‘‘নিমিলা অংক’’ – এক মিনিটৰ গল্প (মনোৰঞ্জন মজুমদাৰ)

আমাৰ গাঁওখনৰ সিটো মূৰে নিধিৰাম দেউৰ ঘৰ দেউৰ ঘৰৰ অৱস্থা সিমান এটা ভাল নহয় জোৰাটাপলি মাৰি কোনোমতেহে চলাই আছে সংসাৰখন সংসাৰত মানুহ বুলিবলৈ তিনিটা দেউ, দেউৰ পত্নী আৰু তেওঁৰ যোগালী লিতিকাই বহুদিন দেউৱে পূজাপাতলৰ কাম পোৱা নাই সংসাৰ চলোৱা কঠিন হৈ পৰিছে তেওঁৰ বাবে লিতিকায়েও টুকটাক কৰি হাত খৰছটো উলিয়াই আছে কোনোমতে এদিন হঠাতে দেউলৈ সুখবৰ এটা আহিল মৌজাদাৰৰ ঘৰলৈ বিদেশৰ পৰা বৰপুত্ৰ আহিছে এইবাৰ দেউতাকৰ বছৰেকীয়া তিথিভাগ তেওঁ পাতিব হেনো সেই হেতুকে নিধিৰাম দেউলৈ এই নিমন্ত্ৰণী পত্ৰ পঠিয়াইছে খবৰ পাই দেউ আৰু লিতিকাইৰ দেহত গোসাঁই নাইকিয়া হৈছে মৌজাদাৰৰ ঘৰৰ কাম নিশ্চয় দক্ষিণাধনেৰে দেউক উপচাই দিব তিথিৰ দিনা পুৱাই দেউ আৰু লিতিকাই গাপা ধুই নিকা হৈ মৌজাদাৰৰ ঘৰলৈ ওলাল মৌজাদাৰৰ ঘৰত ব্যাপক আয়োজন চলিছে তাকে দেখি আমাৰ দেউ আৰু লিতিকাইৰ মনত উলাহে নধৰা হৈছে দেউক দেখি গৃহস্থৰ মানুহে তেওঁক আদৰি নিলে যথাসময়ত তিথিৰ কামকাজ সম্পন্ন গৃহস্থৰ পৰিয়ালে দেউৰ সমুখতে আঠু লে মৌজাদাৰৰ বৰপুত্ৰই এখন শৰাইত গামোচা সহিতে বগা ৰঙৰ দীঘলীয়া খাম এটা দেউলৈ বুলি আগবঢ়ালে ‘‘ডাঙৰ মানুহৰ ডাঙৰ কাম’’ এই বুলি ভাবি দেউৱে খামটো হাতেৰে তুলি লে লিতিকায়ে মনতে হিচাপ কৰি চালে যে খামটোত অতি কমেও পাঁচহাজাৰ মান টকাতো থাকিবই সন্ধিয়া সময়ত লিতিকাই সহিতে দেউ ঘৰলৈ বুলি উভতিলে ঘৰলৈ আহি যেতিয়া খামটো খুলি চালে তাতে টকাৰ পৰিৱৰ্তে নীলা ৰঙৰ এখন কাগজ দেখি দেউ আৰু দেউৰ পত্নীয়ে তভক মানিলে লিতিকায়ে ঘটনাটো দেখি তাতে সি নৰলেই চিধাই সি তাৰ লগৰ মণিৰামৰ ওচৰলৈ দৌৰ দিলে মণিৰামে ঘটনাৰ বৃত্তান্ত শুনি মন্তব্য দিলে যে মৌজাদাৰৰ পুতেকে নিশ্চয় লটাৰীৰ টিকট এখন দিছে দেউৰ ভাগ্য ফুলিল ইফালে দেউৱে পাঠশালাৰ ডেকা মাষ্টৰ ৰবীনৰ ঘৰলৈ বুলি ওলাল
দেউ ৰাতিখন যে আহক আহক
বোপা ৰবীন এইখন কি কাগজনো চাই দিয়া চোন ! এইখন চোন দহহাজাৰ টকাৰ বেংকৰ চেক পালে আপুনি ?
এস্ আজি মৌজাদাৰৰ তিথি নাছিল জানো ! তাতে আশীৰ্বাদ দিওঁতে এইখন দিলে মই একো বুজি পোৱা নাই বোপা কি কৰিব লাগিবনো
এইখন ভঙাবৰ বাবে আপুনি বেংকলৈ যাব লাগিব
বোলো আমি আদাবেপাৰীয়ে জাহাজৰ খবৰ কেলৈনো ৰাখিম বেংকত কোনো কালে ভৰি দিয়েই পোৱা নাই বোপা কি কৰা যায় ?
চেকখন চাই চিন্তিত মনেৰে মাষ্টৰে দেউক লে
আপুনি এতিয়া এইখন সাগৰ পাবলৈ এটা পাহাৰ ভাঙিব লাগিব, মানে এই টকা দহহাজাৰ পাবলৈ আপুনি এহেজাৰ টকাৰে বেংকত এটা একাউণ্ট খুলিব লাগিব
ৰবীন মাষ্টৰৰ কথা শুনি নিধিৰাম দেউৰ তালু শুকাই আহিল এহেজাৰ টকা যোগাৰৰ চিন্তাই তেওঁক ব্যাকুল কৰি তুলিলে তেওঁৰ অৱস্থা শিল পৰা কপৌৰ দৰে দুখমনেৰে দেউৱে মাষ্টৰৰ হাতৰ পৰা চেকখন নললে নহয় বাবেহে চেকখন লে আৰু নিজৰ ফিচিকি যোৱা চুৰিয়াখনৰ খোঁচনিত সুমুৱাই লে মনলৈ আহিল যোৱা নিশা লঘোণে থকা অসুখীয়া মানুহজনীৰ শুকান মুখখন গোটেই ঘটনাটো তেওঁৰ বাবে এটা নিমিলা অংক হৈ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!