শুকুলা ডাৱৰ ।

 

তেনেহ’লে ম‍ইতো নিঃসঙ্গ নহ‍ওঁ, সহযাত্ৰী আছে মোৰ

আকাশখন আছে মোৰ স’তে, আছে তৰা-জোন

 

আৰু তাৰো ওপৰত আছে কোনেও নেদেখা

মোৰ সেই মহান সঙ্গী

নিঃসঙ্গ যাত্ৰাত মোৰ সহযাত্ৰী  ।

 

‎(যোৱা ২২ অক্টোবৰত নশ্বৰ দেহ ত্যাগ কৰা মোৰ দেউতাৰ নামত উৎসৰ্গিত, তেখেতৰ নিঃসঙ্গ যাত্ৰাত মোৰ অনুভৱ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!