নীলকণ্ঠ ( বি কে লহকৰ )

Neel Kontha_BK Lahkar

শীতবোৰ বৰফ হ’ল জাৰ আৰু বেজাৰত৷
স্মৃতিবোৰ নিৰ্বাক আৰু সপোনবোৰ মৰিশালি৷
ৰ’দ আৰু হাঁহি একোৱেই ভাল নালাগে মোৰ৷
মদাৰ ফুল মোৰ প্ৰিয়৷
বৰষুণৰ মালিতা নিলিখো আজিকালি,
উকা কাগজত মাথো চিগাৰেটৰ ৰুক্ষ আঁক বাঁক৷
বচ্, ভুলটো সেইখিনিতে আছিল মোৰ,
নৈপৰীয়া মাটিত বানপানীৰ ঠিকনা মোৰ হেঁপাহৰ ফচল৷
তুমি হাঁহিছা, …….
তোমাৰ দুচকুৰ শেতা ৰং মোৰ শূন্যতাৰ বিষোদগাৰ৷
আৰু কিমান ৰং চাবা, ….
তুমি এবুকু হালধীয়া দিলেও
মই সেউজীয়া হইয়ে ৰ’ম৷
হয়তো পাহৰি গ’লা, মই গোপনে সাঁচি ৰখা নীলাবোৰ৷
সেই নীলা পান কৰি মই হৈ ৰ’ম নীলকণ্ঠ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!