নিম্ন প্ৰদেশত লিখা থাকে জৰায়ুৰ সেউজীময়তাৰ কাহিনী -জয়ন্ত তালুকদাৰ

সাধাৰণতে কথাবোৰ কাকো কোৱা নাযায়

এইবাৰ বৰষুণৰ পিছত তোমাৰে মোৰে বিয়া
আহিনে ঠোক পেলাইছে চাৰিওফালে
আৰু খালৰ পাৰত বাৰিষাৰ লালুকী এহেজাৰ …

খেতিয়ক সদায় দেউতাক হয়
পথাৰ তেখেতৰ পত্নী, ৰক্ষিতা, প্ৰেমিকা …
যি নামেৰেই নামাতক বৰষুণৰ দিনতেই অন্তঃসত্ত্বা হয় পথাৰ
জৰায়ুত বাঢ়ি আহে কঠিয়া এবেগেত দুবেগেতকৈ …

সেয়াই সেউজীয়া আৰু পথাৰৰ জন্ম কাহিনী
নিম্ন প্ৰদেশত লিখা,
কেতিয়াবা খেতিয়কৰ
কেতিয়াবা পথাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!