নিয়ৰৰ মুকুতা (প্ৰদ্যুত শইকীয়া)

Pradyut Jyoti Saikia

নিয়ৰৰ মুকুতা
বোৱাৰী পুৱাতে
তোমাৰে দুভৰিত ঐ,
ঐ জান
তোমাৰে দুভৰিত ঐ|

ৰৈ থাকিম তোমা্লৈ
ব’হাগৰ আবেলিত
আহিবা বিহুৱান লৈ
ঐ জান
আহিবা বিহুৱান লৈ|

বৰ্হমথুৰিৰ বোলেৰে
ৰঙা কৰা ওঁঠেৰে
আহিবি ত‍ই বিহুলৈ
খামুচীয়া কঁকালটি ঘুৰাবলৈ
ঐ…জান
খামুচীয়া কঁকালটি ঘুৰাবলৈ|

পৰ্বতৰ কপৌফুল
বিছাৰি আনিমগৈ
তোৰ খোপাত গুজিবলৈ
ঐ জান…
তোৰ খোপাত গুজিবলৈ|

হেপাহৰ বিহুটি
আহিছে আমালৈ
মৰমজানৰ বতৰা লৈ
ঐ জান…
মৰমজানৰ বতৰা লৈ

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!