নিষিদ্ধ কিতাপৰ সন্ধান(অজয় লাল দত্ত)

নিষিদ্ধ কিতাপৰ সন্ধান(অজয় লাল দত্ত)

প্ৰস্তাৱনাঃ

আটাইতকৈ সহজ হেনো সৰাপাতৰ জীৱন৷ বতাহ যি ফালেই বলে মাথো উৰি গলেই হল৷ নাই লক্ষ্য, নাই স্বপ্ন৷ সৰাপাতৰ নাই কোনো সেউজীয়া সপোন, নাই বেলিৰ হাতৰ পৰা ৰদৰ কণিকা বুটলি হৰিৎকণাৰ বুকুত সৃষ্টিৰ তাড়না৷ কিছু মানুহৰ জীৱন সৰাপাতৰ, আন কিছুমানৰ জীৱন সেউজীয়া সম্ভাৱনাৰে সমৃদ্ধ৷

পৃথিৱীৰ বতাহ জাকৰ বিপৰীতে গতি কৰাৰ হাবিয়াস লৈ কিছুৱে কলম জোকাৰে৷ চিন্তাই সাৰ পায়, নতুন দিগন্তই মূৰ দাঙি উঠে৷ তেওঁ লোকৰ কলমৰ খচখচনিত নিদ্ৰাভংগ হয় বহুজনৰ সুখৰ শেতেলীত৷ হাজাৰ শস্ত্ৰৰে সু-সজ্জ্বিত শক্তিশালী, কোটি টকীয়া অট্টালিকাৰ পহৰা, সুৰক্ষা, ঢাল, বুলেট প্ৰুফ জেকেট নেওচি তেওঁলোক বিধ্বস্ত হয় শব্দবানত৷ সেয়ে কও তেনে শব্দ- শব্দ ব্ৰহ্ম৷

নিষিদ্ধতাৰ আমেজঃ

আদম-ইভৰ আজো-পৰি নাতি সকলৰ সহজাত বাসনা, নিষিদ্ধ ফলত একামোৰ মাৰি এচকল খোৱাৰ৷ সেয়ে নিষিদ্ধ কিতাপ হৈ পৰে অন্য এক আমেজ, আৰু আমিও হৈ পৰো একামোৰ মৰা নাতি-পুতি৷

কিতাপৰ পৃথিৱীত শাসক বা শক্তিশালী সকল যেতিয়া শব্দ বানৰ প্ৰতি হৈ পৰে সন্ত্ৰস্ত, তেতিয়াই সৃষ্টি হয়, তাক বাধা দিয়াৰ অন্যায় প্ৰয়াস৷ ৱিকিপেডিয়াৰ মতে, সহজতে পাব পৰাৰ বাট-ৰুদ্ধ কৰাকেই হেনো কোৱা হয়, নিষিদ্ধ কৰা৷ অথচ ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সঞ্চালকালয়তো হেনো কোনো অফিচিয়েল নথি নাই৷ যত আপুনি মই বিচাৰি পাব পাৰো ভাৰতত নিষিদ্ধ ঘোষিত কিতাপৰ এক সঠিক তালিকা৷ কিন্তু কিতাপ প্ৰকাশ হৈয়ে আছে, তাৰে পাছে পাছে বিতৰ্ক আৰু তাৰ ফলাফল নিষিদ্ধ ঘোষণা৷

নিষিদ্ধতাৰ ইতিহাসঃ

এই ইতিহাস বহু পূৰণি৷ যীশুৰ জন্মৰ পৰা তৃতীয় শতিকাতে অৰিয়াছে (খ্ৰী ২৫৬-৩৩৬) তেখেতৰ কিতাপ থালিয়া(Thalia) তথা আন ৰচনা, কবিতাৰ মাজত ৰোমান ধৰ্মীয় বিশ্বাসৰ ( Trinitarianism )ৰ বিপৰীত ভাৱধাৰা প্ৰচাৰ কৰাৰ বাবে সমগ্ৰ ৰোমান সাম্ৰাজ্যত নিষিদ্ধ কৰা হৈছিল৷ অৰিয়াছৰ সকলো লেখনি পুৰি পেলাবলৈ আদেশ দিয়া হৈছিল, দেশৰ পৰা নিৰ্বাসন আৰু শেষত তেওঁৰ লেখাৰ বাবেই হত্যা কৰা হৈছিল৷ তেওঁৰ সকলো লেখনিক কেথলিক গীৰ্জাই অনাগত হাজাৰ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল৷

নিষিদ্ধ কিয়?

তাৰ সংজ্ঞাও বেলেগ বেলেগ৷ এই সংজ্ঞা দেশ, পৰিসীমা,শাসক, কাল, মানুহ, চিন্তাৰ প্ৰগতি আদিৰ সতে ভিন্ন ভিন্ন৷ সাধাৰণ দৃষ্টিত যৌনতাৰ কিতাপৰ নিষিদ্ধতা বয়সৰ সীমাত নিৱদ্ধ৷ কিছু লেখা ধৰ্মীয় বিশ্বাস-তথা প্ৰচলিত বিচাৰ ধাৰাৰ বিপৰীতে যোৱাৰ বাবে অগ্ৰহণযোগ্য৷ আন কিছুমান আকৌ ব্যক্তিৰ ছবি বা পৰিচয়ক হানি ওপচোৱাৰ উপক্ৰম কৰাৰ বাবে নিষিদ্ধ ঘোষিত হয়৷

পৃথিৱীৰ ভিন্ন দেশৰ এনে গ্ৰন্থ নিষিদ্ধকৰণৰ কথা অধ্যয়ন কৰিলে কিছুমান কমন কাৰণ বিচাৰি পোৱা যায়৷ যোৱা কেইটা শতিকাত সতকাই দৰ্শোৱা কাৰণ সমূহত সততে ব্যৱহৃত হোৱা শব্দাৱলী এনেধৰণৰ- অতিশয় যৌনতা, যৌন আতিশয্যৰ উন্মোচন, চৰিত্ৰ হনন, বিপ্লৱী ধাৰণা, প্ৰতিবিপ্লৱী চিন্তা, যুদ্ধৰ হকে, যুদ্ধৰ বিপক্ষে মত পোষন, ধৰ্মৰ ৰীতি-নীতিক লৈ মতপোষণ, দুৰ্বলতা উন্মোচন, নাৰী নিৰ্যাতন, সাংঘাতিক অপৰাধৰ কাহিনী, ভূল বাখ্যা, মানৱ অধিকাৰ উলংঘা, দেশৰ আত্ম-সন্মানত আঘাত, শাসকৰ ভণ্ডামি উন্মোচন ইত্যাদি৷

ভাৰতত বেছি ব্যৱহৃত এনে কাৰণ শব্দাৱলীৰ ভিতৰত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী উপাদান, ধৰ্মীয় অনুভূতি, সংখ্যালঘূৰ অনুভূতি, মাওবাদী, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নামী পৰিয়ালৰ ওপৰত আক্ৰমণ অন্যতম৷

 

কিতাপ নিষিদ্ধ কৰণৰ ভিন্ন ৰূপঃ নিষিদ্ধ ঘোষণাৰ ৰূপ বেলেগ বেলেগ হব পাৰে৷

১. কিতাপৰ পুনঃ মুদ্ৰণ বন্ধ কৰাঃ এডলফ হিটলাৰৰ ৰচিত বিতৰ্কিত গ্ৰন্থ ভেইন কেম্ফ (Vein Kamf , 1925) ত থকা ৰাজনৈতিক দৰ্শনৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে ইউৰোপিয়ান ইউনিয়ন, তথা ৰাচিয়ানৰ দেশবোৰত নিষিদ্ধ৷ জাৰ্মানীত আকৌ কিতাপৰ স্বত্বাধিকাৰি এখন মুক্ত ৰাজ্য বেভেৰিয়া৷ বেভেৰিয়ান প্ৰশাসনে এই গ্ৰন্থৰ পুনঃ মুদ্ৰণ হবলৈ নিদিয়ে, অথচ মানুহৰ ওচৰত ইতিমধ্যে থকা কপি সমূহ পঢ়া আৰু বিতৰণত বাধা নাই৷ কিন্তু একেখন কিতাপকে অষ্ট্ৰিয়াত কিতাপখন লগত থকা বা বিতৰণ কৰিলেও নাজী দৰ্শনৰ প্ৰৱক্তা বুলি দহ বছৰ পৰ্যন্ত কাৰাগাৰ বাসৰ শাস্তি বিধান আছে৷

২. কিতাপখনৰ চেন্সৰ ৰূপৰ পুনঃ মুদ্ৰণঃ আমেৰিকাৰ কৰ্নেল এণ্ঠনী চেফাৰৰ অপাৰেচন ডাৰ্ক হাৰ্ট (Operation dark heart, 2010) ক হঠাত আৰ্মীয়ে প্ৰকাশৰ বাবে দিয়া অনুমতি উঠাই লৈ বজাৰত উপলব্ধ প্ৰথম প্ৰকাশৰ ৯৫০০ কপি নিৰাপত্তা বিভাগে সমুদায় কিনি আনি জ্বলাই দিয়ে৷ তাত হেনো ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কে শ্ৰেণীবদ্ধ তথ্যৰ যোগান ধৰা হৈছিল৷ পাছত প্ৰকাশকে চেন্সৰ কৰা দ্বিতীয় সংস্কৰণ মুদ্ৰণ কৰিব লগা হয়৷

৩. পেকেট কৰি বিককঃ ইচ্ছামৃত্যু সম্পৰ্কীয় গ্ৰন্থ পিচফুল পিল হেণ্ডবুক (Peaceful Pill Handbook, 2007)ত ইচ্ছামৃত্যুৰ নিৰ্দেশনা থকা বাবে নিউজিলেণ্ডত বিক্ৰী বন্ধ কৰে৷ পাছত চেন্সৰ কৰা সংস্কৰণ প্লাষ্টিকৰ পেকেটত চীল কৰি বিকাৰ অনুমতি দিয়ে যদিও, পাছত ৰিভিউ কৰি সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰে৷

৪. সাময়িক নিষিদ্ধ কৰণঃ চিভিল ৱাৰৰ সময়ত আংকল টমচ কেবিন (Uncle tom’s cabin, 1852, by Harriet Beecher Stowe) কিতাপখন দক্ষিণ আমেৰিকাত ক্ৰীতদাস-প্ৰথা সৰ্ম্পকীয় আলোচনাৰ বাবে নিষিদ্ধ আছিল৷ আনকি ৰাছিয়াতো নিকোলাচৰ শাসনৰ সময়ত গ্ৰন্থখনত মানুহৰ সমতাৰ জয়গাণ থকা বুলি নিষিদ্ধ কৰি ৰাখিছিল৷

৫. শাসকৰ সলনিঃ পাকিস্তানৰ মিলিটেৰী শাসকৰ দিনত আয়েশা চিদ্দিকিৰ মিলিটেৰী ইনকঃইনচাইড পাকিস্তান মিলিটেৰী ইকনমী গ্ৰন্থখন শাসক সলনি হোৱালৈ নিষিদ্ধ আছিল৷

৬. প্ৰকাশকে নিজে কৰা নিষিদ্ধ কৰণঃ যুগোশ্লভকিয়াত প্ৰকাশ হোৱা ৱাটাৰ চেড নামৰ কিতাপখন তেনে এক উদাহৰণ যাক প্ৰকাশকেই পাছলৈ নিষিদ্ধ ঘোষণা কৰিছিল৷

৭. ৰাজহুৱা লাইব্ৰেৰীৰ পৰা অপসাৰণঃ লিচুৱেল মেৰিজ নামৰ নিক প্ৰনৰ সত্য অপৰাধৰ কাহিনী গ্ৰন্থ খন ভূল বৰ্ণনাৰ অপৰাধত চেণ্ট কেথৰিনৰ সকলো ৰাজহুৱা লাইব্ৰেৰীৰ পৰা যুগলৈ আঁতৰ কৰা হয়৷

৮. সাহিত্যৰ ইতিহাসৰ পৰা নিচিহ্ন কৰণঃ এনে ধৰণৰ চূড়ান্ত নিষিদ্ধ কৰণৰ সন্মুখীন হৈছিল কমিউনিজিম আৰু ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী চেন কংগৱেন(Shen Congwen, 1902-1988)৷তেখেতৰ ৰচনাৱলী টাইৱানত নিষিদ্ধ আছিল৷ মূল চীনৰ প্ৰকাশক গোষ্ঠী সমূহে তেওঁৰ সকলো কিতাপ জ্বলাই পেলাইছিল, তেওঁৰ প্ৰিণ্টিং প্লেটবোৰ ন্ষ্ট কৰি পেলাইছিল৷ এনে সফল আৰু প্ৰৱল নিষিদ্ধকৰণৰ দ্বাৰা চেনৰ নাম আধুনিক সাহিত্যৰ যি কোনো তথ্যৰ পৰা এনেদৰে মচি পেলোৱা হল যাতে তেওঁৰ নামেই আজিৰ প্ৰজন্মই চিনি নাপায়৷

৯. বিপৰীত্যঃ ১৯৮১চনৰ নন্দিন গৰডেমাৰ (Nandine Gordimer)ৰ কিতাপ জুলীজ পিপল নামৰ নিষিদ্ধ গ্ৰন্থখন হেনো এতিয়া স্কুলীয়া পাঠ্যপুথি!

নিষিদ্ধ ঘোষণাৰ তিতা-মিঠা কাহিনীঃ

১. বিশ্বাস কৰিবনে? এলিচ এডভেন্সাৰ ইন ৱানডাৰলেণ্ড কিতাপখনো হেনো একালৰ নিষিদ্ধ গ্ৰন্থ৷ লিৱিছ কেৰলৰ অমৰ শিশু সাহিত্য (১৮৬৫ চনত প্ৰকাশিত) খনক চীনৰ হুনান প্ৰদেশৰ জেনেৰেল হো চীয়েনে নিষিদ্ধ কৰিছিল ৷ তেখেতৰ যুক্তি আছিল, যে জন্তু বোৰৰ মুখত মানৱৰ মাত-কথাই সমগ্ৰ মানৱ জাতিক হেয় কৰিছে৷ আৰু এই লজ্জাজনক কাহিনী তেওঁৰ দেশৰ শিশুৱে শিকাটো হেনো তেওঁ কামনা কৰা নাছিল৷

২. বৰ্ণ-বৈষম্যৰ দিন বোৰত প্ৰকাশ হোৱা ব্লেক বিউটি নামৰ কিতাপখন দক্ষিণ আফ্ৰিকাত নিষিদ্ধ হৈছিল৷ কাৰণ তাত হেনো ব্লেক শব্দটো কিয় লিখিব, ই অপমান জনক!

৩. জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম নামৰ ৰাজনৈতিক ব্যংগত্মাক কিতাপখনৰ চৰিত্ৰত গাহৰিয়ে কথা কোৱা বাবেই আৰৱ দেশ সমূহত নিষিদ্ধ৷

৪. জিন্নাহ অৱ পাকিস্তান (১৯৮২) নামৰ ষ্টেনলী উলপাৰ্ট(Stanely Wolpert)ৰ কিতাপখনত জিন্নাৰ মদ আৰু গাহৰি প্ৰীতিৰ কথা উল্লেখ থকা বাবেই পাকিস্তানত চিৰকালৰ বাবে নিষিদ্ধ৷

৫. দ্যা কিং নেভাৰ স্মাইলচ নামৰ আত্মজীৱনীখনত থাইলেণ্ডৰ ৰজাক উপলুঙা কৰাৰ অপৰাধত নিষিদ্ধ হৈছে৷

কবিতাৰ পৃথিৱীত হউল(Howl) নামৰ এলেন গিনচবাৰ্গৰ কবিতা পুথিখন ১৯৫৭ চনতে প্ৰথম প্ৰকাশৰ সকলো কিতাপ চানফ্ৰান্সিচকো কাষ্টমচে জব্দ কৰে৷ পাছত অভিযোগৰ বিপৰীতে কেচত জয় লাভ কৰাৰ পাছত কিতাপ খনৰ মুক্ত প্ৰচলন হয়৷

অভিধান নিষিদ্ধ কৰণৰ ইতিহাসত য়ুগোশ্লকভিকিয়াৰ অভিধান খনত ভূল শব্দাৰ্থৰ বাবে নিষিদ্ধ হোৱাৰ নজিৰ আছে৷সংখ্যাত বেছি নিষিদ্ধ গ্ৰন্থৰ ভিতৰত জীৱনী, আত্মজীৱনী আৰু উপন্যাসৰ সংখ্যাই সৰহ৷

১৯৪৫ চনত য়ুগোশ্লকভিয়াত কমিক বুক The nickel plated feet gang খনো নিষিদ্ধ কৰা হৈছিল৷

মাৰ্ক্সিষ্ট-লেনিনিষ্ট দৰ্শনৰ বাবেও The Fugitive নামৰ গ্ৰন্থখন ১৯৫০ৰ পৰা ২০০৬ চনলৈ সু-দীৰ্ঘ ৫৬ বছৰ নিষিদ্ধ আছিল৷

ভাৰতত নিষিদ্ধ কিতাপঃ

স্বাধীনতাৰ পাছত ভাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ, যত সকলোৰে নিজস্ব দৃষ্টিভ্ংগী তথা মত প্ৰকাশৰ অধিকাৰ আছে৷ তথাপিও ভাৰততো অনেক স্পৰ্শকাতৰ বিষয় উন্মোচন কৰা কিতাপ সময়ে সময়ে নিষিদ্ধ ঘোষিত হৈ আছে৷ গান্ধী, নেহৰুৰ সমালোচনা, ইচলামৰ সমালোচনা আদি বিষয়ত আজিও সহ্য কৰিব পৰা গুণ ভাৰতীয় গণতন্ত্ৰই আহৰণ কৰিব পৰা নাই৷ কিছু কিতাপ যদিও মুক্ত বজাৰত উপলব্ধ নহয় তথাপি ইণ্টাৰ নেটৰ আমাজান.কম আৰু গুগুল বুকচত ইয়াৰে কিছু বিচাৰি পোৱা যায়৷

ভাৰতত কৰ্পৰেট জালিয়াতীৰ প্ৰধান প্ৰতিস্থাপক, পৃষ্ঠপোষক ধীৰুভাই আম্বানীৰ কৰ্ম-কাণ্ডক উন্মোচন কৰি লিখা গ্ৰন্থ দ্যা পলিয়েষ্টাৰ প্ৰিন্সঃদ্যা ৰাইজ অৱ ধীৰুভাই আম্বানী (১৯৯৮) নামৰ হামিচ মেকডনাল্ডৰ গ্ৰন্থখন ভাৰতত নিষিদ্ধ৷ এইখন কিতাপৰ কথা গুগল বুকচত উল্লেখ আছে যদিও প্ৰিভিউ পৰ্যন্ত উপলব্ধ নোহোৱা কৰি ৰখা হৈছে৷

শেহতীয়াকৈ নেহৰুৰ জী আৰু তেওঁৰ সতি-সন্ততি সকলৰ ওপৰত ইণ্টাৰনেটত উপলব্ধ তথ্যৰ হিন্দী অনুবাদ সংকলিত কৰি ৰচনা কৰা এখন গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰা হৈছে৷ নেহৰুৰ পৰা গান্ধী উপাধিৰে পৰিয়াল কেন্দ্ৰিক শাসনৰ পাতনি মেলা এই বংশৰ চেকুলাৰজিমৰ ওপৰত প্ৰশ্ন তোলা এই কিতাপ খনৰ লেখক ভূপালৰ হৰিৰাম গুপ্তা৷ নেহৰু গান্ধী পৰিবাৰঃ চেকুলাৰ অৰ বৰ্ণ-সংকৰ নামৰ কিতাপখনত শাসক গান্ধী পৰিয়ালক বৰ্ণ-সংকৰ বুলি উল্লেখ কৰি দেশক ধ্বংসৰ মুখলৈ লৈ যাব বিচৰা বুলি লিখাৰ বাবে কিতাপখনক নিষিদ্ধ ঘোষণা কৰি ৰখা হৈছে৷ইয়াত চোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ব্যৱসায়ীক সৰ্ম্পকৰ ওপৰতো অধ্যায় সন্নিবিষ্ট আছে৷ গৃহ মন্ত্ৰালয়ে নেহৰু -গান্ধীৰ চৰিত্ৰ হনন, তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ দোহাই দি আৰু তথ্যৰ ওপৰত আধাৰিত কথা নহয় বুলি কিতাপ খনৰ প্ৰকাশ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে৷

আমিও বৃটিছৰাজৰ পৰা আজিৰ দিনলৈ সময়ে সময়ে ভাৰতত নিষিদ্ধ ঘোষিত কিছু কিতাপৰ তালিকা আৰু তাৰ উপলব্ধতাৰ এক তালিকা তৈয়াৰ কৰিছো৷ আঞ্চলিক ভাষাৰ কিতাপৰ তথ্য এতিয়ালৈ ইয়াত সন্নিবিষ্ট কৰিব পৰা হোৱা নাই৷

যদিও এই তালিকা স্বয়ং-সম্পূৰ্ণ নহয়, তথাপি ই ভাৰতৰ বাক স্বাধীনতাৰ ওপৰত শতিকাজোৰা চলি থকা চেন্সৰ তথা আক্ৰমণক নিঃ-সন্দেহেই সম্পূৰ্ণভাৱে প্ৰতিফলিত কৰিব৷

 

ভাৰতত নিষিদ্ধ কিতাপৰ এখন স্ব-সংগ্ৰহীত তালিকাঃ

নং

কিতাপৰ নাম

লেখক

নিষিদ্ধকৰণ

কাৰণ

উপলব্ধতা

আমাজান.কম

গুগল বুকচ

১.আন আৰ্মড ভিক্টৰী

বাৰ্টাণ্ড ৰাচেল

১৯৬৩

ভাৰতত নিষিদ্ধ

চীন-ভাৰতৰ ১৯৬২চনৰ যুদ্ধৰ অসহনীয় সত্য

২.গ্ৰেট চউলঃ মহাত্মা গান্ধী এণ্ড হিজ ষ্ট্ৰাগল ৱিথ ইণ্ডিয়া(২০১১, জীৱনী)

যোচেফ

লেলিভেল্ড

গুজৰাট আৰু পশ্চিম ভাৰতীয় কিছু ৰাজ্যত

মহাত্মা গান্ধীৰ এক সহকামী সৰ্ম্পক থকাৰ উল্লেখ

৩.ইচলাম-এ কনচেপ্ত অফ পলিটিকেল ৱৰ্ল্ড ইনভেজন(২০০৩, ৰাজনৈতিক দৰ্শন)

আৰ ভি ভাচিন

মহাৰাষ্ট্ৰত ২০০৭ চনত

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টৰ আশংকাত

৪.জিন্নাহঃ ইণ্ডিয়া-পাৰ্টিচন-ইণ্ডিপেণ্ডেনচ (২০০৯, জীৱনী)

যশৱন্ত সিং

গুজৰাটত ২০০৯ত, পাছত হাইকৰ্টে ৰায়দান কৰি প্ৰত্যাহাৰ কৰে

আপত্তিজনক লেখা

৫.নাইন আৱাৰচ টু ৰামা (১৯৬২, উপন্যাস)

ষ্টেনলী ৱোলপাৰ্ট

ভাৰতত নিষিদ্ধ

মহাত্মা গান্ধী হত্যাকাণ্ডৰ দিনা নিৰাপত্তা সুৰুঙাৰ বাবে দায়ী সকলৰ নাম উন্মোচন

৬.ৰঙ্গীলা ৰচুল (১৯২৭, ধৰ্মীয়)

পণ্ডিত চমুপতি

ভাৰত, বাংলাদেশ, পাকিস্তান

ধৰ্মগুৰু তথা ধৰ্মীয় লোকাচাৰৰ আঁৰৰ ভণ্ডামিৰ উন্মোচন

৭.ই চাটানিক ভাৰ্চেজ(১৯৮৮, উপন্যাস)

চলমান ৰুশ্বদি

ভাৰত, বাংলাদেশকে ধৰি বহু দেশত

ইছলামক অপমান, ফতোৱাৰ সন্মুখীন

৮.চফ্ট টাৰ্গেটঃ হাউ দ্যা ইণ্ডিয়ান ইণ্টেলিজেন্স চাৰ্ভিছ পেনিট্ৰটেড কানাডা(১৯৮৯, অনুসন্ধান সাংবাদিকতা)

জুহেইৰ কাশ্মেৰী আৰু ব্ৰিয়ান মেক-এণ্ড্ৰু

ভাৰতত

চোৰাংচোৱা, কৃটনীতিবিদৰ মুখা-খুলি দিয়াৰ বাবে

৯.স্মেচ এণ্ড গ্ৰেৱঃ এনেক্সেচন অৱ চিকিম(১৯৮৪, নন-ফিকচন)

সুনন্দা দত্ত-ৰয়

ভাৰতত, লগতে আইনী হাৰাশাস্তি আৰু লগতে পৃথিৱীৰ কতো বিক্ৰী কৰিব নোৱাৰাৰ ব্যৱস্থা কৰে

স্বাধীন বৌদ্ধ-ধৰ্মী দেশ চিকিমক কেনেকৈ ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ আদেশত ভাৰতে দখল কৰিলে, তাৰ বৰ্ণনা

১০.আণ্ডাৰষ্টেণ্ডিং ইছলাম থ্ৰু হাডিচ(১৯৮২, ইছলাম সমালোচনা গ্ৰন্থ)

ৰাম স্বৰূপ

ভাৰতত নিষিদ্ধ

ইছলামৰ সমালোচনা

১১.এ ষ্ট্ৰাগল বিটুইন টু লাইনচ অভাৰ দ্যা কুৱেশ্বন অফ হাউ টু ডিল ৱিথ আমেৰিকান ইমপেৰিলিজম

ফেন আশ্বিদ-শ্বু

(১৯৬৫), পেকিং

৬ডিচেম্বৰ৬৯

ভাৰতত

আমেৰিকান উপনিবেশবাদ ৰোধৰ বাবে নতুন পথৰ সন্ধান

নাই

আছে

১২.আমেৰিকান মিলিটেৰী এইড টু পাকিস্তান

চালাহুদ্দিন আহমদ

৩১জুলাই ১৯৫৪, ভাৰতত

সামৰিক সহায় আৰু তাৰ বিনিময়ত কি দিব লাগিব তাৰ আঁৰৰ কাহিনী

নাই

১৩.বিহাণ্ড দ্যা আইৰণ কাৰটেইন ইন কাশ্মীৰ-নিউট্ৰেল অপিনিয়ন

জগন নাথ চাহু

২৭ আগষ্ট১৯৫০, ভাৰতত

কাশ্মীৰৰ স্পৰ্শকাতৰ বিষয়ৰ আলোকপাত

আছে

আছে

(প্ৰিভিউ নাই)

১৪.কেপ্তিভ কাশ্মীৰ

আজিজ বেইগ

১৯ এপ্ৰিল ১৯৫৮, ভাৰত

কাশ্মীৰৰ বন্দ্বীত্বৰ বাণী

আছে

আছে

১৫.ডাৰ্ক আৰ্জ

ৰৰ্বাট টেলৰ

২৯ আগষ্ট১৯৫৮

আছে

নাই

১৬.আৰলি ইচলাম এণ্ড দ্যা ট্ৰু-ফুৰকানঃ দ্যা টুৱেণ্টি ফাষ্ট চেনচুৰী কোৰাণ

ডেচমণ্ড ষ্টিৱাৰ্ড

ভাৰতত

২৮ মে ২০০৫

একৈশ শতিকাৰ আহ্বানত কোৰাণৰ আঁসোৱাহৰ সন্ধান

আছে

আছে

১৭.দ্যা হিন্দু হেভেনঃ দ্যা লেণ্ড অৱ লিংগম

মেক্স উইলি

(Max Wylie)

ভাৰতত

২৮এপ্ৰিল ১৯৩৫

আছে

আছে

১৮.ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্চ

চাৰ্লচ বেটেলহেম

ভাৰতত

১৫মে ১৯৭৭

ভাৰতীয় স্বাধীনতাক উপহাস

আছে

আছে

১৯.নেহৰুঃ এ পলিটিকেল বায়গ্ৰাফি

মাইকেল এডৱাৰ্ড

ভাৰতত

১৩ডিচেম্বৰ১৯৭৫

নেহৰুৰ আঁৰৰ কাহিনীৰ সন্ধান

আছে

আছে

২০.অল্ড চলজাৰ চাহিব

ফ্ৰেংক ৰিচাৰ্ডচ

ভাৰতত

২২ আগষ্ট১৯৩৬

ভাৰতত চাকৰি কৰা বৃটিছ সৈনিকৰ সচক্ষু ঘটনাৱলী

আছে

আছে

২১.শিৱাজীঃ হিন্দু কিং ইন ইচলামিক

জেমচ উইলিয়াম লেইন

মহাৰাষ্ট্ৰত নিষিদ্ধ

শিৱাজী সৰ্ম্পকে সমালোচনা

আছে

আছে

২২.দ্যা ইভলিউচন অফ দ্যা বৃটিছ এম্পায়াৰ এণ্ড কমনৱেল্থ ফ্ৰম দ্যা আমেৰিকান ৰিভলিউচন

আলফ্ৰেড লী ৰে বাৰ্ট

৯আগষ্ট ১৯৬৯

নানিবলগীয়া কথা পোহৰলৈ অনাৰ বাবে

আছে

আছে

২৩.দ্যা ফেচ অৱ মাদাৰ ইণ্ডিয়া

কেথেৰিন মায়’

১১মাৰ্চ ১৯৫৯

আছে

আছে

২৪.দ্যা হাৰ্ট অৱ এণ্ডিয়া

আলেকজেণ্ডাৰ কেম্পবেল

১১মাৰ্চ১৯৫৯

আছে

আছে

২৫.দ্যা জুৱেল ইন দ্যা লটাচ

এলেন এডৱাৰ্ড

২০জুলাই১৯৬৯

পূৱৰ যৌন-সংস্কৃতিৰ ঐতিহাসিক চাৰ্ভে

আছে

আছে

২৬.দ্যা মেন ফ্ৰম মস্কো

গ্ৰেভিল্লে ৱিন্নী

১৯৭০

আছে

আছে

২৭.দ্যা ৰামায়ণ

অউৰব্ৰে মেনেন

২৯চেপ্তেম্বৰ১৯৫৬

আছে

আছে

২৮.হোৱাট হেজ ৰিলিজন ডান ফৰ মেনকাইণ্ড

ৱাটচ টাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চচাইটি, নিউয়ৰ্ক

২৬ফ্ৰেব্ৰু ১৯৫৫

আছে

আছে

২৯.হো কিলড গান্ধী

লৰেঞ্চ ডি চাডভাণ্ডৰ

২৯ডিচেম্বৰ১৯৭৯

নাই

আছে

৩০.লজ্জ্বা (১৯৯৩)

আমাৰ মেয়ে বেলা(২০০৩)

উতল হাউড়া(২০০২)

তচলিমা নাচৰিণ

বাংলাদেশ আৰু ভাৰতৰ কিছু ৰাজ্যত

নাৰীৰ মুক্ত যৌনতাৰ ছবি, যৌন শোষনৰ ভণ্ডামী উন্মোচন, নাৰী-মুক্তিৰ কথাৰ বাবে

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!