নিৰ্বাচনী চিঞাহী — মৃদুল কুমাৰ শৰ্মা

কথাতে কোৱা হয় যে গণতন্ত্ৰত ৰাইজেই ৰজা৷ গণতান্ত্ৰিক দেশ এখনত নাগৰিকে নিৰ্বাচনত ভোটৰ সহায়েৰে জনপ্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সাধাৰণতে সেই প্ৰতিনিধিৰ সংখ্যাগৰিষ্ঠসকলে চৰকাৰ গঠন কৰে আৰু সংখ্যালঘিষ্ঠসকলে বিৰোধীৰ আসনত বহে৷

অসীম গুৰুত্বপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰি তাক সুকলমে সমাপন কৰাৰ দায়িত্ববাহী সংস্থা ’নিৰ্বাচন আয়োগ’ৰ গুৰুত্বও সেয়ে অপৰিসীম৷ নিৰ্বাচন পাতিলেই নহ’ব; তাক নিকা আৰু স্বচ্ছ কৰি ৰাখিবও লাগিব৷ আৰু সেই দায়িত্বও নিৰ্বাচন আয়োগৰেই৷ ভাৰতৰ দৰে এখন জনবহুল দেশত নিৰ্বাচন অনুষ্ঠিত কৰাটো এক অত্যন্ত ব্যয়বহুল আৰু শ্ৰমনিৰ্ভৰশীল কাৰ্য৷ সেয়েহে প্ৰতিটো সৰু বৰ নিৰ্বাচনত বিভিন্ন চৰকাৰী-বেচৰকাৰী লোকে নিৰ্বাচন আয়োগৰ হৈ কাম কৰিবলগা হয়৷

নিৰ্বাচনৰ এক মূল পৰ্যায় হ’ল ভোট দিয়া পৰ্বটো৷ এই পৰ্বটো যাতে সুকলমে আৰু নিকাভাৱে হয় তাৰবাবে ভাৰতৰ নিৰ্বাচন আয়োগে কিছুমান কটকটীয়া নীতি-নিয়ম বান্ধি দিছে আৰু নিৰ্বাচন বিষয়াসকলক সেইবোৰ আখৰে আখৰে পালন কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়ে৷ তেনে এক নিয়ম হ’ল ভোটদাতাৰ বাঁওহাতৰ তৰ্জনী আঙুলিত (Index finger of left hand) মচ নোখোৱা চিঞাহীৰে (Indelible ink) দাগ লগাই দিয়াটো৷

কিয় লগোৱা হয় এই দাগ?

  • এই দাগটি যিহেতু মচ নাখায়, কোনোবা ভোটদাতাই নিজে এবাৰ ভোট দি উঠিও আকৌ প্ৰতাৰণামূলকভাৱে অইন এগৰাকী ভোটদাতাৰ হৈ ভোট দিব যাতে নোৱাৰে৷ ইয়াত দুটা কথা হ’ব পাৰে- এক) এজনে নিজে নিজৰ ভোট দিব নোৱাৰি বেলেগৰ ভোট দিব পাৰে৷ ধৰক, কাৰোবাৰ ভোটাৰ তালিকাত নাম নাই কিন্তু বেলেগৰ হৈ দিছে ভোট৷ দুই) নিজে এবাৰ দি উঠিও অইন কোনো ভোটদাতাৰ ভোটটো দিব পাৰে৷ যিগৰাকী ব্যক্তিৰ হৈ ভোট দিয়ে সেইগৰাকী হয়তো মৃত হ’ব পাৰে, অনুপস্থিত থাকিব পাৰে, অথবা ব্যক্তিগৰাকী ভোটদান কেন্দ্ৰ আহি পোৱাৰ আগতেই আনজনে ভোট দি যাব পাৰে৷

সেয়েহে এজন ব্যক্তিয়ে ইতিমধ্যে ভোট দিছে নেকি তাক নিশ্চিত কৰাৰ বাবে এই মচ নোখোৱা চিঞাহীৰে দাগ দিয়া হয়৷

কোনে লগায় এই দাগ?

  • ভোটদান কেন্দ্ৰত দ্বিতীয়গৰাকী প’লিং বিষয়াই এই দাগটি লগাই দিয়ে৷

কি থাকে এই চিঞাহীবিধত?

  • এই চিঞাহীবিধৰ ৰং বেঙেনাবুলীয়া বা বেঙুনীয়া (Purple/ violet). ইয়াত সাতৰ পৰা পঁচিশ শতাংশলৈকে ছিলভাৰ নাইট্ৰেট (Silver Nitrate, AgNo3) থাকে যি পোহৰৰ অতিবেঙুনীয়া (Ultraviolet) ৰশ্মিৰ সংস্পৰ্শলৈ আহি দাগটো স্থায়ী কৰি তোলে৷

কিমান দিন থাকে এই দাগটো?

  • ছালত লগা দাগটো সাধাৰণতে তিনি-চাৰি দিনৰ ভিতৰত নাইকিয়া হৈ যায়৷ কিন্তু নখ আৰু নখৰ গুৰিত থকা মৰা ছাল (Cuticle) ত লগা দাগটো সম্পূৰ্ণভাৱে নাইকিয়া হ’বলৈ পোন্ধৰ দিনৰ পৰা এমাহলৈকে সময় লাগে৷

কোনে তৈয়াৰ কৰে এই চিঞাহীবিধ?

  • মাইছোৰ পেইণ্টছ এণ্ড বাৰ্নিছ লিমিটেড (Mysore Paints and Varnish Limited) নামৰ কৰ্ণাটক চৰকাৰৰ অধীনস্থ এক প্ৰতিষ্ঠানে এই চিঞাহীবিধ তৈয়াৰ কৰি বিক্ৰী কৰে৷ আৰু গোটেই ভাৰতবৰ্ষত এওঁলোকেই একমাত্ৰ অনুমোদিত প্ৰতিষ্ঠান যাৰ পৰা নিৰ্বাচন আয়োগে এই চিঞাহী কিনে৷

কেতিয়াৰ পৰা এই দাগ লগোৱা প্ৰথাটি বলবৎ কৰা হ’ল?

  • ১৯৬২ চনত আইন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ভৌতিক গৱেষণাগাৰ (National Physical Laboratory) আৰু ৰাষ্ট্ৰীয় গৱেষণা বিকাশ নিগম (National Research Development Corporation) ৰ সহযোগত নিৰ্বাচন আয়োগে মাইছোৰ পেইণ্টছৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে৷ এই চুক্তিমৰ্মে কোম্পানীটোৱে নিৰ্বাচন আয়োগক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে মচ নোখোৱা চিঞাহীৰ যোগান ধৰিব৷ তেতিয়াৰ পৰাই এই কোম্পানীটোৱে ভাৰতৰ সকলো পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই বিশেষ চিঞাহীবিধ যোগান ধৰি আহিছে৷ এওঁলোকে পৃথিৱীৰ ৩০ খনৰো অধিক দেশলৈ এই চিঞাহী যোগান ধৰে৷

১৯৩৭ চনত সেই সময়ৰ মহীশুৰৰ মহাৰজা নলৱাডি কৃষ্ণৰজা ৱোডেয়াৰে এই সংস্থাটি স্থাপন কৰিছিল স্থানীয় লোকক সংস্থাপন দিয়াৰ উদ্দেশ্যে৷ এই সংস্থাটিয়ে বিশেষ ধৰণৰ মম প্ৰস্তুত কৰাৰ লগতে যুদ্ধৰ টেংকৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক ৰঙৰো যোগান ধৰি আহিছে৷

ক’ত লগাব লাগে এই দাগ?

  • নিৰ্বাচন আয়োগে ২৩ মাৰ্চ’ ২০১৫ চনত ভাৰতৰ প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ’মুখ্য নিৰ্বাচনী বিষয়া’লৈ (Chief Electoral Officer) জাৰী কৰা জাননীমৰ্মে (নম্বৰ: 54/2/2015-EMS, Dated: 23rd March, 2015 ), প্ৰতি ভোটাৰৰ বাঁওহাতৰ তৰ্জনী আঙুলিত ব্ৰাছৰ সহায়ত এই চিঞাহীৰে দাগ দিব লাগিব আৰু ভোটদাতাই বেলট বুটাম (ইভিএমৰ বুটাম) টিপাৰ সময়লৈকে এই দাগ অক্ষুণ্ণ থাকিব লাগিব৷ এই চিঞাহী কেৱল Mysore Paints and Varnish Limited এ যোগান ধৰা হ’ব লাগিব৷

কেনেকৈ লগাব লাগে এই দাগ?

  • ওপৰত উল্লিখিত জাননীয়ে স্পষ্ট নিৰ্দেশ দিছে যে দাগটো তৰ্জনী আঙুলিৰ নখৰ একেবাৰে ওপৰৰ পৰা আঙুলিৰ পাবটো য’ত শেষ হয় তালৈকে লগাব লাগিব৷ চিত্ৰ (১) চাওক৷

যদি কাৰোবাৰ তৰ্জনী আঙুলিটো নাথাকে ক’ত লগাব?

  • যদি কোনো ভোটদাতাৰ তৰ্জনী আঙুলিটো নাথাকে (যিটো বিভিন্ন কাৰণত যেনে দুৰ্ঘটনা, বেমাৰ আদিৰ ফলত হ’ব পাৰে) তেন্তে বাঁওহাতৰ অইন আঙুলিত দাগটি দিব লাগিব৷ যদি বাঁওহাতত এটাও আঙুলি নাথাকে তেন্তে সোঁহাতৰ তৰ্জনীত দিব লাগিব৷ যদি, সোঁহাতৰ তৰ্জনী নাথাকে তেন্তে বাঁওহাতৰ নিয়মৰ দৰে বেলেগ আঙুলিত লগাব লাগিব আৰু যদি দুয়োখন হাতত এটাও আঙুলি নাথাকে তেন্তে যিকোনো এখন হাতৰ আৰম্ভণি অংশত লগাব লাগিব৷

পুনৰ্নিবাচনৰ ক্ষেত্ৰত কি হ’ব?

  • যিহেতু এই চিঞাহী প্ৰায় এমাহলৈকে মচ নোখোৱাকৈ থাকিব পাৰে, মূল নিৰ্বাচনৰ ঠিক পিছে পিছে যদি পুনৰ্নিবাচন হয় তেন্তে চিঞাহী বাঁওহাতৰ তৰ্জনী আঙুলিৰ সলনি মধ্যমা আঙুলিত লগাব লাগিব৷

যদি দুটা নিৰ্বাচন উপৰাউপৰি হয় কি হ’ব?

  • যেনে, লোকসভা নিৰ্বাচন আৰু কোনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন যদি একেসময়তে হয় তেন্তে পুনৰ্নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নিয়মেই খাটিব৷

যদি কোনোবাই দাগ লগাব নিবিচাৰে?

  • নিৰ্বাচন আয়োগে প্ৰিজাইডিং বিষয়াসকলৰ বাবে প্ৰস্তুত কৰা হাতপুথিৰ (Handbook for Presiding Officers) 49K ধাৰাৰ ২ নং অনুচ্ছেদত এইদৰে লিখা আছে যে-

ক) যদি কোনো ভোটদাতাই তেওঁৰ বাঁওহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰাত অথবা চিঞাহী লগোৱাত বাধা দিয়ে বা ইতিমধ্যে তাত দাগ লাগিয়েই আছে বা দাগ মচিবলৈ চেষ্টা কৰাৰ প্ৰমাণ আছে বা

খ) নিজৰ পৰিচয় পত্ৰ দেখুৱাবলৈ বিফল বা অসমৰ্থ হয় তেন্তে তেওঁক ভোটদান কৰিব দিব নালাগে৷ (অৱশ্যে পুনৰ্নিৰ্বাচন বা দ্বৈত নিৰ্বাচনৰ বাবে যদি ইতিমধ্যে দাগ লাগি আছে তেন্তে কথা সুকীয়া)

দুটামান আনুষংগিক কথা:

১) ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে ২৬ লাখ বটল চিঞাহী ক্ৰয় কৰিছে৷ ২০১৪ চনত ২১.৫ লাখ বটল কিনা হৈছিল৷ এইবাৰৰ নিৰ্বাচনত প্ৰায় ৯০ কোটি ভোটদাতাৰ বাবে প্ৰায় ১০ লাখ ভোটগ্ৰহণ কেন্দ্ৰত বটলসমূহ বিতৰণ কৰা হৈছে৷

২) এটা বটলত ১০ মিলিলিটাৰ চিঞাহী থাকে৷

৩) ২০১৫ চনত ব্ৰাছৰ সলনি একেই ক’ম্পেনীয়ে প্ৰস্তুত মাৰ্কাৰ কলমৰ ব্যৱহাৰ কৰাৰ কথা ওলাইছিল কিন্তু অদ্যাপি কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷

৪) ভোটদাতাৰ চিনাক্তকৰণ হোৱাৰ পিছত লিখিব জনা লোকৰ পৰা চহী আৰু লিখিব নজনা লোকৰ পৰা চিপচহী লোৱা হয়৷ অৱশ্যে আজিকালি সময় বচাবলৈ কলমেৰে চহী কৰাৰ সলনি টিপচহী লোৱা হয়৷ আগতে টিপচহী লোৱাৰ পিছত আঙুলিত চিঞাহী লগোৱা হৈছিল৷ এনে ক্ষেত্ৰত চিঞাহী লগোৱা আৰু ভোট দিয়াৰ মাজৰ সময়ৰ ব্যৱধান কমি যায় আৰু মচি দিলে মচ খাই যোৱাৰ সম্ভাৱনা থাকে কাৰণে আজিকালি চিঞাহী লগাই উঠাৰ পিছতহে টিপচহী লোৱা হয় যাতে কিছু বেছি সময় পোৱা যায় চিঞাহীৰ দাগটো ভালদৰে লাগি উঠাৰ বাবে৷

৫) ২০১২ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচন আয়োগে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ জাৰী কৰা জাননী নং 51/8/7/2011-EMOPS মৰ্মে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত কপাহী কাপোৰ বা ডাষ্টাৰৰ সহায়েৰে চিপচহীৰ দাগ মচি দিয়াৰ ব্যৱস্থা কৰিব লাগে ভোটদাতাজনে বেলট যন্ত্ৰৰ বুটাম টিপাৰ আগেয়ে৷ ইয়াৰ কাৰণটো হ’ল কোনোবাই যদি বাঁওহাতৰ বুঢ়া আঙুলিৰে বুটাম টিপে তেন্তে বুটামটিত দাগ ৰৈ যাব পাৰে আৰু ই গোপনীয়তা ভংগৰ কাৰক হ’ব পাৰে৷

৬) এইবছৰৰ এপ্ৰিলৰ ১৮ তাৰিখে চেন্নাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত দক্ষিণ ভাৰতৰ প্ৰখ্যাত অভিনেতা ৰজনীকান্তৰ সোঁহাতৰ তৰ্জনী আঙুলিত চিঞাহীৰ দাগ লগোৱা ঘটনাটোকলৈ কিছু হৈ চৈৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জিলা নিৰ্বাচনী বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰিছে৷

৭) ’চিঞাঁহী’ শব্দটো ভুল৷ ’চিঞাহী’ বা ’চিয়াঁহী’হে শুদ্ধ৷ ’ঞ’ অনুনাসিক বৰ্ণ কাৰণে ইয়াৰ ওপৰত চন্দ্ৰবিন্দু নাখাটে৷

★★★

তথ্যসূত্ৰ:

★ Handbook for Presiding Officers

★ ভাৰতীয় নিৰ্বাচন আয়োগৰ জাননী নং- 54/2/2015-EMS, Dated: 23rd March, 2015

★ ভাৰতীয় নিৰ্বাচন আয়োগৰ জাননী নং- 51/8/7/2011-EMOPS Dated: 10th February, 2011

★ https: //timesofindia.indiatimes.com/elections/lok-sabha-elections-2019/tamil-nadu/news/indelible-ink-applied-on-rajinikanths-right-index-finger-ec-seeks-report/articleshow/68952845.cms

★ https: //www.thehindubusinessline.com/news/voters-ink-marker-pen-likely-to-replace-bottle-amp-brush/article7905288.ece

★ https: //www.firstpost.com/politics/lok-sabha-election-2019-what-is-indelible-ink-why-is-it-used-in-polls-and-who-manufactures-it-6429381.html

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!